নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই বন্ধুৰে খাল সিঁচিবলৈ গৈ অঘটন, মৃত্যুৰে হাৰ মানিলে নয়নমণিয়ে

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ : প্ৰায় এটা পষেকৰ অন্তত মৃত্যুৰ স’তে যুজি দি নিয়তিৰ ওচৰত হাৰ মানিলে চাংসাৰিৰ নিকটতম গাঁও দালাঙৰ যুৱক নয়নমনি ডেকা। সকলোকে কন্দুৱাই সকলোৰে আপোন ২৮ বছৰীয়া নয়নমনি ডেকাই জিএমচিএইছত শেষ নিশ্বাস ত্যাগ কৰে। মৰণোত্তৰ পৰীক্ষাৰ নয়নৰ মৃতদেহ আহি পোৱাৰ পিছতে গাঁওখনত বিয়পি শোকৰ বন্যা। সমান্তৰালকৈ এক চেপা উত্তেজনাও পৰিলক্ষিত হয় গাঁওখনত । অৱশ্যে আৰক্ষী প্ৰশাসনৰ তৎপৰতা তথা উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণত থাকে। ইয়াৰ পিছত নিশাই বহু গুণমুগ্ধৰ উপস্থিতিত যুৱকজনৰ শেষকৃত্য সম্পন্ন হয়। উল্লেখ যে কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দালাং নিবাসী যামিনী ডেকাৰ পুত্ৰ নয়নমনি ডেকাই  ১১ মাৰ্চত চুবুৰীয়া দুই বন্ধু কমল ডেকা আৰু পংকজ ডেকাৰ সৈতে সন্ধিয়া ৬-৩০ বজাত গাঁওখনৰে শশাংক নাথৰ পথাৰত থকা খাল এটা সিঁচিব বুলি ওলাই গৈছিল। মাতৃ যামিনী ডেকাই এজাৰত অভিযোগ কৰা মতে, পুত্ৰক দুই বন্ধুই মাতি নিছিল পথাৰলৈ। কিন্তু সেইদিনা নিশা ঘৰলৈ নয়নমনি ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক। পিছদিনা অৰ্থাৎ ১২ মাৰ্চত দিনৰ ১১ মান বজাত নয়নমনিক পথাৰত উদ্ধাৰ কৰা হয় অচেতন তথা সংকটজনক অৱস্থাত। লগে লগে জিএমচিএইছত ভৰ্তি কৰোৱা হয় যুৱকজনক। শৰীৰত বাহ্যিক দৃষ্টিত আঘাতৰ কোন চিন পৰিলক্ষিত হোৱা নাই যদিও চিকিৎসকৰ মতে মুৰত ব্লাড জমা আৰু বুকুত ভিতৰি যথেষ্ট আঘাতৰ বাবে অচেতন হৈ থকা নয়নক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হব বুলি জানিবলৈ দিয়াত মূৰত সৰগ ভাগি পৰে দৰিদ্ৰ পৰিয়ালটিক। ইফালে দুই বন্ধুৰ চালচলন আৰু নয়নৰ অচেতনৰ ঘটনাটো ৰহস্যজনক কৰি তোলাৰ লগতে সন্ধেহ ঘনীভূত হয়। দুই বন্ধুৰ নিৰ্মম মাৰধৰৰ ফলতে নয়নমনিৰ এনে দশা হবলৈ পালে বুলি সদৰী কৰি ইয়াৰ বিহিত ব্যৱস্থা লবলৈ কমলপুৰ থানাত ১২ মাৰ্চতে নিশা মাতৃ যামিনী ডেকাই এজাহাৰ দাখিল কৰিছিল। আনকি গাঁওৰ মহিলাসহ বহুলোক নিশাই কমলপুৰ থানাত উপস্থিত হৈ অভিযুক্ত গ্ৰেপ্তাৰৰ দাবী জনাইছিল। অৱশ্যে ৰাইজৰ দাবী আৰু আৰক্ষীৰ হেচাত পলাতক দুই অভিযুক্ত কমল ডেকা আৰু পংকজ ডেকাই অগা-পিছাকৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে বুলি জানিব পৰা গৈছে । ইতিমধ্যে দুয়োজন অভিযুক্ত জেলৰ আলহী হৈ আছে যদিও নয়নমনিৰ মৃত্যুৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।
প্ৰেৰক অনুভৱ কুমাৰ 
You might also like