নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা পৰিচালনা শাখাৰ উদ্যেগত ধুবুৰীত আজি এখনি ’’ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ’ খোলা হয়। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে অনুষ্ঠিত হৈ থকা ‘‘আজাদী কি অমৃত মহোৎসৱ’’ৰ সৈতে সংগতি ৰাখি দেশৰ কেন্দ্ৰীয় চৰকাৰৰ অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰাৰ বাবে জনোৱা আহ্বান সফলৰূপে ৰূপায়িত কৰাৰ স্বাৰ্থত খোলা হৈছে এই বিশেষ বিপণীখন। চহৰখনৰ ১নং ৱাৰ্ডস্থিত গ্ৰামোন্নয়ন বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখৰ এই বিপণীখন আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ধুবুৰী জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীয়ে। অহা ১৩ আগষ্টলৈ এই বিপণীখনত জিলাখনৰ আত্মসহায়ক গোটসমূহে বৈ উলিওৱা সৰু আৰু ডাঙৰ আকাৰৰ দুই ধৰণৰ জাতীয় পতাকা বিক্ৰী কৰা হ’ব। জানিব পৰা মতে, এখন ডাঙৰ আকাৰৰ জাতীয় পতাকাৰ বিক্ৰী মূল্য ৫০ টকা ধাৰ্য্য কৰা হোৱাৰ বিপৰীতে সৰু আকাৰৰ পতাকা এখনৰ মূল্য ৩০ টকা ধাৰ্য্য কৰা হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী