নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনৰেগাৰ নামত চলিছে ঠিকাদাৰৰাজ

নিয়মীয়া বাৰ্তা, ১৯ মে’:  ক’ৰোনা মহামাৰী আৰু লকডাউনৰ বাবে ৰাজ্যৰ বাহিৰত কর্মৰত যিসকল শ্রমিক পুনৰ অসমলৈ ঘূৰি আহিছে, তেওঁলোক শীঘ্রে জবকার্ড প্রদান কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নির্দেশ দিছে৷ মুখ্যমন্ত্রীগৰাকীয়ে কালি এক উচ্চস্তৰীয় বৈঠকত এই লোকসকলক এমজি এনৰেগাৰ কামত নিয়োজিত কৰিবলৈও পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগক নির্দেশ দিয়ে৷ যিহেতু কেন্দ্রীয় চৰকাৰেও এমজি এনৰেগাত অতিৰিক্ত ৪০ হাজাৰ কোটি টকা প্রদানৰ কথা ঘোষণা কৰিছে, গতিকে অসমৰ মুখ্যমন্ত্রীৰ এই ঘোষণাই কর্মহীন হৈ উভতি অহা লোকসকলক সকাহ দিব বুলি আশা কৰিব পাৰি৷ চৰকাৰী সিদ্ধান্ত হিচাপে ইয়াৰ এক সুকীয়া গুৰুত্ব আছে৷ কিন্তু এমজি এনৰেগাৰ নামত ৰাজ্যখনত এতিয়া যি চলি আছে, তাক জুকিয়াই চালে মুখ্যমন্ত্রীৰ ঘোষণা কিমানদূৰ কার্যকৰী হ’ব, তাক লৈ সন্দেহ সৃষ্টি হয়৷ এমজি এনৰেগাৰ খতিয়ান সন্দর্ভত আলোকপাত কৰাৰ পূর্বে জানি লোৱা ভাল যে অসমলৈ অহা সময়ছোৱাত ৰাজ্যৰ বাহিৰৰ পৰা কিমান লোক ঘূৰি অহাৰ সম্ভাৱনা আছে৷

বহিঃৰাজ্যত কর্মৰত লোকসকলৰ সহায়ৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ এটা হেল্পলাইন নম্বৰ মুকলি কৰি তেওঁলোকৰ নাম–ঠিকনা পঞ্জীয়নৰ ব্যৱস্থা কৰিছিল৷ ইয়াৰ বাবে বহিঃৰাজ্যত কর্মৰত শ্রমিকসকলে নির্দিষ্ট নম্বৰটোত এটা মিছকল দিয়াৰ প্রয়োজন৷ তাৰ পিছত তেওঁলোকৰ ম’বাইললৈ এটা লিংক প্রেৰণ কৰা হয়৷ তাতেই নাম তথা কর্মৰত স্থানৰ সবিশেষ উল্লেখ কৰাৰ সুবিধা আছে৷ এইদৰে বহিঃৰাজ্যৰ লোকসকলৰ নাম পঞ্জীয়নৰ লগতে আৰম্ভণিৰে পৰা জড়িত হৈ থকা এটা সংস্থা হ’ল পিৰামল ফাউণ্ডেচন৷ তেওঁলোকক স্বেচ্ছাসেৱক হিচাপে সহযোগ কৰিছে অসমৰ কেইবাখনো মহাবিদ্যালয়–বিশ্বব্ ছাত্র–ছাত্রীয়ে৷

পিৰামল ফাউণ্ডেচনৰ পৰা জানিব পৰা মতে কালিৰ দিনটোলৈ তেওঁলোকে বহিঃৰাজ্যত কর্মৰত লোকসকলৰ পৰা ৭.৫০ লাখৰো অধিক মিছকল লাভ কৰিছে৷ মিছকল দিয়া লোকসকলৰ অধিকাংশই কেৰালা, কর্ণাটক, তামিলনাডু, তেলেংগানা আদিত কর্মৰত৷ দিল্লী, হাৰিয়ানা আৰু গুজৰাটতো বহু হাজাৰ শ্রমিক আবদ্ধ হৈ আছে৷ তেওঁলোক আটায়ে অসমলৈ উভতি আহিব বিচাৰে৷ এতিয়া প্রশ্ণ হ’ল– অসমলৈ উভতি আহিবলগীয়া ৭.৫০ লাখ লোকক নতুনকৈ জবকার্ড প্রদান কৰি কামত নিয়োজিত কৰিব পৰা পৰিস্থিতি আছেনে ৰাজ্যখনত? ইয়াৰ বাবে অসমত এমজি এনৰেগাৰ কাম কিদৰে চলিছে, তাৰ তথ্যসমূহ প্রথমতে এবাৰ চাই লোৱাটো প্রয়োজন৷ চৰকাৰী তথ্য অনুসৰি, অসমত ইছ্যু কৰা মুঠ জবকার্ডৰ সংখ্যা হ’ল ৫২.১৩ লাখ৷ জবকার্ডৰ অধীনত শ্রমিক আছে ৮৮.৯৪ লাখ৷

পৰৱর্তী সময়ত চৰকাৰৰ হিচাপ মতে অসমত বর্তমান ২৯.০৩ লাখ জবকার্ডহে সক্রিয় হৈ আছে৷ সক্রিয় শ্রমিকৰ সংখ্যা হ’ল ৪৩.৫৫ লাখ৷ ৰাষ্ট্রীয় গ্রামীণ নিয়োগ নিশ্চিত আইন অনুসৰি জবকার্ডপ্রাপ্ত ইচ্ছুক শ্রমিকসকলক ১০০ দিনৰ কর্মসংস্থাপন প্রদান কৰাটোৱে ইয়াৰ লক্ষ্য৷ কিন্তু অসমৰ ক্ষেত্রত ২০১৬–১৭ বর্ষত ১১,২৯৭টা, ২০১৭–১৮ বর্ষত ১০,৯২৮টা, ২০১৮–১৯ বর্ষত ১৮,৩৬০টা আৰু ২০১৯–২০ বর্ষত ৩০,১৬৭টা পৰিয়ালেহে বছৰত ১০০ দিনৰ কাম লাভ কৰিছে৷ উক্ত বিত্তীয় বছৰকেইটাত একোটা পৰিয়ালে গড়ে ক্রমে ২৯ দিন, ২৮ দিন, ৩০ দিন আৰু ৩২ দিনৰ কর্মসংস্থাপন লাভ কৰিছিল৷ লক্ষণীয়ভাৱে ছেগাচোৰোকাকৈ হ’লেও ২০১৬–১৭ত ২৩.২৯ লাখ, ২০১৭–১৮ত ২৬.০৪ লাখ, ২০১৮–১৯ত ২৪.৬ লাখ আৰু ২০১৯–২০ত ২৭.৮১ লাখ শ্রমিকে কাম লাভ কৰা বুলি চৰকাৰী তথ্যই কয়৷ চৰকাৰৰ এই তথ্য সঁচা বুলিও যদি এক মুহূর্তৰ বাবে মানি লোৱা হয়, তেনেহ’লেও সক্রিয় জবকার্ড থকা শ্রমিকৰ ৫০ শতাংশয়ো

বছৰটোত এমজি এনৰেগাৰ অধীনত কাম লাভ কৰা নাই৷ ১০০ দিনৰ কর্মসংস্থাপন দূৰৈৰ কথা, তদুপৰি ওপৰত উল্লেখ কৰা সংখ্যবোৰো চৰকাৰী নথিৰ পৰাহে লোৱা৷ অসমত এমজি এনৰেগাৰ নামত বাস্তৱত যি চলি আছে সেয়া আইন–কানুনৰ ওচৰেদিও নাযায়৷ কিয়নো সমগ্র ৰাজ্যৰ প্রতিখন পঞ্চায়তত এমজি এনৰেগাৰ নামত চলি আছে কেৱল ঠিকাদাৰৰাজ য’ত স্থানীয় এচাম ৰাজনৈতিক নেতা–পালিনেতাই প্রথমতে এমজি এনৰেগাৰ কামত নিজৰ ধন বিনিয়োগ কৰিছে আৰু ভুৱা জবকার্ডেৰে আঁচনিৰ ধন শ্রমিকৰ নামত উলিয়াই নিছে৷ যিকোনো এখন জিলাৰ কেইখনমান পঞ্চায়তত চৰকাৰে সামান্য অনুসন্ধান কৰিলেই জোলোঙাৰ মেকুৰী ওলাই পৰিব৷ উদাহৰণস্বৰূপে, কোনো গাঁৱত যদি এমজি এনৰেগাৰ অধীনত পথ এটা নির্মাণ কৰিবলৈ লোৱা হয়, তাৰ বাবে এতিয়া শ্রমিকৰ প্রয়োজন নহয়৷ স্থানীয় ৰাজনৈতিক নেতা–পালিনেতা কেইজনমানে ট্রেক্টৰ, জেচিবি আদি লগাই কোনোমতে পথটোৰ নির্মাণ সম্পূর্ণ কৰে৷ শ্রমিক হিচাপে ইতিমধ্যে নিষ্ক্রিয় হৈ পৰা জবকার্ডধাৰী লোকৰ নাম উল্লেখ কৰা হয়৷ পৰৱর্তী সময়ত এই জবকার্ডৰ জৰিয়তে সমুদায় ধন কেইজনমান মুষ্টিমেয় লোকে উলিয়াই নিয়ে৷

তৃণমূল পর্যায়ত সংঘটিত এই দুর্নীতিৰ অন্যতম অংশীদাৰ হ’ল স্থানীয় পঞ্চায়ত প্রতিনিধি আৰু ডাকঘৰৰ কর্মচাৰী৷ আনকি কোনো কোনো ঠাইত পঞ্চায়তৰ সভাপতি, সদস্যই এমজি এনৰেগাৰ নামত ঠিকাদাৰীত প্রত্যক্ষভাৱে নামি পৰিছে৷ বিশেষকৈ বিজেপি মিত্রজোঁটৰ কার্যকালত প্রথমৰ পৰাই এমজি এনৰেগাৰ সকলো লক্ষ্য, উদ্দেশ্য আৰু নীতি–নিময় ভৰিৰে মোহাৰি পেলোৱা হৈছে৷ এই আইন অনুসৰি সকলো কাম শ্রমিকৰ জৰিয়তে কৰোৱাটো বাধ্যতামূলক৷ সকলো প্রকাৰৰ যন্ত্রপাতি ব্যৱহাৰ কৰাটো নিষিদ্ধ৷ কিন্তু অসমৰ গাঁৱে–ভূঞে এতিয়া এমজি এনৰেগা আঁচনিৰ নামত জেচিবি, ট্রেক্টৰ, ৰুলাৰ আদি ব্যৱহাৰৰ দৃশ্য তেনেই সুলভ৷ বিভাগীয় মন্ত্রী নৱ কুমাৰ দলেৰ চৰম অদক্ষতাৰ পৰিণতিতে এই আঁচনিখন এতিয়া এচামৰ লুণ্ঠনৰ হাথিয়াৰ হৈ পৰিছে৷ এনে পৰিস্থিতিত অসমলৈ উভতি আহিবলগীয়া ৭–৫০ লাখ লোকক জবকার্ড প্রদান কৰি শীঘ্রে এমজি এনৰেগাৰ কামত নিয়োজিত কৰাৰ কথাটো যে আকাশত চাং পতাৰ বাহিৰে আন একো নহয়, সেয়া সহজেই অনুমেয়৷

You might also like