নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটনত মানসিক স্বাস্থ্য সম্পৰ্কীয় ৰাষ্ট্রীয় পর্যায়ৰ কর্মশালা

🔹 নর্থ ইষ্ট ইণ্ডিয়ান এছ’চিয়েচন অৱ এপ্লাইড চাইক’লজীৰ উদ্যোগ

বিশেষ বার্তা, ৭ অক্টোবৰ : কটন বিশ্ববিদ্যালয়ৰ ছুডমার্চন হলত আজি মানসিক স্বাস্থ্য তথা মানসিক চাপমুক্ত জীৱন যাপন সন্দৰ্ভত এখন ৰাষ্ট্রীয় পর্যায়ৰ কর্মশালা অনুষ্ঠিত হয়৷ নর্থ ইষ্ট ইণ্ডিয়ান এছ’চিয়েচন অৱ এপ্লাইড চাইক’লজী আৰু কটন বিশ্ববিদ্যালয়ৰ লগতে ইণ্ডিয়ান একাডেমী অৱ হেলথ চাইক’লজীৰ সহযোগত ‘Harnessing Mindfulness : The Path to Stress’ শীর্ষক কর্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বেংগালুৰুৰ মিনহান্সৰ ক্লিনিকেল চাইক’লজী বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপক মহেন্দ্র শর্মা আৰু আইএএইচপিৰ সভাপতি তথা অধ্যাপক আনন্দ কুমাৰ৷ কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ প্রতিষ্ঠাপক মুৰব্বী আৰু সহযোগী অধ্যাপক তথা নর্থ ইষ্ট ইণ্ডিয়ান এছ’চিয়েচন অৱ এপ্লাইড চাইক’লজীৰ সভাপতি ড০ ডিম্পী মহন্তৰ ঐকান্তিক প্রচেষ্টাত অনুষ্ঠিত ৰাষ্ট্রীয় পর্যায়ৰ এই কর্মশালাখন উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ৰমেশ চন্দ্র ডেকাই৷ উদ্বোধনী ভাষণত উপাচার্যগৰাকীয়ে উত্তৰ–পূব ভাৰতৰ যুৱক–যুৱতীসকলৰ মাজত মানসিক স্বাস্থ্য সজাগতা বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি আয়োজন কৰা কর্মশালাৰ বাবে ড০ ডিম্পী মহন্তৰ এই পদক্ষেপৰ শলাগ লয়৷

অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড০ বেদান্ত বৰাৰ লগতে মানৱ আৰু সমাজ বিজ্ঞানৰ ডীন অধ্যাপক ডেইজী দাসে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্রদান কৰে৷ অনুষ্ঠানত আয়োজক ড০ ডিম্পী মহন্তই অংশগ্রহণকাৰীসকলৰ মানসিক চাপমুক্ত জীৱন যাপনৰ দক্ষতাৰে সজ্জিত কৰিবলৈ ‘মাইণ্ডফুলনেছ’ৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ বিশেষকৈ হতাশাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ ছাত্র–ছাত্রী তথা যুৱপ্রজন্মই এই সন্দর্ভত প্রশিক্ষণৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পোষকতা কৰে৷ আনহাতে, অনুষ্ঠানত অধ্যাপক মহেন্দ্র শর্মা আৰু অধ্যাপক আনন্দ মিশ্রই সংশ্লিষ্ট বিষয়ত গুৰুত্ব প্রদান কৰি বক্তব্য আগবঢ়ায়৷ আজিৰ অনুষ্ঠানত কটন বিশ্ববিদ্যালয়, নেহু, গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, অসম ডাউন টাউন বিশ্ববিদ্যালয়, ইগনো, ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটী, গুৱাহাটী বিশ্ববিদ্যালয়, প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় আৰু ইউএছটিএমৰ ডেৰ শতাধিক প্রতিনিধিয়ে অংশগ্রহণ কৰে৷

You might also like