নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় সংবাদ মাধ্যমত সৰ্বত্ৰ চৰ্চিত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

বিশেষ বাৰ্তা, ১৫ মেঃ কর্ণাটকৰ নির্বাচনত বিজেপিয়ে ক্ষমতা হেৰুৱালেও ৰাষ্ট্রীয় স্তৰত চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ টাইমছ অব ইণ্ডিয়া, বিজনেছ টুডেকে ধৰি কেইবাখনো ৰাষ্ট্রীয় সংবাদ মাধ্যমত কর্ণাটক বিধানসভা নির্বাচনক লৈ চলা চর্চাৰ মাজতে মুখ্যমন্ত্রী ড০ শর্মাৰ নাম সর্বাধিক উচ্চাৰিত হৈছে৷ আনকি এই ৰাষ্ট্রীয় সংবাদ মাধ্যমসমূহৰ হেড লাইনত জিলিখিছে মুখ্যমন্ত্রীগৰাকীৰ নাম৷ কার্যতঃ কর্ণাটকৰ নির্বাচনত মুখ্যমন্ত্রী ড০ শর্মাৰ ষ্ট্রাইক ৰেট সর্বাধিকৰূপে বিবেচিত হৈছে৷ উল্লেখ্য যে কর্ণাটক বিধানসভা নির্বাচনত মুখ্যমন্ত্রী ড০ শর্মাই ১১জন বিজেপি প্রার্থীৰ হৈ নির্বাচনী প্রচাৰ চলাইছিল৷ ইয়াৰে ৫গৰাকী প্রার্থীয়ে এইবাৰ জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ ‘দ্য প্রিণ্টাৰ’ৰ হেডলাইন অনুসৰি মুখ্যমন্ত্রী ড০ শর্মাৰ নির্বাচনী প্রচাৰে বিজেপিৰ পাঁচজনকৈ প্রার্থীক জয়যুক্ত কৰাই নহয় নির্বাচনৰ সময়ত বিজেপিৰ শীর্ষ নেতাসকলে চলোৱা প্রচাৰ অভিযানৰ যি ষ্ট্রাইক ৰেট আছিল তাৰ ভিতৰত ড০ শর্মাৰ ষ্ট্রাইক ৰেট হৈছে ৪৫ শতাংশ৷ সেয়াই নহয় কর্ণাটকৰ নির্বাচনক লৈ ‘বিজনেছ টুডে’ত এইবুলি উল্লেখ কৰিছে যে কর্ণাটক বিধানসভা নির্বাচনত বিজেপি পৰাজয়ৰ বিভিন্ন কাৰণৰ ভিতৰত ৰাজ্যখনৰ নেতাসকল অন্যতম৷ ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ দায়িত্বত থকা বি এছ বোম্মায়ে মুখ্যমন্ত্রী ড০ শর্মাৰ পৰা শিকিবলগীয়া বহুত আছিল যদিও একোৱেই শিকিব নোৱাৰিলে৷ আনহাতে কর্ণাটকৰ প্রাক্তন অর্থনৈতিক বিশেষজ্ঞ ড০ কৃষ্ণমূর্তি সুব্রমণিয়মে এইবুলি উল্লেখ কৰিছে যে বিজেপিৰ ৩৯গৰাকী ষ্ট্রাৰ কেম্পেইনাৰৰ ভিতৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা অন্যতম আছিল৷ নির্বাচনৰ এসপ্তাহতে ১১খন জনসভাত ভাষণ প্রদান কৰিছিল মুখ্যমন্ত্রীগৰাকীয়ে৷ ড০ শর্মাৰ এনে নির্বাচনী প্রচাৰৰ বাবে পাঁচজন প্রার্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হ’ল৷ কর্ণাটকৰ নির্বাচনৰ পিচতে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ লগতে ৰাজনীতিৰ ৰাষ্ট্রীয় প্রেক্ষাপটতো শেহতীয়াকৈ চর্চিত হৈছে অসমৰ মুখ্যমন্ত্রীগৰাকী৷ কিদৰে বিজেপিৰ শীর্ষ নেতাসকলৰ শাৰীত ঠিয় হৈ মুখ্যমন্ত্রী ড০ শর্মাই কর্ণাটকৰ ৰাজনীতি তথা নির্বাচনত দলৰ হৈ গুৰি ধৰিলে তাক লৈ এতিয়া সর্বত্রে আলোচনা৷ মন কৰিবলগীয়া যে কর্ণাটকৰ নির্বাচনৰ পিছতে ৰাষ্ট্রীয় স্তৰত প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ লগতে এতিয়া সঘনে উচ্চাৰিত হৈছে ড০ হিমন্ত বিশ্ব শর্মাৰ নাম৷

You might also like