নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ নৱেম্বৰঃ সমগ্ৰ দেশৰ লগতে অসমৰো আৰ্থ-সামাজিক তথা গ্ৰাম্য অৰ্থনীতিৰ বিকাশত গো-পালকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ পশুপালন খণ্ডটোৰ জৰিয়তে প্ৰায় ২ লাখ ১৭ হাজাৰতকৈও অধিক লোকে নিজৰ জীৱিকাৰ পথ মুকলি কৰিছে। ৰাজ্যখনৰ কৃষি আৰু পশুপালনখণ্ডৰ সৈতে জৰিত হৈ থকা মুঠ কৰ্মশক্তিৰ ৫৭ শতাংশই পশুপালনখণ্ডৰ। আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দুগ্ধ উন্নয়ন সঞ্চালকালয় আৰু পশুপালন আৰু পশুচিকিৎসা বিভাগৰ যৌথ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় দুগ্ধ দিৱসত অংশগ্ৰ্হণ কৰি এইদৰে মন্তব্য কৰে ৰাজ্যৰ পশুপালন মন্ত্ৰী অতুল বৰাই। ভাৰতৰ শ্বেত বিপ্লৱৰ জনক পদ্মবিভূষণ ড০ ভাৰ্গিজ কুৰিয়ানৰ জন্মদিৱস উপলক্ষে সমগ্ৰ দেশজুৰি পালন কৰা ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ এই অনুষ্ঠানত মন্ত্ৰী বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শক্ৰমে পশুপালন বিভাগে পশুধনক পশুপালকসকলৰ বাবে এক লাভজনক ক্ষেত্ৰলৈ উন্নীত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। অসমৰ বহুতো জিলাত সমবায়ৰ জৰিয়তে দুগ্ধ উৎপাদকসকলে গাখীৰ উৎপাদন আৰু বিক্ৰী কৰি দুগ্ধ উৎপাদনক আজি এক উদ্যোগলৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে। পশুপালনখণ্ডৰ বিকাশৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বহুমুখী প্ৰচেষ্টাৰ ফলশ্ৰুতিত শেহতীয়াভাৱে অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে এই খণ্ডটোৰ জৰিয়তে নিজৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ মুকলি কৰাৰ লগতে অইন বহুতো পৰিয়াললৈ কৰ্মসংস্থাপনৰ সুবিধা আহবঢ়াবলৈ সক্ষম হোৱা বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে।মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত বহুতো শিক্ষিত যুৱক-যুৱতীয়ে কৃষি, উদ্যান শস্য, পশুপালন আৰু মীন পালনৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱাৰ বাবে আগবাঢ়ি অহাৰ বিষয়েও তেওঁ প্ৰকাশ কৰে। ৰাজ্যখনক গাখীৰ উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিবলৈ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডৰ সৈতে হোৱা দুহেজাৰ কোটি টকাৰ চুক্তিৰ অধীনত অসম চৰকাৰে দুগ্ধ সংসাধন প্ৰকল্প স্থাপন কৰিবলৈ ডিব্ৰুগড়, যোৰহাট আৰু কাছাৰ জিলাত ভূমিৰ আৱণ্টন দিয়াৰ লগতে উত্তৰ-পূৱ পৰিষদৰ বিত্তীয় সহযোগিতাত বঙাইগাঁও আৰু পাটাছাৰকুছিত প্ৰতিদিনে ক্ৰমে ৫ হাজাৰ লিটাৰ আৰু ১০ হাজাৰ লিটাৰ দুগ্ধ সংসাধন কৰিব পৰা প্ৰকল্প স্থাপনৰ কাম চলি থকাৰ লগতে গুৱাহাটী আৰু ধেমাজিত স্থাপনৰ কাম চলি থকা 5 হাজাৰ লিটাৰ ক্ষমতাযুক্ত দুগ্ধ সংসাধন প্ৰকল্প দুটাৰ বিষয়েও মন্ত্ৰী বৰাই তেওঁৰ ভাষণত উল্লেখ কৰে। ৰাজ্যখনক পশুখাদ্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিবলৈ কৃষি বিভাগে ৰূপায়ণ কৰি থকা অসম ফ’ডাৰ মিছন নামৰ আঁচনিখন পশুপালকসকলৰ বাবে বিশেষ সহায়ক হৈ উঠিব বুলিও তেওঁ কয়। অনুষ্ঠানত মন্ত্ৰী বৰাই গো-পালকসকলৰ বাবে ‘গো-তথ্য’ নামৰ এটা মোবাইল এপ মুকলি কৰাৰ লগতে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা বিশ্বনাথ, বঙাইগাঁও আৰু যোৰহাট জিলাৰ তিনিখন সমবায় সমিতিৰ লগতে ৰাজ্যৰ তিনিজন শ্ৰেষ্ঠ কৃত্ৰিম প্ৰজনন কৰ্মীক বঁটা প্ৰদান কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই কয় যে, ৰাজ্যখনৰ ক্ষুদ্ৰ গো-পালকসকলৰ অৰ্থনৈতিক বিকাশৰ বাবে তেওঁলোকক সংঘৱদ্ধ কৰি তোলাৰ প্ৰয়োজন আছে আৰু এই ক্ষেত্ৰত দুগ্ধ সমবায়ৰ বিকল্প নাই। এইক্ষেত্ৰত সমবায় বিভাগে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে। অসমৰ দুগ্ধখণ্ডৰ বিকাশৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিৰ ব্যৱহাৰতো তেওঁ গুৰুত্ব দিয়ে। অসম হাঁহ-কুকুৰা আৰু পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই বিগত সময়চোৱাত অসমৰ পশুপালনখণ্ডত এক যুগান্তকাৰী পৰিৱৰ্তনৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি ৰাজ্যখনত গাখীৰকে ধৰি মাংস আৰু কণী উৎপাদনৰ ধাৰা উৰ্ধগামী হোৱাৰ বিষয়ে উল্লেখ কৰে। পশুপালক আৰু বিভাগীয় প্ৰচেষ্টাক এক সমন্বিত শক্তি বুলি অভিহীত কৰি তেওঁ কয় যে এই শক্তিৰ জৰিয়তে অচিৰেই অসমে পশুপালনখণ্ডত নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব। পশুপালন বিভাগৰ প্ৰধান সচিব মণীষ ঠাকুৰে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত পশুপালন বিভাগৰ সচিব অভিজিত বৰুৱা, পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড0 বিবেকানন্দ শইকীয়া, পশুপালন বিভাগৰ সঞ্চালক অনিল দেউৰী, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চাল্ক পাঞ্চালী কাকতিকে ধৰি ৰাজ্যখনৰ বিভিন্ন কৃষক, পশুপালক আৰু বিভাগীয় বিষয়াই অংশগ্ৰহণ কৰে।

You might also like