গৰৈমাৰীত জি কে এছ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ সামৰণি
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী টাউন ক্লাব খেলপথাৰত কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা জি কে এছ প্ৰেছ ক্লাবৰ ৰূপালী জয়ম্তী বৰ্ষৰ কালি বিয়লি মুকলি সভাখন অনুষ্ঠিত হয় ৷ সভাত জ্যেষ্ঠ সম্পাদক প্ৰকাশ মহন্তই কয়— সমাজ আৰু সাংবাদিকতাৰ সৈতে জড়িত ব্যক্তিসকলৰ জীৱন শৈলী ৰজাৰ আসনত থকা মানুহৰ জীৱন শৈলীৰ লগত যদি একে হৈ যায়, তেন্তে সমাজৰ একো পৰিৱৰ্তন নহয় ৷ সেই কথাটো সাংবাদিকসকলে মনত ৰাখিব লাগিব বুলি কয় ৷ জি কে এছ প্ৰেছ ক্লাবৰ সভাপতি আব্দুৰ ৰহিমৰ সঞ্চালনাত আৰু গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ ভাৰপ্ৰাপ্ত শৈক্ষিক বিষয়া আবুল কালাম আজাদে পৰিচালনা কৰা সভাত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে সমাজ গঢ়িবৰ কাৰণে অকল শিক্ষাই যথেষ্ট নহয়, সমাজ গঢ়িবৰ কাৰণে সমাজ সচেতনৰ দৰকাৰ বুলিও উল্লেখ কৰে৷ জি কে এছ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ আদৰণী ভাষণ প্ৰদান কৰে সাংবাদিক ৰেজাউল কবীৰে ৷ সভাত জি কে এছ প্ৰেছ ক্লাবৰ উপদেষ্টা আব্দুৰ ৰহমানে বৃহত্তৰ অঞ্চলটোত চলি থকা অবৈধ তীৰ, মদ, জুৱা, ড্ৰাগছৰ লগতে বাল্য বিবাহৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ আনহাতে জি কে এছ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে সভাপতি ড০ শ্বেখ মজিবৰ ৰহমান আৰু আজমল চৌধুৰীৰ সম্পাদনত প্ৰকাশ কৰি উলিওৱা ‘চাপৰি’ নামৰ স্মৃতিগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই ৷ অনুষ্ঠানত সংবাদকৰ্মী হিচাপে জনসম্পৰ্ক ৰক্ষা কৰিবলৈ সক্ষম হোৱা সোণতলীৰ সাংবাদিক নয়ান আলী, গৰৈমাৰীৰ সাংবাদদাতা নুৰুল ইছলামক’গৌৰৱ বঁটা’ৰে সন্মানিত কৰে। কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই ফুলাম গামোচা, মানপত্ৰৰ সৈতে জি কে এছ ‘গৌৰৱ বঁটা’ প্ৰদান কৰে। গৰৈমাৰীৰ তৰুণ কলিতা, মহিমাৰীৰ আব্দুল মজিদ, সোণতলীৰ ৰহমত উল্লাহক কৃতী শিক্ষকৰ জি কে এছ ‘সূৰ্য বঁটা’ৰে সন্মানিত কৰা হয় ৷ আনহাতে জনহিত জনসেৱাৰ্থে কাম কৰা গুৱাহাটীৰ কপিল পাঠকক ‘কৰ্মশ্ৰী বঁটা’, গৰৈমাৰীৰ ডাঃ ফজলুল হক চৌধুৰী, সোণতলীৰ পানীখাইতীৰ আব্দুছ ছামাদ আহমেদক ‘সমাজ হিতৈষী বঁটা’, গৰৈমাৰীৰ দেলোৱাৰ হুছেইন, সোণতলীৰ ছাহজাহান আলীক আদৰ্শ কৃষক বঁটা, মেৰগাণ্ডাৰ ছহিদুল ইছলাম, সোণতলীৰ ৰশিদ আলীক জি কে এছ ‘সুদক্ষ খেলুৱৈ বঁটা’ প্ৰদান কৰা হয়৷ সভাত বকোৰ বিধায়িকা নন্দিতা দাস, গৰৈমাৰীৰ ফখৰুদ্দিন আহমেদ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আউৱাল চাহাব, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহজাহান আলী, গৰৈমাৰী জিলা পৰিষদৰ সদস্য ছাবেল উদ্দিন, মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ খবিৰউদ্দিন আহমেদ, ২নং যোগীপাৰা এল বি এছ এ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ছৈয়দ আহমেদ, জি কে এছ প্ৰেছ ক্লাবৰ উপদেষ্টা আজাদ ওচমান গণি, চাম্পুপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সৰবত আলী, সমাজকৰ্মী ডাঃ ফজলুল হক চৌধুৰী, প্ৰাক্তন বন বিষয়া ভৱেশ চন্দ্ৰ দাস, ছয়গাঁও আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ মুস্তাক আহমেদ, গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমানসহ কেইবাজনো সন্মানীয় অতিথিয়ে অংশগ্ৰহণ কৰে ৷ মুকলি সভাত সমবেত সংগীত, সত্ৰীয়া নৃত্য, জ্যোতি সংগীত আদিৰ লগতে নিশা আমন্ত্ৰিত শিল্পীয়ে গীত-মাত পৰিবেশন কৰে ৷
প্ৰেৰক নয়ান আলী