নিয়মীয়া বার্তা, ২ জানুৱাৰী : নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত চামতা আঞ্চলিক শাখা সাহিত্য সভা আৰু চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আতিথ্যত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে ‘অৰুণোদয় দিৱস’ উদ্যাপন কৰে। এই দিৱসৰ মুকলি সভা, গ্ৰন্থ উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠানত অসম সাহিত্য সভাই ‘অৰুণোদয় সন্মান- ২০২৫’ প্ৰদান কৰে অসমৰ বিশিষ্ট সাংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাক। সন্মান গ্ৰহণ কৰি দিয়া ভাষণত সাংবাদিক নৰেশ কলিতাই কয় যে অসমীয়া ভাষা, অসমীয়া জাতিক আন্ধাৰৰ পৰা পোহৰলৈ কঢ়িয়াই অনাত ‘অৰুনোদই’ কাকতখনে এক জাতীয় চেতনাৰ জাগ্ৰত প্ৰহৰীৰ দায়িত্ব পালন কৰিছে। এই চেতনা পৰৱৰ্তী সময়ত সবল ৰূপত প্ৰকাশ হয়। অৰুণোদয় দিৱসক গণমুখী কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি আৰু সম্পাদকে কৰা স্বকীয় চিন্তাৰ শলাগ লৈ সাংবাদিকসকলক সন্মান প্ৰদৰ্শনৰ পৰম্পৰা সৃষ্টি কৰাটোৱে আমাৰ সাংস্কৃতিক জগতক চহকী কৰা বুলিও তেওঁ মত পোষণ কৰে। চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰীকান্ত তালুকদাৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত সভাত অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডঃ সূৰ্য্যকান্ত হাজৰিকাই পৌৰোহিত্য কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই কয়ে যে সজ সাংবাদিকসকলে সততাৰে অসমীয়া সমাজ জীৱন শক্তিশালী কৰাত অনবদ্য ভূমিকা লৈ আহিছে। সেয়ে সাংবাদিকসকলক অসম সাহিত্য সভাৰ তৰফৰপৰা সন্মান আৰু মৰম জনোৱাৰ নতুন পৰম্পৰাৰ সৃষ্টি কৰা হৈছে। সভা উদ্বোধন কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাই। আদৰণি ভাষণ প্ৰদান কৰে অৰুণোদয় দিৱস উদ্যাপন সমিতিৰ সভাপতি তথা চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বীৰেন্দ্ৰনাথ বৰ্মনে। সভাত বিশিষ্ট সাংবাদিক, লেখক বেদব্ৰত মিশ্ৰই দিৱসৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা ‘অৰুণোদয়’ নামৰ স্মাৰকগ্ৰন্থ এখন উন্মোচন কৰে। অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি বিশিষ্ট অতিথি আৰু অসম সাহিত্য সভাৰ প্ৰচাৰ উপ সমিতিৰ কাৰ্যকৰী সভাপতি অজিত শৰ্মাই আমন্ত্ৰিত অতিথি হিচাপে ভাগ লৈ ভাষণ প্ৰদান কৰে। সভাত অসম সাহিত্য সভাৰ প্ৰকাশন উপ সমিতিৰ আহ্বায়ক গোৱিন্দ কলিতা, চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱেন্দ্ৰ কুমাৰ বেজবৰুৱা, সভাৰ অসম সাহিত্য সভা সংবাদৰ সম্পাদক গৌতম গগৈ, অসমৰ পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপ সমিতিৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰ, মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ উপ সমিতিৰ আহ্বায়ক হেমন্ত কলিতা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলেও ভাগ লয়। সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাই ভাষণ প্ৰসংগত কয় যে- অসমত অসমীয়া ভাষাই বৃটিছ সাম্ৰাজ্যবাদীৰ কবলত মৃত্যুৰ যন্ত্ৰণাত কক্বকাই আছিল। সেই সময়ত খৃষ্টান মিছনেৰীসকলে অসমত প্ৰথমখন বাতৰি কাকত ‘অৰুণোদয়’ প্ৰকাশ কৰি অসমীয়া ভাষাক জীয়াই ৰক্ষাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছিল তাক আমি অসমীয়া হিচাপে শলাগিব লাগিব। কিন্তু অতি পৰিতাপৰ বিষয় যে খৃষ্টান মিছনেৰীসকলৰ দ্বাৰা প্ৰকাশিত প্ৰথম অসমীয়া গ্ৰন্থবোৰ এতিয়াও অসমত নাই। সেয়ে আজিৰ নৱ প্ৰজন্মই সচেতন হ’বৰ হ’ল। নৱ প্ৰজন্মই গ্ৰন্থ অধ্যয়নৰ সমানতৰালকৈ গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব। তদুপৰি সেইবোৰ সংৰক্ষণৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। তেতিয়াহে অসমীয়া ভাষাই প্ৰসাৰ লাভ কৰিব বুলি সভাপতি হাজৰিকাই কয়। ইয়াৰ পূৰ্বে পুৱা চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি হাছান আলীয়ে অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলনৰ লগে লগে অঞ্চলটোৰ বিশিষ্ট ১০৮গৰাকী ব্যক্তিয়ে ১০৮খন পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে স্মৃতিতৰ্পণ, বন্তি প্ৰজ্জ্বলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক বুবুল কুমাৰ শৰ্মা, অৰুণোদয় দিৱস উদ্যাপন আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি মনোজ কুমাৰ চক্ৰৱৰ্তী, উপ সভাপতি বলেন কুমাৰ গোস্বামী, সম্পাদক ৰাজেন বৈশ্যৰ পৰিচালনা আৰু পৰিকল্পনাৰে অনুষ্ঠানৰ মুকলি সভা চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ হয়। অসম সংগীতেৰ অনুষ্ঠান সামৰা হয়। অনুষ্ঠানত বহুকেইগৰাকী স্থানীয় সাংবাদিকক সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজীৰ বিষয় শিক্ষয়িত্ৰী মনীষা তালুকদাৰৰ ৰচনা আৰু পৰিচালনাৰে ‘চাৰপ্ৰাইজ’ নামৰ নাট এখন বিদ্যালয়খনৰ শিক্ষাৰ্থী ক্ৰমে বিশ্বজিৎ বৰ্মন, অংকুৰ বৰ্মন, ৰণদীপ ডেকা, নিৰকুংশ জেকা, হিমাংশু বৰ্মন, হিয়া কাশ্যপ, ৰিচা অনজুমা, আনিছা বেগম আৰু বিদ্যালয়খনৰ উপাধ্যক্ষ মনোজ কুমাৰ চক্ৰৱৰ্তীয়ে মঞ্চায়ন কৰি সকলোকে মোহাচ্চন্ন কৰে।
প্ৰেৰক তপন কুমাৰ শর্মা