নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় শিক্ষক বঁটাপ্ৰাপক কুমুদ কলিতালৈ উদয়ন বঁটা

🔴১৬ নৱেম্বৰত পাঠশালাত উদয়ন সংঘৰ সমন্বয়ৰ অনুষ্ঠান “উদয়ন সন্ধিয়া-২০২৩”

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰঃ সোণালী জয়ন্তী অতিক্ৰম কৰা বজালীৰ অন্যতম সামাজিক, সাংস্কৃতিক, স্বেচ্ছাসেৱী অনুষ্ঠান উদয়ন সংঘই প্ৰতিবছৰে পালন কৰি অহা সমন্বয়ৰ অনুষ্ঠান “উদয়ন সন্ধিয়া ২০২৩” অহা ১৬ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব৷ এই অনুষ্ঠান সন্দৰ্ভত আজি আবেলি উদয়ন সংঘৰ পাঠশালাস্থিত কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰা হয়৷ উদয়ন সংঘৰ সাধাৰণ সম্পাদক ৰত্ন কান্ত ৰয়ে সম্বোধন কৰা আৰু সভাপতি ৰুবুল কুমাৰ শৰ্মাই বিবৰণ কৰা সংবাদ মেলত এইবৰ্ষৰ ‘প্ৰশান্ত কুমাৰ শৰ্মা উদয়ন বঁটা’ ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰাপক বিশিষ্ট মানবদৰদী শিক্ষক তথা বিশেষভাৱে সক্ষম শিশুৰ আৱাসিক শিক্ষানুষ্ঠান তপোবনৰ সঞ্চালক কুমুদ কলিতাক প্ৰদান কৰা হব বুলি ঘোষণা কৰে৷ পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিতব্য এই সমন্বয়ৰ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা উদয়ন সংঘৰ পতাকা উত্তোলন কৰিব উদয়ন সংঘৰ সভাপতি ৰুবুল কুমাৰ শৰ্মাই, স্মৃতি তর্পন কৰিব দীপ দাস, অৰূপ দাস আৰু ছবিৰঞ্জন কাকতিয়ে৷ আবেলি বিশিষ্ট সমাজকর্মী কন্দর্প কুমাৰ শৰ্মা সোৱৰণী মঞ্চ উদ্বোধন কৰিব ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শর্মাই৷ সন্ধিয়া মুকলি সভা, সম্বৰ্ধনা, মুখপত্র উন্মোচন আৰু ‘প্রশান্ত কুমাৰ শৰ্মা উদয়ন বঁটা- ২০২৩’ প্রদান অনুষ্ঠানত সভাপতিত্ব কৰিব সংঘৰ সভাপতি ৰুবুল কুমাৰ শৰ্মাই৷ আদৰণি ভাষণ প্ৰদান কৰিব উদযাপন সমিতিৰ সভাপতি ড° ৰণজিৎ ডেকাই৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লব মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ, অসম বিধান সভাৰ প্ৰধান সচিব হেমেন দাস, আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্রযোজক তথা অসম সৌৰভ কৃষ্ণ ৰয়, পাঠশালা বজাৰ সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী, বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাস, আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰী, বজালী জিলা পৰিষদৰ সভাপতি ৰঞ্জিত শালৈ, পাঠশালা পৌৰসভাৰ পৌৰপতি জলী চৌধুৰী আৰু কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ সমন্বয়ক ড° ধীৰাজ শৰ্মাই৷ ইয়াৰ পিছতে কুমুদ কলিতাক ২০২৩ বৰ্ষৰ উদয়ন বঁটা প্ৰদান কৰা হব৷ অনুষ্ঠানত অসমৰ উপ-লোকায়ুক্ত হিতেশ কুমাৰ শৰ্মা, বিশিষ্ট চিকিৎসক ডাঃ নিউটন কুমাৰ দাস, পাঠশালা বজাৰ সমিতিৰ সম্পাদক জিতেন তালুকদাৰ, ক্রীড়াবিদ তথা সংগঠক ক্ৰমে হিতেশ বৰুৱা আৰু গোপেশ কলিতাক সম্বৰ্ধনা জনোৱা হব৷ সন্ধিয়া শিখা প্রজ্জ্বলন কৰিব জলসিঞ্চন বিভাগৰ টিহু সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা, বিশ্বজিৎ শৰ্মাই৷ ইয়াৰ পিছতে ৰাজমুকুট থিয়েটাৰৰ প্ৰযোজক মানস কলিতাই উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক সন্ধিয়াত সংগীত পৰিৱেশন কৰিব ইণ্ডিয়ান আইডল খ্যাত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শনমুখা প্ৰিয়া আৰু ইমন চেটার্জীয়ে৷ আজিৰ সংবাদ মেলত ৰুবুল কুমাৰ শৰ্মা আৰু ৰত্ন কান্ত ৰয়ৰ লগতে সংঘৰ বিষয়ববীয়া ক্ৰমে বিজয় দাস, গোলক ডেকা, চম্পক শৰ্মা, জিণ্টুল তালুকদাৰ, মনোজ কুমাৰ চৌধুৰী, হিতেশ কাকতি (ডুলু) সমন্বিতে কেইবাগৰাকীও কাৰ্যকৰ্তাই উপস্থিত থাকি অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি কামনা কৰিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like