বিশেষ বাৰ্তা, ৩১ অক্টোবৰঃ লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিৱস উপলক্ষ্যে আজি মৰিয়নিতো ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। একতা দিৱসৰ লগত সংগতি ৰাখি মৰিয়নিত ‘একতাৰ বাবে দৌৰ’ অৰ্থাৎ ‘ৰান ফ’ৰ ইউনিটি’ শীৰ্ষক সামূহিক দৌৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। মৰিয়নি পৌৰসভাৰ উদ্যোগত আজি পুৱা অনুষ্ঠিত এই সামূহিক দৌৰত মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অসীম বৰগোঁহাই, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ -পৌৰপতি প্ৰদীপ দাস, পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া ডাঃ বিশ্বজিত বৰা, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, মৰিয়নিৰ আৱকাৰী পৰিদৰ্শক বিতুল খনিকৰ, চেম্বাৰ্চ অৱ কমাৰ্চৰ সম্পাদক মানৱ দাস, পৌৰ সদস্য ৰঞ্জুশ্ৰী দাস, কাজল ভট্টাচাৰ্য্য, শংকৰ চক্ৰৱৰ্তী প্ৰমুখ্যে ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয় আৰু পৌৰসভাৰ বিষয়া- কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। এই দৌৰত মৰিয়নিৰ কেবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়েও অংশগ্ৰহণ কৰে। মৰিয়নি পৌৰসভাৰ কাৰ্য্যালয়ৰ পৰা আৰম্ভ হোৱা এই দৌৰ মৰিয়নি নগৰৰ মাজেৰে যায়। আনহাতে, মৰিয়নিৰ সমীপৱৰ্তী ৬৩নং কুশল কোঁৱৰ গাঁও পঞ্চায়ততো আজি পুৱা একতাৰ বাবে দৌৰ কাৰ্য্যসূচী সম্পন্ন হয়। পঞ্চায়তখনৰ সভানেত্ৰী নিতুমনি ফুকনৰ নেতৃত্বত এই কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া