নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰকৃতি সংৰক্ষণ, গঁড় হত্যা ৰোধ, ৰক্তদান আৰু ড্ৰাগছমুক্ত সমাজ গঢ়াৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াসেৰে গৌৰীশংকৰৰ পদযাত্ৰা

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ প্ৰকৃতি সংৰক্ষণ, গঁড় হত্যা ৰোধ, ৰক্তদান আৰু ড্ৰাগছমুক্ত সমাজ গঢ়াৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াসেৰে অসমৰ এজন যুৱকে লোৱা এক অভিনৱ প্ৰয়াসে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বহুতোৰে। সুদূৰ দৰং জিলাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক সজাগতামূলক এই বাৰ্তা দিবলৈ পদব্ৰজে খোজ কাঢ়ি কালি নিশাৰ ভাগত ধুবুৰীত উপস্থিত হৈছে গৌৰীশংকৰ কলিতা নামৰ সেই যুৱকজনে। অসম আৰক্ষীৰ সহযোগত আৰু প্ৰকৃতি বন্ধু নামৰ স্বেচ্ছাসেৱী সংগঠন এটাৰ উদ্যোগত ২০২১ চনৰ ২৪ ডিচেম্বৰত দৰং জিলাৰ পৰা আৰম্ভ কৰা যুৱকজনৰ এই যাত্ৰাই কালি ২ মাহ ১৬ দিন স্পৰ্শ কৰিলে। ইতিমধ্যে খোজ কাঢ়ি ৰাজ্যৰ মুঠ ৩৫খন আৰক্ষী জিলাৰ ২৭খনকৈ আৰক্ষী জিলাত উপস্থিত হৈছে গৌৰীশংকৰে আৰু অহা ১৫ দিন মানৰ ভিতৰত বাকী ৮খন জিলাও পৰিভ্ৰমণ কৰিব পাৰিব বুলিয়েই আশা ব্যক্ত কৰিছে তেওঁ। উল্লেখ্য যে কালি দিনৰ ১১টা মানৰ পৰা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পৰা প্ৰায় ১৩ ঘন্টা খোজ কাঢ়ি নিশা প্ৰায় ১২টা মান বজাত জিলাখনৰ সদৰ ধুবুৰীত উপস্থিত হয় তেওঁ। ধুবুৰীত উপস্থিত হৈ স্থানীয় একাংশ সংবাদ কৰ্মীৰ সন্মুখত যি উদ্দেশ্যেৰে তেওঁ এই পদযাত্ৰা আৰম্ভ কৰিছে সেয়া সফল হ’ব বুলি আশা প্ৰকাশ কৰে। লগতে তেওঁৰ এই যাত্ৰাত সহায়–সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডা৹ হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনোৱাৰ ল’গতে অসমৰ প্ৰতিখন জিলাৰ প্ৰতিগৰাকী আৰক্ষী অধীক্ষককো কৃতজ্ঞতা জ্ঞাপন কৰে গৌৰীশংকৰ কলিতাই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like