🔹 তিনিটাকৈ ৰূপৰ পদক অৰ্জনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে অভিজ্ঞানে
নিয়মীয়া বাৰ্তা, ২৫ জুলাই : ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে শিৱসাগৰৰ এটি ১৩ বছৰীয়া কিশোৰে৷ কিশোৰগৰাকীৰ নাম হৈছে অভিজ্ঞান মহন৷ নাজিৰাৰ জয় খামদাং গাঁৱৰ সঞ্জয় মহন আৰু বিজুমণি শইকীয়া মহনৰ একমাত্ৰ সন্তান অভিজ্ঞানে শেহতীয়াকৈ ওড়িশাৰ কলিংগ একুৱেটিক কমপ্লেক্সত অনুষ্ঠিত হৈ যোৱা ৪০সংখ্যক ছাব জুনিয়ৰ আৰু ৫০সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়াত অসমৰ হৈ অংশগ্ৰহণ কৰি মুঠ তিনিটাকৈ ৰূপৰ পদক অৰ্জনেৰে কেৱল শিৱসাগৰেই নহয়, সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ অভিজ্ঞানে কলিংগ কমপ্লেক্স জলক্ৰীড়াৰ ১০০ মিটাৰ বাটাৰফ্লাই, ৫০ মিটাৰ বাটাৰফ্লাই আৰু ৫০ মিটাৰ বেকষ্ট্ৰোক ইভেন্টত ৰপৰ পদক অৰ্জন কৰে৷ উল্লেখ্য যে এইবাৰৰ কলিংগ ৰাষ্ট্ৰীয় জলক্ৰীড়াত অসমে অৰ্জন কৰা মুঠ ১৮টা পদকৰ ৫টা ৰূপৰ পদকৰ ভিতৰত অভিজ্ঞানেই সৰ্বাধিক তিনিটা পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ শিৱসাগৰ গোহাঁইপুখুৰী ছুইমিং পুলৰ পৰা গৈ প্ৰথমবাৰৰ বাবে নেচনেল চেম্পিয়নশ্বিপত অংশ লোৱা প্ৰতিভাৱান অভিজ্ঞান মহনে যি সাফল্য অৰ্জন কৰিলে, তাক ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী ৰাইজে একমুখে প্ৰশংসা কৰিছে৷ অসম সাঁতোৰ সন্থাৰ বিষয়ববীয়াই সাফল্য অৰ্জন কৰা অন্যান্য খেলুৱৈসকলৰ লগতে অভিজ্ঞান মহনক বিশেষ অভিনন্দন জ্ঞাপন কৰিছে৷ ইয়াৰ পূৰ্বেও “আণ্ডাৰ ৱাটাৰ স্প’ৰ্টছ ফেডাৰেচন অৱ ইণ্ডিয়া”ই মহাৰাষ্ট্ৰৰ মালৱান বীচত অনুষ্ঠিত কৰা “প্ৰথম অল ইণ্ডিয়া অপেন ৱাটাৰ (চী) ফিনছুইমিং কম্পিটিচন, ২০২৩”ৰ “জুনিয়ৰ চি বয়জ” শাখাত অংশ লৈ অভিজ্ঞান মহনে ১ কিঃমি: ইভেন্টত প্ৰথম স্থান লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ এক কথাত ৰাজ্যৰ জলক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰচুৰ সম্ভাৱনাময় কিশোৰ খেলুৱৈ অভিজ্ঞান মহনে সম্প্ৰতি শিৱসাগৰ হলী নেম স্কুলত সপ্তম শ্ৰেণীত অধ্যয়ন কৰি আছে৷
প্ৰেৰক প্ৰণৱ খাটনিয়াৰ