নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভ্ৰাম্যমাণত নতুন সংযোজন ৰাজলক্ষ্মী থিয়েটাৰ : পাঠশালাত আখৰাগৃহৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ অসমৰ সৰ্বোকৃষ্ট গণ মাধ্যম হিচাপে পৰিচিত ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পত এক নতুন সংযোজন, ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মস্থান, নাট্যনগৰী পাঠশালাৰ বামাখাটাত আজি ৰাজলক্ষ্মী থিয়েটাৰৰ স্থায়ী আখৰা গৃহৰ লাইখুঁটা স্থাপন কৰে প্ৰস্তুতি পৰাশৰে। আজি ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰম্যভূমি বজালীৰ পাঠশালা নগৰৰ নিকটবৰ্তী বামাখাটা গাঁৱত লাইখুটা স্থাপন কৰি পৰাশৰে ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰযোজক ধ্ৰুৱজ্যোতি তালুকদাৰক এই পদক্ষেপৰ বাবে শলাগ জ্ঞাপন কৰাৰ লগতে থিয়েটাৰৰ গতিশক্তি প্ৰদানৰ ক্ষেত্ৰত কেতবোৰ সুপৰামৰ্শ আগবঢ়ায়। বিশিষ্ট শিল্পী লক্ষ্মী দাসে আঁত ধৰা লাইখুটা স্থাপন অনুষ্ঠানটোত প্ৰযোজকৰ মাতৃ নিৰদা তালুকদাৰ, বজালী জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰী, পাঠশালা বজাৰ কমিটিৰ সম্পাদক জিতেন তালুকদাৰ, সামগ্রিক পৰিচালকৰ মাতৃ জয়াবতী তালুকদাৰ, টিহু মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক কমলা ডেকা, পাঠশালা শাখা সাহিত্য সভাৰ সম্পাদক প্ৰবোধ শৰ্মা, বিশিষ্ট ভায়োলিন বাদক দীপক বৰুৱা, পাঠশালা ৰাস মহোৎসৱৰ কাৰ্য্যকৰী সভাপতি গিৰীশ পাটগিৰী, পৰিয়ালবৰ্গৰ হৈ ক্ৰমে তিলোত্তমা দাস আৰু কানন ডেকা, ডাঃ শশাংক তালুকদাৰ, দুই সহ প্ৰযোজক ডিম্পল তালুকদাৰ আৰু নিৰ্মল ৰয়, সামগ্রিক পৰিচালক নিতুল তালুকদাৰ, টুটুুল তালুকদাৰ সমন্বিতে বহু বিশিষ্ট লেকে অংশ লয়। ইয়াৰ আগেয়ে মাংগলিক পূজা অৰ্চনাৰে স্থায়ী আখৰা গৃহৰ চৌহদৰ দ্বাৰ মুকলি কৰা হয়। আখৰা গৃহ নিৰ্মাণ কাৰ্যৰ অনুষ্ঠানটি বিশিষ্ট ভায়োলিন বাদক দীপক বৰুৱাই ভায়োলিন বাদনেৰে শুভাৰম্ভ কৰে। বিশিষ্ট শিল্পী লক্ষ্মী দাসৰ সঞ্চালনাত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানটোত নাট্যকাৰ আৰু পৰিচালক অভিজিৎ ভট্টাচাৰ্য্য, অভিনেতা ক্ৰমে নৱজিৎ কাশ্যপ, দেৱজিৎ ৰয়, চন্দন দাস, দীপাংকৰ তালুকদাৰ, বজালী জিলা পৰিষদৰ সভাপতি ৰঞ্জিত শালৈ, পাঠশালা পৌৰ সভাৰ পৌৰপতি আৰু উপ পৌৰপতি ক্ৰমে জলী চৌধুৰী, ৰাতুল ৰয়, অসম জাতীয়তাবাদী যুব-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা ক্ৰমে বীজন বায়ন, মৃদুল তালুকদাৰ, মণ্টু শৰ্মা, গ্ৰীণ মিছন-বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰ, আছু নেতা ধীমান শৰ্মা, বিশিষ্ট অধিবক্তা গিৰিধৰ চৌধুৰী, বিশিষ্ট সমাজকৰ্মী দিলীপ বৰুৱা, অপূৰ্ব বৰুৱা, ৰাজেন ৰয়, লাবণ্য পাটগিৰি, আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, বিশিষ্ট ব্যবসায়ী অনাদি পাটগিৰি, বজালী জিলাৰ উন্নয়ন আয়ুক্ত মানস দাস, বজালী জিলা পৰিষদৰ সভাপতি ৰঞ্জিত শালৈ, বামাখাটা সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া, ইউনাইটেড ক্লাব, কেন্দুগুৰীৰ বিষয়ববীয়াসহ বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত বিশিষ্ট প্ৰবীণ অভিনেতা লংকেশ্বৰ তালুকদাৰ, বজালী জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰী, পাঠশালা উদয়ন সংঘৰ সভাপতি ৰুবুল শৰ্মা, নাট্যকাৰ আৰু পৰিচালক কিশোৰ তহবিলদাৰ, পাঠশালা বজাৰ কমিটিৰ সম্পাদক জিতেন তালুকদাৰে ভাষণ ৰাখে। বামাখাটা ৰাইজৰ লগতে বজালীবাসীয়ে এই প্ৰয়াসক সহৃদয়তাৰে আদৰণি জনায়। অনুষ্ঠানত ৰাজলক্ষী থিয়েটাৰ পৰিয়ালৰ প্ৰয়াত মোহিনী মোহন তালুকদাৰ, প্ৰয়াত উদ্ধৱ তালুকদাৰ আৰু প্ৰয়াত হেমাংগ তালুকদাৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়।

প্ৰেৰক কল্যাণ কলিতা

You might also like