নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ সম্পন্ন : ১৭৩টা বিজ্ঞান প্ৰকল্প প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ : ৩০সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহখনি আজি খৈৰাবাৰীত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ওদালগুৰি জিলা সমিতিৰ উদ্যোগত খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই শিশু বিজ্ঞান সমাৰোহত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে তৈয়াৰ কৰা ১৭৩টা বিজ্ঞান প্ৰকল্প প্ৰদৰ্শিত হয়। জিলা পৰ্যায়ত প্ৰদৰ্শিত এই প্ৰকল্পসমুহ মূল্যায়ন কৰি বছা বছা প্ৰকল্পসমুহ ৰাজ্যিক পৰ্যায়ৰ সমাৰোহত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হ’ব বুলিও জিলা সমন্বয়কে জানিবলৈ দিয়ে। এই উপলক্ষে অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত ভাগ লৈ বিশিষ্ট বিজ্ঞানী দীনেশ চন্দ্ৰ গোস্বামীয়ে বিজ্ঞানক জনমুখী কৰি তোলাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মনত বিজ্ঞান মানসিকতা গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। পৃথিৱীৰ বিখ্যাত বিজ্ঞানীসকলৰ উদ্ভাৱনৰ বিভিন্ন উদাহৰণ দাঙি ধৰি তেওঁ কয় যে নতুন সৃষ্টি বা উদ্ভাৱনৰ বাবে প্ৰবল আগ্ৰহ, পৰ্যবেক্ষণ আৰু চিন্তা শক্তি লাগিবই। চিন্তাইহে নতুন দিশৰ উন্মোচন কৰে। পৃথিৱীৰ বিখ্যাত বিজ্ঞানীসকলৰ কৰ্মৰাজী অধ্যয়ন আৰু বিজ্ঞানৰ বিভিন্ন গ্ৰন্থ অধ্যয়নৰ যোগেদি এনে শক্তি আহৰণ কৰিবলৈ শিক্ষাৰ্থী সকলে প্ৰয়াস কৰিব লাগে বুলিও তেওঁ কয়। খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ ভূপেন কুমাৰ নাথে আত ধৰা মনোজ্ঞ অনুষ্ঠানত জিলা শিক্ষা বিষয়া জয়পালসিং ব্ৰহ্ম, খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পবিত্ৰ বৰুৱা, হেমন্ত কুমাৰ দাস, বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ, সমাজ কৰ্মী বানেশ্বৰী শৰণীয়া, খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ড° উত্তম কলিতাকে ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যক্তি আৰু জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,‌‌ শিক্ষক -শিক্ষয়িত্ৰীসকল উপস্থিত থাকে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like