নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : ভাৰতীয় হকী খেলৰ বাটকটীয়া মেজৰ ধ্যান চান্দৰ জন্ম দিৱসটি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে সমগ্ৰ ভাৰতৰ লগতে চিনামৰা মহাবিদ্যালয়তো মহাবিদ্যালয় NSS গোট আৰু যোৰহাট জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুটীয়াভাৱে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে মহাবিদ্যালয় প্ৰাংগণত গছপুলি ৰোপণ, চাফাই অভিযান, বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰ লগতে এক বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হয়। পুৱা প্ৰায় ৭৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা সমূহীয়া চাফাই অভিযানৰ নেতৃত্ব দিয়ে ছাত্ৰ একতা সভাৰ সভাপতি তথা NSS স্বেচ্ছাসেৱী কৌস্তভ জ্যোতি কলিতা আৰু প্ৰীতি ৰায়ে । বেডমিন্টন,উচ্চ জাঁপ, কেৰম আদি খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু ছাত্ৰ-ছাত্ৰী সকলে ভাগ লয়। মহাবিদ্যালয় খেলপথাৰতে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালনৰ মুকলি সভাত দিৱস পালনৰ তাৎপৰ্য ব্যাখ্যা কৰে মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক অধ্যাপক ৰঞ্জু কুমাৰ ভড়ালীয়ে । ভাষণ প্ৰসংগত তেওঁ মেজৰ ধ্যান চান্দৰ কীৰ্তি আৰু ভাৰতৰ খেল জগতৰ প্ৰতি থকা অৱদানৰ বিষয়ে কয়। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া অধ্যাপক পদ্মেশ্বৰ কাটনীৰ তত্ত্বাৱধানত অনুষ্ঠিত অনুষ্ঠানত অধ্যাপিকা ৰূমী শইকীয়ায়ো অংশগ্ৰহণ কৰে।
প্ৰেৰক নৱজ্যোতি তামুলী