নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত পঞ্চায়তে পঞ্চায়তে পোষণ মাহ

নিয়মীয়া বাৰ্তা,  ১৬ ছেপ্টেম্বৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহত যোৱা ১৫ ছেপ্টেম্বৰত পোষণ মাহ পালন কৰা হয়। উল্লেখ্য, অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনস্থ নাৰায়ণপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ এলেকাধীন পিছলা, ভোলাবৰি আৰু ৰঙতি পঞ্চায়ত ভিত্তিত যুগলপুৰ অংগনৱাড়ী কেন্দ্ৰত পোষণ মাহ কাৰ্যসূচী পালন কৰা হয় ৷ সমগ্ৰ দেশতে ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ মাহজোৰাকৈ উক্ত পোষণ মাহ কাৰ্যসূচীৰ শুভাৰম্ভ হৈছে। উক্ত পোষণ মাহ উপলক্ষে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দ্বাৰা প্ৰতিগৰাকী মাতৃক  শিশুৰ পৰিপূৰক আহাৰ গ্ৰহণ কৰা আৰু দুগ্ধপান সম্পৰ্কত প্ৰয়োজনীয় নিয়ম-নীতিসমূহ সম্পৰ্কে অৱগত কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰি কৰ্মী-সহায়িকাসকলে ঘৰে ঘৰে গৈ শিশুৰ মাতৃ আৰু পৰিয়ালৰ লোকক নিয়ম-নীতি তথা বিধি সম্পৰ্কত বহুলভাৱে অৱগত কৰোৱাই সজাগতা সৃষ্টি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ সম্প্ৰতি ষষ্ঠ বৰ্ষৰ বাবে যুগলপুৰ অংগনৱাড়ী কেন্দ্ৰত অনুষ্ঠিত পোষণ মাহ কাৰ্যসূচীৰ সামূহিক প্ৰাৰ্থনাৰে শুভাৰম্ভ কৰা হয়। পিছল গাঁও পঞ্চায়তৰ  প্ৰধান সেৱিকা পুষ্পজ্যোতি দত্তই আঁত ধৰা সভাখনত নাৰায়ণপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ পোষণৰ ব্লক সহ-সমন্বয়ক পৰিস্মিতা বৰাই উপস্থিত কৰ্মী-সহায়িকাসকলক সম্পাদন কৰিবলগীয়া কৰ্মৰ বিধি সম্পৰ্কে বহুলভাৱে  বৰ্ণনা কৰে ৷ উল্লেখ্য যে চলিত বছৰত পোষণ মাহৰ জৰিয়তে ০ পৰা ৬ মাহৰ শিশুক  মাতৃ দুগ্ধ পান আৰু ৬ মাহৰ পৰা ২৩ মাহ পৰ্যন্ত শিশুক পৰিপূৰক আহাৰ খুওৱা পদ্ধতি সম্পৰ্কত অৱগত কৰোৱাৰ বিধি প্ৰদান কৰা হয় ৷  এগৰাকী মহিলাই গৰ্ভধাৰণ কৰা দিনৰ পৰা শিশুৰ ১০০০ দিন সম্পূৰ্ণ হোৱা সময়ছোৱা সোণালী দিন ৰূপে চিহ্নিত কৰি এই দিনসমুহত কৰ্মীসকলে মাতৃ আৰু পৰিয়ালৰ লোকক তেওঁলোকৰ গৃহলৈ গৈ দুগ্ধপান আৰু পৰিপূৰক আহাৰ গ্ৰহণৰ নিয়ম-নীতি  আৰু বিধি সম্পৰ্কত অৱগত কৰোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ সভাখনত ভোলাবৰি পঞ্চায়তৰ প্ৰধান সেৱিকা পপী ৰাজখোৱা আৰু ৰঙতি পঞ্চায়তৰ প্ৰধান সেৱিকা ক্ষীৰ গগৈ উপস্থিত থাকি কৰ্মীসকলক প্ৰয়োজনীয় দিহা-পৰামৰ্শ প্ৰদান কৰে ৷ সভাত মাঘনোৱা স্বাস্থ্য উপকেন্দ্ৰৰ স্বাস্থ্য বিষয়া কুইন মেৰী মেধি আৰু এ এন এম  মমী বৰাই উপস্থিত থাকি কৰ্মীসকলক স্বাস্থ্য সম্পৰ্কীয় বিধি সম্পৰ্কে অৱগত কৰে ৷ উল্লেখ্য যে সভাত কৰ্মীসকলে পোষণ সম্পৰ্কত খাদ্য ৰেচিপি প্ৰৰ্দশন কৰাৰ লগতে  কেইবাগৰাকী মাতৃৰ দ্বাৰা নিজ সন্তানক  দুগ্ধপান কৰোৱা হয় ৷ 
প্ৰেৰক জগত গগৈ 
You might also like