নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রকৃতিয়েহে দিছে ক’ৰোনাঃ ‘কাৰ মৃত্যু কেতিয়া হ’ব সেয়া সোমাই আছে ভগৱানৰ ছুপাৰ কম্পিউটাৰত’

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ ক’ৰোনাৰ সম্ভাব্য তৃতীয় ঢ়ৌক লৈ চিকিৎসক মহলৰ লগতে ৰাজ্যবাসী উদ্বিগ্ণ হৈ থকাৰ সময়তে এই মহামাৰী ভগৱানৰ নির্দেশতহে হৈ আছে বুলি উদ্ভট মন্তব্য আগবঢ়ায় ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ কামৰূপ জিলাৰ এক চেক বিতৰণ অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্রীগৰাকীয়ে বিশ্ব স্বাস্থ্য সংস্থাকো তুচ্ছ–তাচ্ছিল্য কৰি ক’ভিডৰ ঔষধ কিয় আৱিষ্কাৰ কৰিব পৰা নাই, তাক লৈ ক্ষোভ প্রকাশ কৰে৷

পাটোৱাৰীৰ মন্তব্য– প্রকৃতিয়ে পৃথিৱীলৈ প্রেৰণ কৰিছে ক’ভিড৷ গতিকে তেওঁহে কাৰ ক’ভিড হ’ব, কাৰ ক’ভিডত মৃত্যু হ’ব, সেয়া নির্ধাৰণ কৰিব৷ সাংবাদিকৰ আগত মন্ত্রীগৰাকীয়ে কয়– ৯০ বছৰ বয়সৰ মানুহে মাস্ক নোহোৱাকৈ ঘূৰি ফুৰিছে, তেওঁলোকৰতো ক’ভিড হোৱা নাই, সেই কাৰণে প্রকৃতিয়ে নির্ধাৰণ কৰিছে যে এইটো ক’ভিড মই পঠিয়ালোঁ৷ অমুক–তমুকৰহে ক’ভিড হ’ব আৰু অমুক–মুকক মই পৃথিৱীৰ পৰা লৈ আহিম৷ সকলো নির্ধাৰণ কৰিছে তেওঁ৷ যাক আমি ভগৱান বুলি মানো, আল্লা বুলি মানো৷ এখন লিষ্ট তেৱেঁই বনাইছে৷ ভগৱানৰ কম্পিউটাৰৰ পৰা এইবোৰ হৈ আছে৷ এইবোৰ মেন মেড কম্পিউটাৰৰ পৰা হোৱা নাই৷ এই সকলো হৈছে ভগৱানৰ ছুপাৰ কম্পিউটাৰৰ পৰা৷ কাৰ ক’ভিড হ’ব, কোনে পৃথিৱীৰ পৰা বিদায় ল’ব, সকলো ভগৱানৰ ছুপাৰ কম্পিউটাৰত আছে৷ সেই বিষয়ত আমাৰ কাৰোৱে হাত নাই৷

ইফালে বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিডৰ ঔষধ আৱিষ্কাৰ কৰিব নোৱাৰাক লৈও ক্ষোভ উজাৰি মন্ত্রী পাটোৱাৰীয়ে কয়– আজি মুখ মেলি বহি আছে ‘হু’ৰ বিজ্ঞানীসকল৷ তেওঁলোকে মাজে মাজে কৈ থাকে যে থার্ড ফেজো এটা আহিব পাৰে৷ থার্ড ফেজ আহক, ফর্ড ফেজ আহক, ফিফট ফেজ আহক ডাঙৰ কথা নহয়, ঔষধ কি হ’ল? আপোনালোকতো বিজ্ঞানী, গৱেষণা কৰা লোক৷ কোটি কোটি বিলিয়ন ডলাৰ তাত খৰচ কৰিছে, ক’ত আজি ঔষধ? ‘হু’ এটা ৱর্ল্ড লেভেলৰ অর্গেনাইজেচন, ডাঙৰ ডাঙৰ বিজ্ঞানী মুখ মেলি বহি আছে৷ আজি বিজ্ঞানীৰ মাত নাই৷ ‘হু’– ই মুখখন মেলি বহি আছে, মাত নাই৷ কিন্তু ঔষধ কিয় উলিয়াব পৰা নাই? ইমান ডাঙৰ স্বাস্থ্য সংস্থা, ক’ত গ’ল? এই যে ‘হু’ৰ বিজ্ঞানীবোৰে টিপটপ লেকচাৰ মাৰে, ক’ত গ’ল বিজ্ঞানী? এটা ঔষধ উলিয়াব পৰা নাই আজিলৈকে৷

You might also like