নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ জুন : বোকাখাতৰ যুৱতী অধিবক্তা নম্রতা বৰা-ৰ ৰহস্যজনক মৃত্যুক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ ঘটনাটো সংঘটিত হোৱাৰ সাত দিন সম্পূর্ণ হ’বৰ হ’ল যদিও আজি পর্যন্ত যুৱতী অধিবক্তাগৰাকীৰ মৃত্যু ৰহস্য পোহৰলৈ অহা নাই৷
উল্লেখ্য যে মেঘালয়ৰ ৰিভ’ই জিলাৰ এছএছপি বিবেকানন্দ সিং ৰাথোৰৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে দিছপুৰ আৰক্ষীৰ সহযোগত ৰুক্মিণীগাঁৱৰ নেহা এপার্টমেণ্টত তালাচী চলায়৷ আন দুগৰাকী যুৱতীৰ সৈতে উক্ত এপার্টমেণ্টটোত দীর্ঘসময় ধৰি ভাৰাতীয়া হিচাপে আছিল নম্রতা বৰা৷
প্রায় এঘণ্টাজোৰা তালাচী অভিযানটোত আৰক্ষীয়ে জব্দ কৰা মৃত নম্রতা বৰাৰ আইফোনটোক লৈও সৃষ্টি হৈছে চাঞ্চল্য৷ সম্প্রতি মেঘালয় আৰক্ষীৰ চাইবাৰ কোষে জব্দ কৰা ম’বাইলটো তন্ন তন্নকৈ পৰীক্ষা কৰি আছে৷ আৰক্ষী সূত্র এটাই সদৰী কৰা মতে জব্দকৃত আইফোনটো সঠিকভাৱে পৰীক্ষা কৰিলেই সকলো ৰহস্যৰ সমাধান হ’ব৷
কিয়নো হোমষ্টেৰ নামত কৌশলেৰে যৌনতাৰ বেহা চলোৱা মৃগাংক বৰুৱা আৰু প্রজ্ঞা দিহিঙীয়াৰ অন্যতম ঘনিষ্ঠ আছিল নম্রতা বৰা৷ যদিও মৃগাংক–প্রজ্ঞাই বিগত দেৱালীৰ পৰাহে নম্রতা বৰাৰ সৈতে চিনা–পৰিচয় হোৱাৰ দাবী কৰিছে, আৰক্ষীয়ে কিন্তু দুয়োৰে ভাষ্যক সহজভাৱে ল’ব পৰা নাই৷
বিগত বহুদিনৰ পৰাই দুয়োজনৰ সৈতে নম্রতা বৰাৰ চিনা–পৰিচয় আছিল৷ সূত্রটোৱে জানিবলৈ দিয়া মতে মৃগাংক–প্রজ্ঞাৰ হোমষ্টেত অনৈতিক কার্য সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ তদন্তৰ সময়ছোৱাত আৰক্ষীয়ে এই সন্দর্ভত বহু তথ্য লাভ কৰিছে৷ মৃগাংক–প্রজ্ঞাৰ এই অনৈতিক কার্যৰ সৈতে কিবা প্রকাৰে নম্রতাও জড়িত হৈ পৰিছিল নেকি বা জড়িত কৰাৰ চেষ্টা চলোৱা হৈছিল নেকি সেয়াও তদন্তৰ আওতাত ৰখা হৈছে৷
অপেক্ষা মাথোঁ নম্রতা বৰাৰ আইফোনটোৰ পৰীক্ষাৰ প্রতিবেদন অহালৈ৷ যি কি নহওক যুৱতী অধিবক্তা নম্রতা বৰাৰ মৃত্যুৰ আঁৰত যে এক ভয়ংকৰ ষড়যন্ত্র জড়িত হৈ আছে সেই সন্দর্ভত একপ্রকাৰ নিশ্চিত হৈ পৰিছে অসম তথা মেঘালয় আৰক্ষী৷