বিশেষ বাৰ্তা, ২০ অক্টোবৰঃ আজি গাজিয়াবাদৰ দিল্লী-গাজিয়াবাদ-মীৰুট পথত চলি থকা ৰেপিডেক্স ৰে’লখনৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে তেওঁৰ সৈতে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দিল্লী-মীৰুট আৰ আৰ টি এছ কৰিডৰৰ ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ অগ্ৰাধিকাৰ অংশ উদ্বোধন কৰে, যাৰ ফলত অঞ্চলটোৰ যাত্ৰা সহজ হৈ পৰিব। চাহিবাবাদ আৰু দুহাই ডিপো ষ্টেচন সংযোগী ‘নমো ভাৰত’ ৰে’লখন মোদীয়ে ফ্লেগ অফ কৰি ভাৰতত ‘আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম’ (আৰ আৰ টি এছ) আৰম্ভ কৰে। এই ৰেল ঘণ্টাত ১৮০ কিলোমিটাৰ বেগত চলিব পাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰে’লখনৰ যাত্ৰী আৰু ক্ৰু মেম্বাৰৰ সৈতেও কথা পাতে। দিল্লী-গাজিয়াবাদ-মীৰুট আৰ আৰ টি এছ কৰিডৰৰ চাহিবাবাদ ষ্টেচনত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। এই কৰিড’ৰ সম্পূৰ্ণ হোৱাৰ পিছত দিল্লী-মীৰুটৰ মাজত যাত্ৰাৰ সময় এঘণ্টাৰো কমলৈ হ্ৰাস কৰা হ’ব। কাইলৈ পৰা যাত্ৰীসকলৰ বাবে ভাৰতৰ প্ৰথমটো অৰ্ধ-উচ্চবেগী আঞ্চলিক ৰে’ল সেৱা উপলব্ধ কৰা হ’ব। এই ৰেলখনত চিচিটিভি কেমেৰা, ইমাৰ্জেন্সি দুৱাৰ, চাৰ্জিং পইণ্ট, কোচ এটেণ্ডেণ্টকে ধৰি বহুতো আধুনিক সা-সুবিধা আছে।
#বাৰ্তা ডিজিটেল ডেক্স