নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নম্ৰতাৰ ৰহস্যজনক মৃত্যু : দিছপুৰ থানা-ত এজাহাৰ দাখিল পৰিয়ালৰ

যদি ৰখাই থোৱা বাহনত খুন্দাই মাৰিছিল তেনেহলে বাহনখনৰ সন্মুখ ভাগ ডেমেজ হোৱাৰ কোনো চিন নাছিল। মাত্ৰ বাহনখনৰ বাওঁফালৰ দৰ্জাখন ভাগি যোৱাহে স্পষ্ট আছিল

নম্ৰতাৰ ৰহস্যজনক মৃত্যু : দিছপুৰ থানা-ত এজাহাৰ দাখিল পৰিয়ালৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জুন : নুমলীগড়ৰ যুৱতী নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুৱে লৈছে নতুন মোৰ। দিছপুৰ থানাত এজাহাৰ দাখিল যুৱতীগৰাকীৰ পৰিয়ালৰ।

উল্লেখ্য যে ৩ তাৰিখে নিশা ১.৩০ বজাত এগৰাকী বান্ধৱীৱে ফোন কৰিছিল নম্ৰতালৈ। তাৰ পাছতে প্ৰজ্ঞা বৰা, মৃগাংক বৰুৱা, গায়ত্ৰী বৰুৱা আৰু আন্নায়াতুল ৱাদুদৰ সৈতে ওলাই গৈছিল নম্ৰতা।

কিন্তু ৪ তাৰিখে পুৱতিনিশা গুৱাহাটীলৈ ওভতাৰ পথত এক দুৰ্ঘটনাত পতিত হৈ নম্ৰতাৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰে পৰিয়ালে। কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আটাইকেইজন বন্ধুক এৰি আন্নায়াতুল গাড়ী লৈ পলায়ন কৰে।

তাৰ পাছতে মৃগাংক বৰুৱা আৰু প্ৰজ্ঞা বৰাই ৰাজপথেৰে চলাচল কৰে বাহন ৰখাই নম্ৰতাক নংপো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় মৃত অৱস্থাত। নংপো আৰক্ষীয়ে বিষয় সন্দৰ্ভত পলায়ন কৰা গাড়ীৰ গৰাকী আন্নায়াতুলক ফোন কৰি থানালৈ মাতে।

তেতিয়াই আন্নায়াতুলে ইছমাইল হক চৌধুৰী নামৰ আন এজন ব্যক্তিয়ে বাহনখন চলোৱা বুলি নংপো আৰক্ষীৰ আগত হাজিৰ কৰোৱায়। এ আই ইউ ডি এফৰ বিধায়কৰ পুত্ৰ আছিল আন্নায়াতুল ৱাদুদ। ৱাদুদৰ আলকাজাৰ বাহনেৰে ওলাই গৈছিল আটাইকেইজন। আলকাজাৰ বাহনখনে ৰখাই থোৱা ট্ৰাকত খুন্দা মৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে।

কিন্তু প্ৰকৃততে যদি ৰখাই থোৱা বাহনত খুন্দাই মাৰিছিল তেনেহলে বাহনখনৰ সন্মুখ ভাগ ডেমেজ হোৱাৰ কোনো চিন নাছিল। মাত্ৰ বাহনখনৰ বাওঁফালৰ দৰ্জাখন ভাগি যোৱাহে স্পষ্ট আছিল। যাক লৈ এতিয়া সমগ্ৰ ঘটনাৰ সন্দেহ প্ৰকাশ কৰিছে নম্ৰতাৰ পৰিয়ালে।

আনহাতে নম্ৰতাৰ সৈতে বিধায়ক পুত্ৰৰ কি সম্পৰ্ক আছিল সেয়া এতিয়াও জ্ঞাত নহয় পৰিয়ালৰ লোক।

You might also like