নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত নৱাগত আদৰণী সভা

নিয়মীয়া বাৰ্তা, ২৮ আগষ্ট : তিতাবৰৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ২০২২-২৩ শিক্ষাবৰ্ষৰ নৱাগত আদৰণী সভা এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে ২৬ আগষ্টত অনুষ্ঠিত কৰে। অনুষ্ঠানৰ আৰম্ভণি পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লিতুল বৰুৱাই পতাকা উত্তোলন কৰে। মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, মহাবিদ্যালয়ৰ পৰাই অভিনয়ত ৰাষ্ট্ৰীয় পৰ্যায়ত মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ, বৰ্তমান অসম চলচ্চিত্ৰ বিত্তীয় আৰু উন্নয়ন নিগমৰ উপাধ্যক্ষ ডাঃ আলেক্ষ্য বৰুৱা নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি অন্য এক মাত্ৰা প্ৰদান কৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ  উপাধ্যক্ষা ড° মালক্ষ্মী দত্ত তথা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল আৰু ছাত্ৰ সংঘৰ সদস্যসকলে স্মৃতি তৰ্পণ কৰে। তাৰ পিছতেই মহাবিদ্যালয়ৰ অন্তৰংগ আলাপ আৰু মুকলি সভাখনৰ কাৰ্য্যসূচী আৰম্ভ হয়। নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰ্ক বিভাগৰ সম্পাদক মানৱ জ্যোতি গগৈয়ে আঁত ধৰা মুকলি সভাখনৰ আৰম্ভণি মহাবিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা মহাবিদ্যালয় সংগীত পৰিৱেশনেৰে কৰা হয়। সভাখনৰ উদ্দেশ্য বাখ্যা কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মানস জ্যোতি বৰাই আৰু আদৰণী ভাষণ আগবঢ়ায় ছাত্ৰ একতা সভাৰ সভাপতি অম্লান বৰুৱাই। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা  তথা সু-বিজ্ঞান লেখিকা ড° অদিতি বেজবৰুৱা। মহাবিদ্যালয়ৰ আলোচনী সম্পাদক ক্ষীৰোদ হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পোৱা “নন্দনিয়ান” উন্মোচন কৰে ড° অদিতি বেজবৰুৱাই। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলে একাষাৰ আগবঢ়ায়।  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত বিশ্ববিদ্যালয়ৰ ভিতৰতে স্থান পোৱা, মহাবিদ্যালয়লৈ ক্ৰীড়াৰ ক্ষেত্ৰত গৌৰৱ কঢ়িয়াই অনা ভালেকেইগৰাকী কৃতী  ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰে । উক্ত অনুস্থানটোৰ আঁত ধৰে মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ শৈক্ষিক উপাধ্যক্ষ ড° ৰাজনীশ শইকীয়াই।  ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলে একাষাৰ প্ৰদান কৰাৰ পাছতেই  মহাবিদ্যালয়ৰ ভালে সংখ্যক প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীৰ নৃত্য-গীত, অভিনয়েৰে সাংস্কৃতিক অনুস্থানটো সাফল্যমণ্ডিত কৰি তোলে। নন্দনাথ শইকীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা অনুস্থানটোত সহায়-সহযোগিতা আগবঢ়োৱা সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে সৰ্বভাৰতীয় পৰ্যায়ত এই মহাবিদ্যালয়খনিয়ে ইতিপূৰ্বে নাকৰ মূল্যায়নত এ গ্ৰেড লাভ কৰিছে।
প্ৰেৰক ইউছুফ আলী
You might also like