🔹 মূৰৰ উপৰি নম্রতা -ৰ শৰীৰৰ ভিন্ন স্থানত আঘাতৰ চিহ্ণ
🔹 এতিয়াও স্পষ্ট হোৱা নাই মৃত্যুৰ কাৰণ
🔹দীর্ঘদিনে গায়ত্রী বৰাৰে হাতীগাঁৱৰ ফ্লেটত আছিল বিধায়ক পুত্ৰ আনায়াতুল
বিশেষ বাৰ্তা, ৮ জুন : ৰহস্যজনক মৃত্যুৰ ৯৬ ঘণ্টা উকলি যোৱাৰ পিছতো স্পষ্ট হোৱা নাই বোকাখাতৰ যুৱতী অধিবক্তা নম্রতা বৰাৰ মৃত্যুৰ কাৰণ৷ প্রকৃততে সমগ্র ঘটনাটো দুর্ঘটনাজনিত আছিল নে ই এক পৰিকল্পিত হত্যাকাণ্ড, সেয়া এতিয়াও ধূসৰ হৈ আছে৷ মেঘালয়ৰ নংপোলৈ বন্ধুবর্গৰ সৈতে সূর্যোদয়ৰ দৃশ্য চাবলৈ গৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা নম্রতা বৰাৰ মৃত্যুৰ দিন উকলি যোৱাৰ লগে লগে বহু ৰহস্যজনক তথ্য পোহৰলৈ আহিবলৈ ধৰিছে৷
আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে, দুর্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱাৰ পিছতে নংপোৰ অসামৰিক চিকিৎসালয়ত নম্রতা বৰাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ কিন্তু পৰীক্ষাৰ পূর্বে প্রাথমিক অনুসন্ধানত আৰক্ষীয়ে নম্রতা বৰাৰ মূৰত গভীৰ আঘাতৰ চিহ্ণৰ লগতে শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন প্রত্যক্ষ কৰা বিষয়টোৱে দুর্ঘটনাৰ সম্ভাৱনাক পুনৰ নসাৎ কৰিছে৷ যদিহে সঁচাকৈয়ে দুর্ঘটনাৰ বাবে যুৱতীগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছিল, তেন্তে শৰীৰৰ বিভিন্ন স্থানত কি কাৰণত আঘাতৰ চিহ্ণ দেখিবলৈ পোৱা গ’ল তাক লৈ পৰিয়ালে প্রশ্ণ উত্থাপন কৰিছে৷ মৃত অধিবক্তাগৰাকীৰ পিতৃ ৰমেন বৰাই আৰম্ভণিৰ পৰাই এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছিল৷ কিয়নো একেলগে পাঁচগৰাকী লোক যোৱা গাড়ীখনত এগৰাকীয়ে গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ মৃত্যুক সাবটিবলগীয়া হ’ল, অথচ বাকী চাৰিজন আৰোহীৰ ন্যূনতম আঘাতো দেহত নহ’ল৷ এয়া স্বাভাৱিক মৃত্যু কোনো কাৰণতে হ’ব নোৱাৰে বুলি পিতৃ ৰমেন বৰাই দাবী কৰিছিল৷
তাৎপর্যপূর্ণভাৱে নম্রতা বৰাৰ মৃত্যুৰ পিছতে তেওঁৰ ইনষ্টাগ্রাম একাউণ্টৰ পৰা বহু পোষ্ট ডিলিট হোৱাক লৈও ৰহস্যৰ সৃষ্টি হৈছে৷ সূত্রটোৱে সদৰী কৰা মতে, নম্রতাৰ অবর্তমানত আন কোনো ব্যক্তিয়ে ইনষ্টাগ্রাম একাউণ্টটো পৰিচালনা কৰি আছে নেকি, তাক লৈও তদন্ত চলোৱা হ’ব৷
উল্লেখ্য যে উক্ত দুর্ঘটনাৰ উচ্চ পর্যায়ৰ তদন্তৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মেঘালয়ৰ মুখ্যমন্ত্রীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে নংপো আৰক্ষীয়ে যোৰাবাটৰ পৰা নংপোপর্যন্ত বিভিন্ন স্থানত সংস্থাপিত প্রায় ২০টা চিচি টিভি কেমেৰাৰ ফুটেজ সংগ্রহ কৰি পৰীক্ষা চলাই আছে৷ আনকি নম্রতাৰ চাৰিগৰাকী সতীর্থই ট্রাকৰ সৈতে হোৱা সংঘর্ষৰ বাবে যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ দাবী কৰিছিল যদিও সূত্রটোৰ মতে স্থানীয় লোকে তাত কোনোধৰণৰ ট্রাক এনেদৰে দুর্ঘটনাগ্রস্ত হোৱা নাই বুলি স্থানীয় আৰক্ষীক অৱগত কৰিছে৷ আৰক্ষীয়ে এই সকলো তথ্য সম্প্রতি পৰীক্ষা কৰি আছে৷ হত্যা নে দুর্ঘটনা তাক লৈ চর্চা অব্যাহত থকাৰ সময়তে বিধায়ক পুত্র আনায়াতুল ৱাদুদক লৈও বহু তথ্য পোহৰলৈ আহিছে৷ অসমর্থিত সূত্র এটাই জানিবলৈ দিয়া মতে, দীর্ঘদিন ধৰি গায়ত্রী বৰা নামৰ ছিপাঝাৰৰ যুৱতীগৰাকীৰ সৈতে হাতীগাঁৱৰ এটা ফ্লেটত লিভিং টুগেডাৰত আছিল৷ আনায়াতুলৰ এনে স্খলিত চৰিত্রৰ বাবে পত্নীয়েও দীর্ঘ সময় ধৰি পৃথকে থকাৰ লগতে বিবাহ বিচ্ছেদ বিচাৰি আছিল বুলি জানিব পৰা গৈছে৷
আনহাতে, নম্রতা বৰাৰ অকাল মৃত্যুৰ পিছত পৰিয়ালক অযথা মনোকষ্ট নিদিবলৈ সংশ্লিষ্ট সকলো মহলকে আহ্বান জনাইছে কমাৰগাঁৱৰ নাগৰিক সমাজে৷ কালি এই বিষয়ক লৈ কমাৰগাঁও অঞ্চলত আয়োজন হয় এক বৃহৎ নাগৰিক সভা৷ ৰমেন কুমাৰ বৰাৰ বিষয়ে একো নজনাকৈ কোনোধৰণৰ অশালীন মন্তব্য নিদিবলৈ ৰাইজক নাগৰিক সভাই আহ্বান জনাইছে৷ আনহাতে, নম্রতা কাণ্ডৰ মূল অভিযুক্ত আনায়াতুল, মৃগাংক, প্রজ্ঞা আৰু গায়ত্রীয়ে সংবাদ মাধ্যমৰ আগত দাঙি ধৰা সকলো ভাষ্য সম্পূর্ণ মিথ্যা বুলি দাবী কৰিছে হিন্দু যুৱ–ছাত্র পৰিষদৰ মুখ্য উপদেষ্টা বলেন বৈশ্যই৷ চাৰিওজন অভিযুক্তই হত্যাকাণ্ডটোক নাট্য ৰূপ দি দুর্ঘটনাজনিত কাৰণ ৰূপে প্রতিষ্ঠা কৰিবলৈ উঠি-পৰি লগাৰ গুৰুতৰ অভিযোগ তুলি বৈশ্যই আৰক্ষীক উপযুক্ত তদন্তৰ বাবে দাবী জনাইছে৷ কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নম্রতা বৰাৰ ৰহস্যজনক মৃত্যু সন্দর্ভত তদন্ত চলোৱাৰ বাবে মহানগৰ আৰক্ষীক সেউজ সংকেত প্রদান কৰাৰ পিছতে তৎপৰ হৈ পৰিছে দিছপুৰ আৰক্ষী৷ কালি নিশাৰ ভাগত দিছপুৰ আৰক্ষীৰ এটা বৃহৎ দলে কাহিলিপাৰাত অৱস্থিত মৃগাংক বৰুৱা আৰু প্রজ্ঞা দিহিঙীয়া মালিকানাধীন ট্রী–টপ হোম ষ্টে’ নামৰ হোটেলখনত অভিযান চলায়৷ উল্লেখ্য যে ঘটনাটো সংঘটিত হোৱাৰ নিশা অর্থাৎ ৩ জুনত বিধায়ক পুত্র আনায়াতুল ৱাদুদে উক্ত হোমষ্টে’খনত নিশাৰ পার্টী দিছিল৷ তাৰ পিছতে তেওঁলোকে মাজনিশা মেঘালয় অভিমুখে অগ্রসৰ হৈছিল৷ উক্ত হোম ষ্টে’খনত দীর্ঘদিন ধৰি সুৰা–সুন্দৰীৰ নিষিদ্ধ পার্টী চলাৰ অভিযোগ কৰিছে স্থানীয় লোকে৷ আৰক্ষীৰ দলটোৱে তাৰ পৰা বহুসংখ্যক গুৰুত্বপূর্ণ নথি-পত্রৰ লগতে আপত্তিজনক সামগ্রীও জব্দ কৰা বুলি জানিব পৰা গৈছে৷