নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাম্পাৰৰ খুন্দাত মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ হেমন্ত দাসৰ

🔹 উত্তৰ গুৱাহাটীত ডাম্পাৰ-ট্ৰেক্টৰৰ দৌৰাত্ম্য
নিয়মীয়া বাৰ্তা,  ২১ ফেব্ৰুৱাৰী : উত্তৰ গুৱাহাটীত যোৱা শনিবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ হেমন্ত দাস নামৰ এজন ব্যক্তিৰ। গুৰুতৰভাৱে আহত ব্যক্তিজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। জানিব পৰা মতে, শনিবাৰে নিশা শিলসাঁকোত  সংঘটিত হয় পথ দুৰ্ঘটনাটো। নিয়ন্ত্ৰণহীন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ত খেলা সাঁতোৰবিদ উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ হেমন্ত দাস। গুৰুতৰভাৱে আহত হেমন্ত দাসক ততাতৈয়াকৈ চিকিৎসালয় ভৰ্তি কৰোৱা হয়। কৰ্মসূত্ৰে ব্যৱসায়ী হেমন্তক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও দেওবাৰে নিশা মৃত্যুক সাবটি লয়। মৃত্যুৰ সময়ত পিতৃ-মাতৃ, পত্নী, এগৰাকী কন্যা সন্তান, এজন পুত্ৰ আৰু অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি যায়। এগৰাকী বাইক ৰেচাৰ হিচাপেও হেমন্তই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। সুদক্ষ খেলুৱৈগৰাকীৰ মৃত্যুত উত্তৰ গুৱাহাটীত গভীৰ শোকৰ ছাঁ পৰিছে। ইফালে, নিয়ন্ত্ৰণহীন ডাম্পাৰৰ খুন্দাত খেলুৱৈগৰাকীৰ মৃত্যুৰ খবৰ বিয়পাৰ পিছতেই ৰাইজৰ মাজত তীব্ৰ ক্ষোভ পৰিলক্ষিত হয়। ৰাইজৰ অভিযোগ- বৰ্তমান উত্তৰ গুৱাহাটীত অস্বাভাৱিকভাৱে মাটি কঢ়িওৱা ডাম্পাৰ আৰু ট্ৰেক্টৰ বৃদ্ধি হৈছে । ডাম্পাৰ আৰু ট্ৰেক্টৰ দৌৰাত্ম্যত পথত চলাচল কৰিব নোৱাৰা অৱস্থা হৈছে।দিন-ৰাতি সমানে অব্যাহত আছে ডাম্পাৰ আৰু ট্ৰেক্টৰৰ দৌৰাত্ম্য। আটাইতকৈ ডাঙৰ ঘটনা হৈছে- প্ৰায়সংখ্যক ডাম্পাৰ আৰু ট্ৰেক্টৰৰ নম্বৰ প্লেট নাই। দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ বাবে এনে পন্থা লৈছে বুলি ৰাইজে অভিযোগ কৰিছে। যাৰ ফলত পৰিবহণ বিভাগে লাখ লাখ টকা ৰাজহ হেৰুৱাইছে।  পৰিবহণ বিভাগক অংগুষ্ঠ দেখুৱাই ট্ৰেক্টৰ, ট্ৰাক, দহচকীয়া গধুৰ বাহনসমূহ অনিয়ন্ত্ৰিতভাৱে চলাই আছে । ফলত উত্তৰ গুৱাহাটীৰ ৰাইজ শংকিত হৈ পৰিছে। অনিয়ন্ত্ৰিত বাহনে জনতাৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। উত্তৰ গুৱাহাটীত এটা পিছত আনটো দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে নিৰীহ লোকে। সততে দুচকীয়া, চাৰিচকীয়া বাহনক পৰিবহণ আইনৰ অধীনত নানা প্ৰকাৰৰ জৰিমনা বিহা হয় যদিও যান-বাহন আইন উলংঘা কৰা এই বাহনসমূহৰ বিষয়ে জিলা পৰিবহণ বিভাগে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰা বিষয়টো সহজভাৱে গ্ৰহণ কৰা নাই উত্তৰ গুৱাহাটীৰ সচেতন ৰাইজে। জিলা পৰিবহণ বিভাগ আৰু জিলা প্ৰশাসনক দুৰ্ঘটনা ৰোধ কৰিবলৈ উত্তৰ গুৱাহাটীৰ সচেতন ৰাইজে দাবী জনাইছে।
প্ৰেৰক মুনীন ডেকা 
You might also like