নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সামৰণি

বিশেষ বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ মৰিয়নিৰ অসম নগালেণ্ড সীমান্তৱৰ্তী ভৱানীপুৰ কাছজানৰ সমাজহিতৈষী দেবেন দুৱৰা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ আয়োজন কৰা দ্বিতীয় পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ কালি গধুলি সামৰনি পৰে। এইবাৰ মুঠ আঠখন নাট মঞ্চস্থ হয়। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত আৰু দিনৰ ভাগত মুকলি আকাশৰ তলত নাট মঞ্চস্থ কৰি পুলকিত হৈ পৰে আটাইকেইটা নাট্য দল। কালি তিনিখনকৈ নাট মঞ্চস্থ কৰা হয়। প্ৰথমখন নাট পৰিৱেশন কৰে মৰিয়নি বাঁ‌হনিৰ শংকৰদেৱ সংগীত মহাবিদ্যালয়ে। তেওঁলোকে পংখী পাৰিজাতৰ ৰচনা, সমীৰ দিগন্তৰ পৰিচালনা আৰু ৰশ্মি বন্দনাৰ ব্যৱস্থাপনাৰে ‘দ্যা ৰুটছ- টু প্ৰ’টেক্ট’ নামৰ নাটখনি মঞ্চস্থ কৰে। এই নাটখনি উদ্বোধন কৰে যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰৰ জ্যেষ্ঠ অধ্যাপক দৰথী জি মমিনে। ইয়াৰ পিছতেই সুভাষ দলেৰ ৰচনা আৰু পৰিচালনাৰে যোৰহাটৰ দগনৌ দৃৰবৃ আপে থিয়েটাৰৰ ‘মিমাগ’ নামৰ নাটখনি উদ্বোধন কৰে চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা যুৱ সমাজকৰ্মী ড° অঞ্জন শইকীয়াই। আনহাতে, অন্তিমখন নাট হিচাপে ড° পৰমানন্দ ৰাজবংশীৰ ৰচনা আৰু সীমান্ত ফুকনৰ পৰিচালনাৰে দেৰগাঁ‌ৱৰ ন’ৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে পৰিৱেশন কৰে ‘কমলা কুঁ‌ৱৰীৰ সাধু’ নামৰ বহুচৰ্চিত নাটখনি। অনুপ চেতিয়াই উদ্বোধন কৰা নাটখনিয়ে উপস্থিত ৰাইজক আপ্লুত কৰে। ইয়াৰ পূৰ্বে নাটকৰ বাবে মঞ্চ মুকলি কৰে ঠেঙাল কছাৰি সাহিত্য-সংস্কৃতি সভাৰ সম্পাদক ৰক্তিম শইকীয়াই। এই অনুষ্ঠানত নগালেণ্ডৰ ইণ্ডেজিনিয়াছ ফ’ৰামৰ উপদেষ্টা খেটক’ শ্ব’ৰ লগতে এটা ছজনীয়া দল, যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ তথা পাদদেশীয় সমন্বয় ফ’ৰামৰ উপদেষ্টা ড° দেৱব্ৰত শৰ্মা, যোৰহাট মহাবিদ্যালয়ৰ অধ্যাপক ড° বিদ্যুত বৰা প্ৰমুখ্যে বহুকেইজন ব্যক্তিয়ে বক্তব্য প্ৰদান কৰি পাদদেশীয় সমন্বয় মঞ্চই গ্ৰহণ কৰা এনে প্ৰচেষ্টাৰ শলাগ লয়। আনহাতে, সংস্কৃতিয়ে সম্পৰ্কৰ গঢ় দিয়ে বুলি উল্লেখ কৰি কয়- সংস্কৃতিয়ে অসম আৰু নগালেণ্ডৰ মাজত মাজে মধ্যে সৃষ্টি হোৱা সংঘাত দুৰীকৰণত ই সহায় কৰিব বুলিও মন্তব্য কৰে। এই অনুষ্ঠানতে আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াক সম্বৰ্দ্ধনা জনোৱা হয়। নাটকৰ লগত সংগতি ৰাখি অসম আৰু চুবুৰীয়া নগালেণ্ডৰ শিল্পীসকলে কালিও গীত আৰু নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে। এইবাৰ অসমৰ লগতে নগালেণ্ডৰো যথেষ্ট লোকে নাটক উপভোগ কৰে। ইফালে, নগা আৰু অসমীয়া লোকৰ মাজত সমন্বয় আৰু সম্প্ৰীতি স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সফল সামৰণিৰ বাবে দৰ্শক ৰাইজৰ লগতে সকলো ৰাইজৰ প্ৰতি পাদদেশীয় সমন্বয় মঞ্চৰ সভাপতি বিনয় শইকীয়া, সম্পাদকদ্বয় কপিল বৰুৱা আৰু নৰেন তাঁ‌তী তথা উদযাপন সমিতিৰ সভাপতি মনোজ বৰগোহাঁই, কাৰ্য্যকৰী সভাপতি নগালেণ্ডৰ জেকিহু আছুমী আৰু সম্পাদক ৰাজীৱ শইকীয়াই কৃতজ্ঞতা প্ৰকাশ কৰিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like