নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মগজুত গুৰুতৰ আঘাতৰ বাবেই হৈছিল নম্রতাৰ অকাল মৃত্যু

🔹 মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত ফাদিল ভয়ংকৰ তথ্য

🔹 মূৰৰ আঘাতপ্রাপ্ত স্থানত আছিল কাঁচৰ টুকুৰা

🔹বাৰম্বাৰ ভাষ্য সলাইছে আনায়াতুল–গায়ত্রী–মৃগাংক–প্রজ্ঞাই

বিশেষ বাৰ্তা, ১৬ জুন : সূর্যোদয়ৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ চাৰি বন্ধুৰ সৈতে মাজনিশা গুৱাহাটীৰ পৰা মেঘালয়ৰ নংপো অভিমুখে যাত্রা কৰা বোকাখাতৰ যুৱতী অধিবক্তা নম্রতা বৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই আজি ১৩ দিন অতিক্রম কৰিলে৷ যোৱা তিনি জুনৰ পুৱতিনিশা নংপোত সংঘটিত হৈছিল দুর্ভাগ্যজনক ঘটনাটো৷ সাধাৰণ দৃষ্টিত বর্তমানলৈকে যুৱতী অধিবক্তাগৰাকীৰ মৃত্যুৰ কাৰণ দুর্ঘটনাজনিত বুলিয়েই আৰক্ষীয়ে সন্দেহ কৰিলেও শেহতীয়াকৈ অহা মৰণোত্তৰ প্রতিবেদনে পুনৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ৷

আৰক্ষীৰ হাতত পৰা প্রতিবেদনখনৰ তথ্য অনুসৰি, যুৱতী অধিবক্তাগৰাকীৰ মৃত্যুৰ কাৰণ হিচাপে মগজুত অতি গুৰুতৰ আঘাত অন্যতম কাৰক হিচাপে অভিহিত কৰা হৈছে৷ তাৎপর্যপূর্ণভাৱে দুর্ঘটনাটো সংঘটিত হোৱাৰ পাছত মৃত নম্রতা বৰাৰ মূৰৰ বাঁওফালে ফাটি যোৱা অংশৰ ভিতৰত দেখা গৈছিল কেতবোৰ কাঁচৰ টুকুৰা৷ শেহতীয়াকৈ নম্রতাৰ পিতৃ ৰমেন কুমাৰ বৰায়ো সম্পূর্ণ ঘটনাটো সাধাৰণ দুর্ঘটনা নহয় বুলি দাবী কৰি অহাৰ লগতে চাৰি বন্ধুৱে মূৰত কাঁচৰ বটলেৰে মৰিয়াই নম্রতাক হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ এই সন্দর্ভত আৰক্ষীৰ উচ্চস্তৰীয় সূত্র এটাৰ পৰা জানিব পৰা মতে, যিহেতুকে যুৱতীগৰাকীৰ মূৰৰ ফাটি যোৱা অংশৰ ভিতৰত বহুকেইটা কাঁচৰ টুকুৰা পোৱা গৈছে, গতিকে স্বাভাৱিকতে এইক্ষেত্রত কিছু সন্দেহৰ অৱকাশ নথকা নহয়৷ অৱশ্যে মৃতদেহৰ পৰা উদ্ধাৰ হোৱা কাঁচৰ টুকুৰাকেইটা ভগা বটলৰ টুকুৰা নে নম্রতাই উঠি যোৱা গাড়ীখনৰ গ্লাছৰ টুকুৰা, সেয়া ফৰেনছিক পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব৷

অসমর্থিত সূত্র এটাই সদৰী কৰা মতে, ঘটনাৰ দিনা দুর্ঘটনাত পতিত হোৱা গাড়ীখনৰ ভিতৰত কেইবাটাও ভগা গ্লাছৰ বটল পোৱা গৈছিল৷ তদুপৰি ঘটনাটোৰ পিছত নম্রতাৰ চাৰি বন্ধু ক্রমে আনায়াতুল ৱাডুড, গায়ত্রী বৰা, মৃগাংক বৰুৱা আৰু প্রজ্ঞা দিহিঙীয়াই সেইদিনা কোনোজনেই সুৰাপান নকৰা বুলি সংবাদ মাধ্যমৰ আগত স্বীকাৰোক্তি দিছিল যদিও অসমর্থিত সূত্রটোৰ মতে, চাৰি বন্ধুৱে ঘটনাটোৰ সময়ত অত্যধিক সুৰাসক্ত আছিল৷ আনকি আহত নম্রতাক হাস্পতাললৈ নিবলৈ মৃগাংক আৰু প্রজ্ঞাই আন গাড়ীৰ পৰা সহায় বিচৰাৰ সময়তো দুয়োজনৰ মুখৰ পৰা নির্গত উৎকট সুৰাৰ দুর্গন্ধৰ বাবে বহু গাড়ীয়ে সহায় কৰাৰ সলনি গালি–শপনি পাৰিহে আঁতৰি গৈছিল৷ অঞ্চলটোৰ স্থানীয় লোকেও সুৰাসক্ত যুৱক–যুৱতীকেইগৰাকীক নানা অকথ্য ভাষাৰে সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে গালি–গালাজহে পাৰিছিল৷ তাৎপর্যপূর্ণভাৱে অকল মূৰৰ অংশতেই নহয়, নম্রতাৰ দেহৰ বাঁওফালৰ বিভিন্ন অংশত বহুকেইটা আঘাতৰ চিন আছিল বুলি মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত প্রকাশ পাইছিল৷

আৰক্ষী সূত্রটোৱে সদৰী কৰা মতে, দুর্ঘটনাটো সন্দর্ভত এতিয়ালৈকে নম্রতাৰ ৪ বন্ধু আনায়াতুল ৱাডুড, গায়ত্রী বৰা, মৃগাংক বৰুৱা আৰু প্রজ্ঞা দিহিঙীয়াক আৰক্ষীয়ে দুবাৰকৈ মাৰাথন জেৰা চলাইছে যদিও দুয়োবাৰৰ জেৰাত চাৰিওজনৰে ভাষ্য অমিল হোৱাৰ পাছত আৰক্ষীয়ে সমগ্র বিষয়টোক লৈ ৰহস্যৰ গোন্ধ পাইছে৷ চাৰিওজনক পৃথকে পৃথকে নংপো আৰক্ষীৰ তদন্তকাৰী বিষয়াই জেৰা চলাইছিল৷ নম্রতা বৰাৰ পিতৃ ৰমেন কুমাৰ বৰাৰ অনুৰোধত বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ সৈতে আলোচনাত মিলিত হৈ উচ্চ পর্যায়ৰ বিষয়াৰ দ্বাৰা সমগ্র ঘটনাটোৰ তদন্ত চলাবলৈ অনুৰোধ কৰিছিল৷ মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই বিষয়টোত হস্তক্ষেপ কৰাৰ পাছতে ৰিভয় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেক সিং ৰাথোড়ক তদন্তৰ দায়িত্বভাৰ প্রদান কৰিছিল মেঘালয় আৰক্ষীয়ে৷ আনকি এছএছপি ৰাথোড়েও চাৰিওজন অভিযুক্তৰ ভাষ্য গ্রহণ কৰি বিভিন্ন দিশেৰে তদন্ত আগবঢ়াই নিছিল৷ সিমানখিনি তদন্তৰ পাছতো আজিপর্যন্ত মেঘালয় আৰক্ষীয়ে নম্রতাৰ চাৰি বন্ধুক গ্রেপ্তাৰ কৰা নাই৷

সূত্রটোৰ মতে, সমগ্র ঘটনাটোত চাৰিওজন অভিযুক্তৰ ভূমিকা আছিল ঠিকেই, কিন্তু তদন্ত প্রক্রিয়া অব্যাহত থকাৰ বাবে তেওঁলোকক গ্রেপ্তাৰ কৰা হোৱা নাই৷ আনহাতে, নম্রতাৰ চাৰি বন্ধুৱে ৩ জুনৰ নিশা এখন ট্রাকৰ সৈতে হোৱা ভয়ানক সংঘর্ষৰ বাবেই দুর্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱাৰ দাবী কৰিছিল যদিও পৰৱর্তী জেৰাত চাৰি বন্ধুৱে ট্রাক নহয়, ডাম্পাৰৰ সৈতেহে দুর্ঘটনাটো হোৱা বুলি মন্তব্য কৰিছিল৷ সেইমর্মে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি দুর্ঘটনা সংঘটিত কৰা ট্রাকখনৰ সন্ধান চলাইছিল যদিও আজিলৈকে তেনে কোনো ট্রাক মেঘালয়ত বিচাৰি পোৱা নাই আৰক্ষীয়ে৷ অৱশ্যে ইয়াৰ মাজতো দুর্ঘটনাগ্রস্ত গাড়ীখনৰ এটা অংশত লাগি থকা সন্দেহজনক নীলা ৰঙৰ তথ্যই আৰক্ষীক পুনৰ বিব্রত কৰি তুলিছে৷ কিয়নো নীলা ৰঙৰ বহুসংখ্যক ডাম্পাৰ মেঘালয়ত চলাচল কৰি আছে৷ নংপো আৰক্ষীয়ে যোৰাবাটৰ পৰা নংপো অভিমুখী পথত থকা ২০টাৰো অধিক চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি কোনো ট্রাকৰ সম্ভেদ নাপালেও সন্দেহজনক এখন ডাম্পাৰৰ অৱস্থিতি ধৰা পেলাইছে৷ উক্ত ডাম্পাৰখনৰ সন্ধান আৰক্ষীয়ে অব্যাহত ৰাখিছে যদিও বর্তমানলৈকে ৰহস্যময় ডাম্পাৰখনৰ সন্ধান ওলোৱা নাই৷

আৰক্ষী সূত্রটোৰ মতে, যুৱতী অধিবক্তাগৰাকীৰ হত্যাকাণ্ডত ৪ বন্ধু জড়িত আছে নে নাই সেয়া সম্পূর্ণ নিশ্চিত হোৱা নাই যদিও নম্রতা বৰাক মৃত্যুমুখলৈ ঠেলি দিয়াৰ ক্ষেত্রত ৪ বন্ধু সম্পূর্ণ দায়ী৷ মেঘালয় আৰক্ষীয়ে কিছুদিন পূর্বে হাতীগাঁৱত থকা নেহা এপার্টমেণ্টত অভিযান চলাই মৃত নম্রতা বৰাৰ আইফোনটো জব্দ কৰিছিল৷ কিন্তু তাৎপর্যপূর্ণভাৱে আইফোনটোৰ পাছৱর্ড উলিয়াব নোৱাৰাৰ পৰিপ্রেক্ষিতত এতিয়ালৈকে ফোনটো খুলিবলৈ সক্ষম হোৱা নাই মেঘালয় আৰক্ষী৷ নম্রতা বৰাৰ নিকটাত্মীয় তথা পৰিয়ালৰ লোককো পাছৱর্ডৰ তথ্য বিচাৰি আৰক্ষীয়ে যোগাযোগ কৰিছে যদিও বর্তমানলৈকে পাছৱর্ডটোৰ অভাৱত ফোনটো সম্পূর্ণ পৰীক্ষা কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷ এইক্ষেত্রত ফোনটো খোলাৰ বাবে প্রয়োজনীয় সহায় বিচাৰি আইফোন কর্তৃপক্ষক মেঘালয় আৰক্ষীয়ে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে৷

সূত্রটোৰ মতে, নম্রতা বৰাৰ আইনফোনটোত বহু তথ্য মজুত আছে৷ যিবোৰ পোহৰলৈ আহিলে ৰহস্যজনক মৃত্যুৰ প্রকৃত কাৰণ হয়তো ওলাই পৰিব৷ মেঘালয় আৰক্ষীয়ে সমগ্র বিষটোক লৈ বৃহৎ কলেবৰৰ অভিযোগনামাখন প্রস্তুত কৰিছে৷ শীঘ্রে আদালতত অভিযোগনামাখন দাখিল কৰাৰ লগতে আদালততে পুনৰ ভাষ্য গ্রহণ কৰা হ’ব নম্রতা বৰাৰ অন্যতম ঘনিষ্ঠ বিধায়ক পুত্র আনায়াতুল ৱাডুড, গায়ত্রী বৰা, মৃগাংক বৰুৱা আৰু প্রজ্ঞা দিহিঙীয়াৰ৷ পৰিয়ালৰ মতে, নম্রতা বৰাৰ মৃত্যু হত্যাকাণ্ড, তদন্তৰ সময়ত আৰক্ষীয়ে পোৱা তথ্যসমূহেও কিছু পৰিমাণে পৰিয়ালৰ যুক্তিক সবলভাৱে প্রতিষ্ঠা কৰিছে যদিও এতিয়ালৈকে আৰক্ষী নিশ্চিত হ’ব পৰা নাই প্রকৃততে নম্রতা বৰাক হত্যা কৰা হৈছিল নে দুর্ঘটনাজনিত কাৰণৰ বাবেহে মৃত্যু হৈছিল৷

You might also like