নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত ৰাষ্ট্রীয় ন্যায়িক আলোচনা-চক্রত অংশগ্রহণ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ২৯ অক্টোবৰঃ জলবায়ু পৰিৱর্তন আৰু পৰিৱেশৰ অৱক্ষয়ৰ ফলত হোৱা গোলকীয় উষ্ণতা বৃদ্ধিয়ে সমগ্র বিশ্বত কোটি কোটি লোকৰ জীৱন আৰু জীৱিকাৰ অস্তিত্বৰ প্রতি প্রত্যাহ্বান নমাই আনিছে৷ বর্তমানৰ পৰিস্থিতিয়ে পৰিৱেশ সুৰক্ষাৰ প্রতি আমাৰ সকলোৰে দায়িত্ব বহুগুণে বৃদ্ধি কৰিছে৷ ইয়াৰ বাবে আমাৰ দৈনন্দিন জীৱনত বহনক্ষম আৰু পৰিৱেশ সংৰক্ষণৰ প্রতি জৰুৰী পদক্ষেপৰ প্রয়োজনীয়তা আহি পৰিছে৷ আজি কাজিৰঙাত কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রী কিৰেণ ৰিজিজুৰ উপস্থিতিত ৰাষ্ট্রীয় ন্যায়িক আলোচনা চক্রৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে কয়৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ সহযোগিতাত আয়োজন কৰা ৰাষ্ট্রীয় আলোচনা চক্রত পৰিৱেশ আৰু বহনক্ষম উন্নয়ন–ন্যায়পালিকা ভূমিকা আৰু ভাৰতীয় ন্যায় পালিকাৰ ডিজিটেজেশ্যন– ন্যায় প্রদানৰ ওপৰত ইয়াৰ প্রভাৱ বিষয় সামৰি লোৱা হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভাৰতৰ পৰম্পৰাগত পদ্ধতিসমূহে সদায়ে বহনক্ষম জীৱন শৈলীৰ প্রতিফলন ঘটায়৷ বৈদিক দর্শনে প্রকৃতিৰ সৈতে মানুহৰ সম্পর্কৰ সংযোগ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ তেওঁ কয় যে পৰিৱেশে আমাৰ অস্তিত্বৰ বাবে প্রায় সকলো সম্পদ যোগান ধৰে৷ কিন্তু সকলো প্রাকৃতিক সম্পদে সীমাহীন নহয়৷ সম্পদৰ অতিমাত্রা আহৰণ আৰু অর্থনৈতিক উন্নয়নৰ বাবে প্রাকৃতিক পৰিৱেশৰ ৰূপান্তৰে পৰিৱেশ পুনৰ উদ্ধাৰৰ দিশত জৰুৰীকালীন ব্যৱস্থা লবলৈও বাধ্য কৰিছে৷ পৰিৱেশ সুৰক্ষাৰ সন্দর্ভত ভাৰতীয় সংবিধানত সন্নিবিষ্ট বিভিন্ন বিধানৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্রীয়ে কয় যে যুক্তিসংগত পৰিকল্পনা, সুষম উন্নয়ন আৰু সেউজ প্রযুক্তি ব্যৱহাৰে আমাৰ পৰিৱেশ ৰক্ষাৰ বাস্তৱ সন্মত সমাধান দিব পাৰিব৷ বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি তেওঁ কয় যে বহনক্ষম হৈছে উচ্চ পর্যায়ত মানুহৰ হিত সাধন আৰু উচ্চ পর্যায়ত পৰিৱেশ ব্যৱস্থাৰ সুৰক্ষাৰ সংমিশ্রণকে প্রতীয়মান কৰে৷ তেওঁ লগতে কয় যে দৰিদ্র সকলেও আইনৰ বিধিৰ সুবিধা লাভ কৰাটো সুনিশ্চিত কৰিব লাগিব৷ এই ক্ষেত্রত ন্যায়ৰ প্রতিষ্ঠানসমূহৰ সহজ সুবিধা লাভ কৰিব লাগিব বুলিও তেওঁ কয়৷ পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ নীতিসমূহ পালনৰ ক্ষেত্রত ভাৰতীয় ন্যায় পালিকাই উল্লেখযোগ্য পদক্ষেপৰ বাবেও মুখ্যমন্ত্রীয়ে শলাগ লয়৷ তেওঁ কয় যে ভাৰতীয় ন্যায়পালিকাৰ পৰিৱেশ সুৰক্ষাৰ প্রতি দায়বদ্ধতাৰ ফলত সামাজিক আৰু পৰিৱেশ ন্যায়ৰ আহিলা হিচাপে জনস্বার্থৰ গোচৰৰ উদ্ভাৱনীমূলক ব্যৱহাৰ কৰা হৈছে৷ তদুপৰি বহু গোচৰত ইয়াৰ ৰায়দানে দেশৰ উন্নয়নৰ আর্হিত বহনক্ষম ব্যৱস্থাটোক অধিক শক্তিশালী কৰি তুলিছে৷ ৰাজ্য চৰকাৰে পৰিৱেশ আৰু বন্যপ্রাণী সুৰক্ষাৰ বাবে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হব পৰাকৈ অসমে সকলো বিভাগ আৰু আন বহু চৰকাৰী সংগঠনক এই ক্ষেত্রত সক্রিয়ভাৱে জডিত কৰিছে৷ তেওঁ কয় যে চৰকাৰে সংৰক্ষিত বনাঞ্চলসমূহক ৰাষ্ট্রীয় উদ্যান আৰু বন্যপ্রাণী অভয়াৰণ্যলৈ উন্নীত কৰি সংৰক্ষিত অঞ্চলৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে ইয়াক শক্তিশালী কৰি তুলিছে৷ তেওঁ কয় যে বন্যপ্রাণী অভয়াৰণ্যক ৰাষ্ট্রীয় উদ্যান হিচাপেও ঘোষণা কৰা হৈছে৷ অসমত হাতীকে ধৰি বন্যপ্রাণীৰ উন্নত সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এই কাম কৰা হৈছে৷ তেওঁ লগতে জনাই যে ৰাজ্য চৰকাৰেও বৃহৎ পৰিসৰৰত বনাঞ্চল বৃদ্ধিৰ জৰিয়তে অনাগত পাঁচ বছৰত অসমৰ বনাঞ্চল ৩৬ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ ভাৰতীয় ন্যায়পালিকাৰ ডিজিটেলাইজেশ্যনৰ সম্পর্কত মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সমগ্র ব্যৱস্থাটোক ডিজিটেলাইজেশ্যন কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ প্রধানমন্ত্রীৰ দৃষ্টিভংগী হৈছে উপযুক্ত প্রযুক্তিৰ দ্বাৰা সক্ষম কৰা ডিজিটেলাইজেশ্যন আন্তঃকার্যকৰী হব লাগে যাতে এই ব্যৱস্থাটোৰ সর্বাধিক সুবিধা ব্যৱহাৰ কৰিব পৰা যায়৷ ন্যায়পালিকাৰ এনে ডিজিটেলাইজেশ্যনক পৃথকে চাব নালাগে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে সকলো স্তম্ভতে ডিজিটেল প্লেটফর্মৰ ব্যৱহাৰে অৱশেষত ন্যায়পালিকাত গোচৰৰ আগতীয়া নিষ্পত্তিত সহায় কৰিব আৰু ইয়াৰ ফলত সমগ্র ব্যৱস্থাটোৱে লাভান্বিত হব পাৰিব৷ উচ্চতম ন্যায়ালয়ৰ ই–ফাইলিঙৰ নতুন ব্যৱস্থা আৰু ৰেফাৰেন্স সমর্থিত আন্তঃগাঁথনি হিচাপে কৃত্রিম বুদ্ধিমত্তা প্রয়োগ কৰাৰ বাবে শলাগ লৈ মুখ্যমন্ত্রীয়ে কয় যে এই নতুন ব্যৱস্থা প্রৱর্তনৰ লগে লগে দেশৰ আদালতত ন্যায় প্রদান ব্যৱস্থাটো অধিক ত্বৰান্বিত কৰি তুলিব৷ তেওঁ আশা প্রকাশ কৰি কয় যে আদালতত প্রযুক্তিৰ ব্যৱহাৰে দশকৰ শেষৰ ফালে ন্যায়িক ব্যৱস্থাক নবীকৰণ আৰু বস্তুনিষ্ঠ মাপকাঠি নির্ণয়ৰ দিশত অধিক যুক্তিসংগত কৰাতো নিশ্চিত কৰিব৷ অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ক্রমে এম আৰ শ্বাহ, সুর্য্যকান্ত, এ এছ বোপান্না, এছ ৰবিন্দ্র ভাট, হূষীকেশ ৰায়, বিক্রম নাথ, চি টি ৰবিকুমাৰ, এম এম সুন্দ্রেশ, পি এছ নৰসিংহম, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এম চ্চায়া, দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ ইন্দিৰা বেনার্জী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যাম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্রদেশৰ এডভকেট জেনেৰেল, ৰাজ্যৰ জিলা ন্যায়াধীশ, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্রদেশৰ পঞ্জীয়ক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ, চৰকাৰী আৰু ন্যায়িক বিষয়া প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like