নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত নাট মহাৰণৰ শুভাৰম্ভ

🔴 এনে নাট প্ৰতিযোগিতাই অসমৰ সাংস্কৃতিক দিশ সমৃদ্ধিশালী কৰিবঃ ৰাজা মুৰাদ

বিশেষ বাৰ্তা, ৫ জানুৱাৰীঃ উজনি অসমৰ ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে মুকলি প্ৰাইজমানী নাট প্ৰতিযোগিতা আজিৰে পৰা ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল অনুষ্ঠিত হৈছে। আজি পুৱা হিন্দী চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় প্ৰখ্যাত অভিনেতা ৰাজা মুৰাদে উদ্বোধন কৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা নাট মহাৰণ। নাট মহাৰণৰ শুভাৰম্ভ কৰি প্ৰখ্যাত অভিনেতা ৰাজা মুৰাদে ভাষণ প্ৰসংগত কয় যে ইতিহাস নগৰী ডিব্ৰুগড়ত অনুষ্ঠিত এনে নাট প্ৰতিযোগিতাই অসমৰ সাংস্কৃতিক দিশটো অধিক সমৃদ্ধিশালী কৰি তুলিব।এনে অনুষ্ঠানে মানৱ জীৱনক স্বৃষ্টিশীল হবলৈ শিকোৱাৰ লগতে জীৱনক নতুন ৰূপত সজাবলৈ শিকায় বুলি অভিনেতা ৰাজা মুৰাদে উল্লেখ কৰে। এই নাট মহাৰণৰ আয়োজকৰ লগতে প্ৰধান উদ্যোগক্তা তথা ট্ৰাষ্টৰ অন্যতম কিশোৰ বৰাক, ৰাজা মুৰাদে এনে অনুষ্ঠান আয়োজন কৰাৰ বাবে শলাগ জ্ঞাপন কৰি কিশোৰ বৰাই যদি বিছাৰে তেন্তে ভবিষ্যতে অসমৰ বাবে কাম কৰি যাবলৈ আগ্ৰহী বুলিও ভাষণত মত প্ৰকাশ কৰে।বলিউডৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে নাট মহাৰণৰ শুভাৰম্ভ কৰি কিশোৰ বৰাৰ এই পদক্ষেপৰ শলাগ লৈ নিজৰ পিতৃ-মাতৃৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধাক সন্মান কৰে। সকলোৱে নিজৰ পিতৃ-মাতৃৰ প্ৰতি এনেদৰে অকৃত্ৰিম মৰম-ভালপোৱা প্ৰকাশ কৰাৰ এক নিৰ্দশন দেখুওৱাবলৈ সক্ষম হৈছে বুলি ভাষণত সাৱলীলভাৱে উল্লেখ কৰে। আনহাতে উদ্ধোধনী পূৰ্ৱে আদৰণি ভাষণত কিশোৰ বৰাই নিজ পিতৃ-মাতৃৰ সোঁৱৰণত এনে অনুষ্ঠান কৰিবলৈ পোৱাত যথেষ্ট সৌভাগ্যবান বুলি উল্লেখ কৰি পিতৃৰ কথা সোঁৱৰণ কৰি কিছু আৱেগিক হৈ পৰে। একালত ডিব্ৰুগড়ত যি নাটকৰ পয়োভৰ আছিল বা নাট অনুষ্ঠানৰ যি পৰিৱেশ আছিল; বৰ্তমানে তেনে পৰিৱেশ বিলুপ্ত হোৱাত যথেষ্ট আক্ষেপ প্ৰকাশ কৰে।এনে অনুষ্ঠানে অসমৰ সাংস্কৃতিক দিশত এক বিশেষ অৰিহণা যোগাব বুলি কয় কিশোৰ বৰাই।ডিব্ৰুগড়ৰ এগৰাকী সাহিত্যপ্ৰেমী তথা সাংস্কৃতিবান ব্যক্তি থানেশ্বৰ বৰা আৰু তেওঁৰ সহধৰ্মিণী সবিতা বৰা মেম’ৰিয়েল ট্রাষ্টৰ উদ্যোগত আজিৰে পৰা অহা ৭ জানুৱাৰীলৈকে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত “নাট মহাৰণ”ত ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিকোনো সন্মানীয় নাট প্রতিযোগিতাত প্রথম নাইবা দ্বিতীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৩৪ টা নাট্যদলে অংশগ্রহণ কৰিছে।ৰাজ্যৰ এটা সংবাদ মাধ্যমৰ স্বত্বাধিকাৰী তথা বিশিষ্ট সমাজকৰ্মী কিশোৰ বৰাই তেওঁৰ প্ৰয়াত পিতৃ আৰু মাতৃৰ স্মৃতিত আয়োজন কৰিছে এই ব্যাপক আয়োজন।আনহাতে কালি ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছৰে পৰাই অসম তথা ডিব্ৰুগড় বাসীৰ আদৰ কোনো কালেই পাহৰিব নোৱাৰে বুলি কয় অভিনেতা ৰাজা মুৰাদ। অসমৰ মছলা,চাউল আৰু চাহপাত তেওঁৰ পত্নীয়ে লৈ যাবলৈ কোৱা বুলিও সাংবাদিকৰে হোৱা সাক্ষাৎকালত কয়। ডিব্ৰুগড়,তিনিচুকীয়া জিলাৰ উপৰিও বিশ্বনাথ, গুৱাহাটী, তেজপুৰ, যোৰহাট আদি তথা শদিয়াৰ পৰা ধুবুৰীলৈকে নাট্যদলে অংশ গ্ৰহণ কৰা নাট মহাৰণৰ বাবে ডিব্ৰুগড়ত আশাব্যঞ্জক সঁহাৰি লাভ কৰা দেখা গৈছে। উদ্বোধনী অনুষ্ঠানত বিচাৰক হিচাপে উপস্থিত থকা নাট পৰিচালক নয়ন প্ৰসাদ,বোলছবি অভিনেত্ৰী পৰিচালক ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক পূৰ্ণিমা পাঠক শইকীয়া আৰু বিশিষ্ট নাট্যকাৰ পৰিচালক গুণাকৰ দেৱগোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজি প্রতিযোগিতাত মুঠ ১০খনকৈ একাংকিকা নাট্য দলে অংশগ্রহণ কৰা লগতে ৬ জানুৱাৰীৰত ১১খন আৰু ৭ জানুৱাৰীৰ প্রতিযোগিতাত অংশগ্রহণ কৰিব ১৩খনকৈ নাট্য দলে।নাট প্রতিযোগিতাখনত প্রথম, দ্বিতীয় আৰু তৃতীয় শ্রেষ্ঠ নাট্য দলক ক্রমে ৫, ৩ আৰু ২ লাখ টকাৰে পুৰস্কৃত কৰা হ’ব। শ্রেষ্ঠ অভিনেতা-অভিনেত্ৰীক ৫১ হেজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব। শ্ৰেষ্ঠ পৰিচালকক ৪১ হেজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব। শ্রেষ্ঠ, সহযোগী অভিনেতা-অভিনেত্ৰীক ২১ হেজাৰ, শ্রেষ্ঠ শিশু অভিনেতাক ১৫ হেজাৰ, শ্রেষ্ঠ সংগীতৰ বাবে ১৫ হেজাৰ, শ্রেষ্ঠ মঞ্চ সজ্জাৰ বাবে ১০ হেজাৰ, শ্রেষ্ঠ ৰূপসজ্জাৰ শিতানত ১০ হেজাৰ টকাৰ পুৰস্কাৰ ধাৰ্য কৰা হৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like