নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতীয়তাবাদী আন্দোলনৰ মহীৰূহ সৰুপেটাৰ খনীন মহন্তৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ অসমৰ জাতীয়তাবাদী আন্দোলনৰ আপোচবিহীন এক সংগ্ৰামী সত্বা খনীন মহন্তই অজান্তি মুলুকলৈ গতি কৰিলে। জাতীয়তাবাদী আন্দোলনত নেতৃত্ব প্ৰদানকাৰী নেতাগৰাকীৰ আজি দিনৰ প্ৰায় ডেৰ বজাত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে। সৰুপেটাৰ সমীপৰ মিলনপুৰ চুবুৰিৰ স্থায়ী বাসিন্দা খনীন মহন্তক যোৱা ৫ তাৰিখে নিজ গৃহত শ্বাসজনিত কষ্ট অনুভৱ কৰাত বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু আজি তেওঁৰ পৰলোক গমন হয়। উল্লেখ্য, জন্মসূত্ৰে বৰপেটাৰ সুন্দৰীদিয়াৰ কলয়াহাটীৰ বাসিন্দা খনীন মহন্তই পত্নীৰ চাকৰি সূত্ৰে সৰুপেটাৰ সমীপৰ মিলন চুবুৰীত স্থায়ীভাবে বসবাস কৰিবলৈ লয়। তাৰ পিছতে বৃহত্তৰ সৰুপেটা অঞ্চলত তেওঁ আন্দোলন সংগঠিত কৰাৰ কামত নামি পৰে। তেতিয়াৰ সক্ৰিয় পি এল পি অৰ্থাৎ পূৰ্বাঞ্চলীয় লোক পৰিষদৰ সদস্য হিচাপে অসম গণ সংগ্ৰাম পৰিষদত অন্তৰ্ভুক্ত খনীন মহন্তই বৃহত্তৰ সৰুপেটা অঞ্চলত আন্দোলন সংগঠিত কৰাৰ কামত সক্ৰিয়ভাৱে লাগি পৰে। এই ক্ষেত্ৰত তেওঁ বিশেষভাৱে উপদেষ্টাৰ ভূমিকা পালন কৰিছিল। আন্দোলনৰ মাজতে ১৯৮০ চনত বৰপেটা আইন মহাবিদ্যালয়ৰ পৰা এল এল বি পৰীক্ষাত উত্তীৰ্ণ হৈ বৰপেটা আদালতত তেওঁ ওকালতি আৰম্ভ কৰে। ওকালতি ব্যৱসায়ত সফলতা লাভ কৰিলেও জাতীয়তাবাদী মনোভাবাপন্ন মহন্তই ওকালতি বাদ দি পৰবৰ্তী সময়ত অসম গণ পৰিষদ দল গঠন হোৱাত তেওঁ উক্ত দলৰ সাংগঠনিক সম্পাদকৰ পদ লাভ কৰে আৰু দলটোক শক্তিশালী কৰি তুলিবলৈ নিজকে আত্মনিয়োগ কৰে। তাৰ পিছতেই ১৯৮৫ চনত ৰাজ্যখনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদ দলে চৰকাৰ গঠন কৰে আৰু এই ক্ষেত্ৰতো তেওঁৰ অবদানে উল্লেখনীয় হিচাপে স্বীকৃতি লাভ কৰে। সেই সময়ত তেওঁ অসম চৰকাৰৰ বেচা-কিনা নিগমৰ অধ্যক্ষৰ পদ‌ লাভ কৰে। আনহাতে অসম গণ পৰিষদ দলে দ্বিতীয়বাৰ চৰকাৰ গঠন কৰাৰ সময় ১৯৯৬ চনতো তেওঁৰ সুদক্ষ নেতৃত্বৰ বাবে এছকাৰ্ড বেঙ্কৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হবলৈ সক্ষম হয়। দুখীয়া-নিছলাৰ হকে সদায়েই সহানুভূতিশীল প্ৰয়াত মহন্তই ১৯৮২ চনত দুখীয়া শ্ৰমজীৱি জনতাৰ পক্ষত থিয় দি ‘সৰুপেটা আঞ্চলিক শ্ৰমিক সন্থা’ গঠন কৰিছিল।তদুপৰি সৰুপেটাৰ প্ৰয়াত ভগবান চন্দ্ৰ ডেকা প্ৰমুখ্যে সেইসময়ৰ কিছুসংখ্যক যুৱকক লগত লৈ এক কৰ্মমুখী আচনি প্ৰস্তুত কৰি সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ত এনেয়ে চন পৰি থকা মাটিটুকুৰাত কৃষিকাৰ্য কৰি যুৱচামক উৎসাহিত কৰি এক আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।আনহাতে মাধ্যম আন্দোলনৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বৰ সময়ছোৱাত প্ৰবৰ্তন কৰা জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰাৰ বাবে সময়তো তেওঁ আৰক্ষীৰ ৰোষৰ বলি হৈ তেওঁ গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হৈছিল। এসময়ত ঘৰুৱা শিক্ষকতা কৰা প্ৰয়াত মহন্ত এগৰাকী মেধাবী, স্মৃতিপ্ৰখৰ ছাত্ৰ হিচাপে জনাজাত আছিল। সেই সূত্ৰেই কটন কলেজিয়ট হাইস্কুলৰ পৰা গণিতত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পৰবৰ্তী বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত পঢ়া কালতো তেওঁ সেই মেধাৰ পৰিচয় অক্ষুণ্ণ ৰাখিব পাৰিছিল। উল্লেখ্য, পৰবৰ্তী সময়ত শাৰীৰিক অসুস্থতাৰ বাবে ২০১৬ চনৰে পৰা নিজৰ ঘৰতে শয্যাশায়ী প্ৰয়াত মহন্তই বৰ্তমান অসম গণ পৰিষদৰ নেতৃত্বৰ বৰ্তমানৰ ভূমিকাই তেওঁক অসন্তুষ্ট কৰি অহাৰ কথা প্ৰায়েই প্ৰকাশ কৰি আহিছিল। মৃত্যুৰ সময়ত প্ৰয়াত মহন্তই পত্নী ড০ অমিয়া মহন্তৰ লগতে এজন পুত্ৰ, দুগৰাকী বিবাহিতা জীয়ৰী, নাতি-নাতিনী আৰু অসংখ্য আত্মীয় স্বজন এই সংসাৰত এৰি গৈছে। প্ৰয়াত মহন্তৰ মৃত্যুৰ সংবাদ পোৱাৰ লগে লগে প্ৰয়াত মহন্তৰ মিলনপুৰ চুবুৰীৰ ঘৰখন তেওঁৰ গুণমুগ্ধৰে ভৰি পৰে। জাতীয়তাবাদী নেতাগৰাকীৰ মৃত্যুত অসমৰ জাতীয়তাবাদী আন্দোলনৰ ধাৰাটোত নিশ্চিতভাবে এক যতি পৰা বুলি মন্তব্য কৰিছে ভৱানীপুৰৰ প্ৰাক্তন বিধায়ক ড০ মনোৰঞ্জন দাসে। এগৰাকী ঘনিষ্ঠ আন্দোলনকাৰী হিচাপে প্ৰয়াত মহন্তৰ বিচক্ষণতা সুঁৱৰি প্ৰাক্তন বিধায়কগৰাকীয়ে নিজেই শোকত ভাগি পৰা বুলি মন্তব্য কৰিছে। মহন্তৰ মৃত্যুত অসম গণ পৰিষদৰ সৰুপেটা আঞ্চলিক সমিতি, সৰুপেটা শাখা সাহিত্য সভাৰ লগতে আম আদমি পাৰ্টীৰ ৰাজ্যিক নেতা কমল কুমাৰ মেধি প্ৰভৃতি ব্যক্তিসকলে গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখ্য, ২৫ নবেম্বৰত প্ৰয়াত নেতাগৰাকীৰ ব্যক্তিত্বৰ‌ বিভিন্ন দিশ সামৰি ‘অনিৰ্বাণ খনিন’ নামৰ এখনি গ্ৰন্থ গুৱাহাটীৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হৈছিল।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like