নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বিশ্বজুৰি সমাদৃত যোগ : সৰ্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জুনঃ দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনটোত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোণোৱালে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ মন্ত্ৰী তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ আৰু ৰাইজৰ সৈতে পুৱাই যোগাভ্যাস কৰে। সোণোৱালে ভাষণ প্ৰসংগত কয়, “যোগ হৈছে বিশ্ববাসীলৈ ভাৰতৰ এক অনন্য উপহাৰ, যিয়ে মানৱ সমাজক শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ দিশত উদগনি যোগাই আহিছে। এই অভিনৱ প্ৰাচীন কলাবিধে এখন সুস্থ-সবল সমাজ গঢ়াত বিশেষ ভূমিকা পালন কৰি আহিছে। যোগ হৈছে শৰীৰ, মন আৰু আত্মাৰ মিলনসেতু। যোগে দিব পাৰে আমাক জীৱনৰ প্ৰশান্তিৰ অৰ্থ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে শাসনভাৰ লোৱাৰ পৰাই যোগৰ প্ৰচাৰ-প্ৰসাৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁৰ দূৰদৰ্শী নেতৃত্বতে ৰাষ্ট্ৰসংঘই যোগক আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে স্বীকৃতি দিলে। এতিয়া সমগ্ৰ বিশ্বই যোগৰ সুফল লাভ কৰি ইয়াৰ মহত্ব আৰু গুৰুত্ব উপলব্ধি কৰিছে। যোগ বিশ্ববাসীৰ বাবে হৈ পৰিছে এক মহাষৌধ।” সোণোৱালে যুৱপ্ৰজন্মক উদ্দেশ্যে কয়, “তোমালোকে ভৱিষ্যতে দেশৰ গুৰি-বঠা ধৰিব লাগিব। যুৱপ্ৰজন্ম শক্তিশালী হ’বলৈ হ’লে শাৰীৰিক-মানসিকভাৱেও শক্তিশালী হ’ব লাগিব। এইক্ষেত্ৰত দৈনিক যোগ অভ্যাসে দিব পাৰে এক নতুন দিগন্তৰ সন্ধান।” দৈনিক যোগাসনৰ জৰিয়তে সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ প্ৰয়াস কৰিবলৈ সোণোৱালে ছাত্ৰ-ছাত্ৰী প্ৰমুখ্যে নৱপ্ৰজন্মক আহ্বান জনায়। আনহাতে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগৰ অনুষ্ঠানত ভাগ লোৱাৰ সময়ত অসমৰ গামোচা পৰিধান কৰি অসমবাসীক আনন্দিত আৰু গৌৰৱান্বিত কৰে। এই সন্দৰ্ভত সোণোৱালে কয়, “পুনৰ জিলিকি উঠিল অসমৰ গামোচা! আমাৰ আপোন গামোচাখন পৰিধান কৰি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰপৰা বিশ্ববাসীলৈ যোগৰ মহত্ব আৰু গুৰুত্বৰ বাৰ্তা প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই আদৰৰ গামোচাখনৰ সৈতে জড়িত হৈ আছে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিপ্ৰাণ ৰাইজৰ আধ্যাত্মিক ভাব-ভক্তি আৰু একাত্মতা। আধ্যাত্মিকতা আৰু যোগৰ শক্তি-সাধনাৰে উজ্জীৱিত হৈ দেশক সবল নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰীক আমাৰ আপোন গামোচাখনৰ প্ৰতি দেখুওৱা আদৰ-মৰমৰ বাবে অসমবাসীৰ লগতে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভকতবৃন্দৰ হৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।”

You might also like