বিশেষ বাৰ্তা, ২৪ জানুৱাৰীঃ মৰিয়নিৰ সমীপৰ নকছাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নকছাৰী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছ গোটৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়। নকছাৰী মহাবিদ্যালয়ত অনুষ্ঠিত উক্ত অনুষ্ঠানটো উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱাই। তেওঁ কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি বক্তব্য আগবঢ়ায়। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্নায়ক কোষৰ সমন্বয়ক ড° জয়ন্ত চুতীয়াই নাৰী পুৰুষৰ সমতাৰ ওপৰত বক্তব্য ৰাখে। মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ প্ৰগেম অফিচাৰ ড° দিনমণি গগৈয়ে আঁত ধৰা অনুষ্ঠানত শিক্ষক-কৰ্মচাৰীৰ লগতে শতাধিক ছাত্র-ছাত্ৰী উপস্হিত থাকে। অনুষ্ঠানত দুগৰাকী ছাত্রী ক্ৰমে প্ৰিয়াক্ষী গগৈ আৰু গীতুস্মা গগৈক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া