📌পর্যটন বিভাগে গুৰুত্ব দিলে বহু দূৰ আগুৱাই যাব বাৰেকুৰি অঞ্চল
📌‘নিয়মীয়া বার্তা’ৰ প্রকাশক ভৱেশ ডেকাকো সম্বর্ধনা
বিশেষ বার্তা ২৬ মার্চঃ পর্যটনৰ ক্ষেত্রখনত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলত উপস্থিত হৈ হলৌ বান্দৰ আৰু মানুহৰ মাজৰ সম্পর্ক দেখি অভিভূত হৈ পৰে ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতা আৰু প্রকাশক ভৱেশ ডেকা৷ বাৰেকুৰিৰ দীঘলসাঁকো গাঁৱত পৰিৱেশ কর্মী দিপ্লৱ চুতীয়া আৰু মুহিত চুতীয়াৰ সৈতে হলৌ বান্দৰ পৰিদর্শন কৰাৰ লগতে দীঘলসাঁকো গাঁৱৰ পৰিয়ালটোত নতুনকৈ সন্নিৱিষ্ট হোৱা ‘জমাই’ৰ কথা শুনি আনন্দিত হৈ পৰে৷ পৰিৱেশকর্মী দিপ্লৱ চুতীয়াৰ বক্তব্য অনুসৰি দীঘলসাঁকো পৰিয়ালটোত মতা হলৌবান্দৰ নথকাৰ বাবে মটাপুং গাঁৱৰ পৰা এটা মতা হলৌবান্দৰ আহি পৰিয়ালটো সম্পূর্ণ কৰে আৰু সেই মতা হলৌবান্দৰটোক এতিয়া স্থানীয় ৰাহজে ‘জমাই’ মানে ঘৰজোৱাঁই নামকৰণ কৰিছে৷ ইয়াৰ পূর্বে টুইক, কালিয়া নামৰ হলৌবান্দৰ আহিছল৷ ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতা, প্রকাশক ভৱেশ ডেকাৰ লগতে তিনিচুকীয়া জিলা বাতৰি বিক্রেতা সন্থাৰ সভাপতি বিধান দাসে নিজ হাতেৰে হলৌবান্দৰক কল খুৱাই আনন্দিত হৈ পৰে আৰু হলৌবান্দৰ সন্দর্ভত দুই পৰিৱেশকর্মীৰ সৈতে বার্তালাপ কৰে৷ এই সন্দর্ভত সম্পাদক নৰেশ কলিতাই কয় যে বাৰেকুৰিৰ ওপৰত যদি পর্যটন বিভাগে বিশেষ গুৰুত্ব প্রদান কৰে তেন্তে বাৰেকুৰিৰ হলৌবান্দৰৰ লগতে বাৰেকুৰিৰ সম্পদসমূহ বহু আগুৱাই যাবলৈ সক্ষম হ’ব৷ হলৌবান্দৰ সংৰক্ষণৰ ক্ষেত্রত বাৰেকুৰিবাসীয়ে যি কৰিছে সেয়া মহান৷ বাৰেকুৰিবাসীয়ে হলৌবান্দৰক নিজৰ পোহনীয়া জীৱ–জন্তুৰ দৰে লালন–পালন কৰাটো মহান পদক্ষেপ৷ শেষত সম্পাদক নৰেশ কলিতা আৰু প্রকাশক ভৱেশ ডেকাক দিপ্লৱ চুতীয়াৰ পৰিয়ালৰ তৰফৰ পৰা বাৰেকুৰিলৈ অহাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি একোখন মৰাণ গামোচাৰে সম্বর্ধনা জনায়৷
প্ৰেৰক বিবেক বৰা