নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ নিত্যানন্দত ৰাষ্ট্রীয় ডেংগু দিৱস পালন

নিয়মীয়া বাৰ্তা, ১৬ মে’ : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে নৱগঠিত বজালী জিলাতো আজি বিভিন্ন কাৰ্যসূচীৰে ‘ৰাষ্ট্রীয় ডেংগু দিৱস’ উদযাপন কৰা হয়। এই উপলক্ষে বজালী আৰু বৰপেটা জিলাৰ স্বাস্থ্য বিভাগ তথা ৰাষ্ট্রীয় বাহকজনিত ৰোগ উপশম বিভাগৰ উদ্যোগত আজি বজালী জিলাৰ নিত্যানন্দ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (BPHC)ৰ অন্তর্গত নিত্যানন্দ এম ভি স্কুলৰ প্রধান শিক্ষক ফুলেন কলিতাৰ সভাপতিত্বত এখন সজাগতা সভা অনুস্থিত কৰা হয়। এই সজাগতা সভাত মূলত ডেংগুৰ দৰে মাৰাত্মক ৰোগ কিদৰে প্রতিৰোধ কৰিব পাৰি, বাহকজনিত এই ৰোগবিধ বহন কৰা মহৰ উৎপত্তি কেনেদৰে হ্রাস কৰিব পাৰি আৰু এই ৰোগত আক্ৰান্ত হ’লে কি দৰে চৰকাৰী ব্যৱস্থাৰে চিকিৎসা গ্রহণ কৰিব পাৰি আদি গুৰুত্বপূর্ণ বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰি নিত্যানন্দ প্রাথমিক স্বাস্থ্য কেন্দ্রৰ মেলেৰীয়া পৰিদর্শক প্রাণকৃষ্ণ বৈশ্য, খণ্ড আঁচনি প্ৰৱন্ধক, জিলা মেলেৰীয়া বিষয়া তথা সহকাৰী চিকিৎসা বিষয়া তীর্থ বসুমতাৰীয়ে উপস্থিত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা ৰাইজক বুজাই দিয়ে৷ উল্লেখ্য যে বিগত পাঁচটা বছৰত বজালীত ডেংগু ৰোগীৰ সংখ্যা উদ্বেগজনক নহয় যদিও মাজে সময়ে দুই এটা আক্ৰান্ত নোহোৱাও নহয়৷ এনে এক প্ৰেক্ষাপটতে স্বাস্থ্য বিভাগৰ দ্বাৰা সময়ে সময়ে এই বিষয়ক সজাগতা অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে৷ বিভাগটোৱে এই ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ নহবলৈ বা তাৰ কবলত নপৰাৰ বাবে সকলো শ্ৰেণীৰ ৰাইজকে সজাগ হৈ থাকিবলৈ আহ্বান জনাই কোনো লোকৰ পৰিয়ালত জ্বৰ নাইবা ডেংগু ৰোগৰ আন লক্ষণ দেখা পালে অতি শীঘ্ৰে চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰত ডেংগু পৰীক্ষা কৰিবলৈ বৈশ্যই আজিৰ অনুষ্ঠানৰ জৰিয়তে আহ্বান জনায়৷ এই অনুষ্ঠানৰ অন্তত ৰাইজৰ মাজত ডেংগুক লৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে “সামূহিকভাৱে একত্ৰিত হৈ ডেংগু নিয়ন্ত্ৰণ কৰো আহক” শীৰ্ষক শ্লোগানেৰে নিত্যানন্দ এম ভি স্কুলৰ ছাত্ৰ-ছাত্ৰী, আশা কৰ্মী আৰু স্বাস্থ্য কৰ্মীসকলৰ সহযোগত এক সজাগতা ৰেলী উলিওৱা হয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like