চৰাইদেউত প্রাক্ নির্বাচনী হিমন্ত ধুমুহা নাজিৰাত ২৬ কিলোমিটাৰ চাইকেল চলাই ড০ শর্মাৰ বিশাল ৰেলী
নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ সমগ্র নাজিৰা মহকুমাতে আজি নির্বাচনী ঢ়ৌৰ সৃষ্টি কৰি অসমৰ স্বাস্থ্য, বিত্ত আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সুদীর্ঘ ২৬ কিলোমিটাৰ পথ চাইকেল শোভাযাত্রা কৰি এক নজিৰ সৃষ্টি কৰে৷ মহাসতী জয়মতীৰ জন্মস্থান ঐতিহাসিক মাদুৰিৰ জয়মতী হাইস্কুল খেলপথাৰৰ পৰা পুৱা প্রায় ১১.৩০ বজাত হেলিকপ্ঢাৰৰ পৰা নামি পোনে পোনে পূর্বৰে পৰা চাইকেল আৰু মটৰচাইকেলেৰে সাজু হৈ থকা চাৰি সহস্রাধিক যুৱক–যুৱতী আৰু দলীয় কর্মীৰ পথ সমদলৰ আগত চাইকেল চলাই একাদিক্রমে মেছাগড, বুঢ়াগোহঁাই গাঁও, মঠীয়াছিগা, নমাটি, নাজিৰা নগৰ, চানবছা, শেনৰ আলি, নির্মলীয়া গাঁও, চকীমুখ, ৰজাপুল আদি অঞ্চল অতিক্রম কৰি পুনৰ নাজিৰা নগৰৰ নাট্যমন্দিৰত স্বেচ্ছাসেৱী সংস্থা ‘আশ্রয়’–এ আয়োজন কৰা এক বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰে৷ ৰাইজৰ বিশাল উৎসাহ–উদ্দীপনাৰ মাজত মন্ত্রীজনক বিভিন্ন ব্যক্তি, সংগঠন আৰু অনুষ্ঠানে সম্বর্ধনা জ্ঞাপন কৰে৷ ভাষণ প্রসংগত মন্ত্রীজনে কয় যে তেওঁ নাজিৰাৰ চাৰিখন গাঁও পঞ্চায়তৰ ২৬ কিঃমিঃ গাঁও–ভূঁইৰ পথ চাইকেলেৰে পৰিদর্শন কৰি ৰাইজৰ মৰম উপলব্ধি কৰিব পাৰিছে৷ নাজিৰাৰ ইতিহাসক লৈ মানসপটত ভাহি অহা উন্নয়নৰ ছবি আৰু আপেক্ষিকভাৱে অসমৰ বহু সমষ্টিৰ তুলনাত ই বহু অনগ্রসৰ হৈ পৰি ৰৈছে বুলি তেওঁ আক্ষেপ প্রকাশ কৰে৷ নাজিৰাৰ ৰাইজে বহুবছৰ ধৰি সামাজিক আৰু ৰাজনৈতিক দিশত উপযুক্ত নেতৃত্ব লাভ কৰাৰ পৰা বঞ্চিত হৈ ৰৈছে৷ এই প্রেক্ষাপটত ৰাইজে নিজে সঠিক চিন্তাৰ পথ গ্রহণ কৰাৰ প্রয়োজন বুলিও তেওঁ উল্লেখ কৰে৷ নাজিৰালৈ ইতিমধ্যে পথ উন্নয়নৰ বাবে মুকলি কৰি দিয়া প্রায় ৬৮ কোটি টকাৰে পথ উন্নয়নৰ কাম চলি থকাৰ কথা উল্লেখ কৰি প্রায় এশ কোটিলৈকে অতিৰিক্ত ধন উন্নয়নৰ বাবে দিবলৈ তেওঁ প্রস্তুত বুলিও প্রকাশ কৰে৷ সমাজ সংগঠক তথা যুৱ নেতা ময়ূৰ বৰগোহঁাইৰ তত্ত্বাৱধানত পৰিচালিত ‘আশ্রয়’ স্বেচ্ছাসৱী সংস্থাৰ কাম–কাজৰ ভূয়সী প্রশংসা কৰি মন্ত্রীজনে এই সংগঠনক নাজিৰাৰ সমাজ আৰু ৰাজনৈতিক জীৱনৰো এক আশ্রয় হিচাপে থিয় দি ৰ’বলৈ আহ্বান জনায়৷ মন্ত্রীজনে চৰাইদেউৰ মৈদামসমূহৰ উন্নয়নৰ বাবে মুকলি কৰি দিয়া ২৫ কোটি টকাৰ কামৰো আজি শুভাৰম্ভ কৰাৰ কথা প্রকাশ কৰে৷ আশ্রয়ৰ ফালৰ পৰা আজি শিক্ষাবিদ সুৰেশ চেতিয়া, ক্রীডা সংগঠক গোপাল গগৈ, ঘন চেতিয়া, ডাঃ কৃষ্ণকান্ত বৰগোহঁাই, ডাঃ প্রদ্যুৎ কোঁৱৰ, সত্রীয়া ভাস্কর্য শিল্পী অমৃত মহন্ত, জ্যেষ্ঠ সাংবাদিক বীৰেন শর্মা, অনুজ ৰাজখোৱা, কমলাবাৰী যৌথ বন পৰিচালনা সমিতিৰ সভাপতি নিৰন গগৈ আদি প্রায় ৭৭জন ব্যক্তিকসম্বর্ধনা জনোৱা হয়৷ মন্ত্রী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছায়ো চমু বক্তব্য দাঙি ধৰে৷ আশ্রয়ৰ সভাপতি গোপাল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ৯ হাজাৰ শিপিনীক গামোচা ববলৈ সূতা, ৫ হাজাৰ চাহ জনগোষ্ঠীয় মহিলা আৰু ২ হাজাৰ অন্যান্য জনগোষ্ঠীৰ মহিলালৈ উন্নত জাতৰ মুর্গী পোৱালি আগবঢ়োৱা হয়৷
চৰাইদেউ মৈদাম ক্ষেত্রক আন্তঃৰাষ্ট্রীয় মানৰ আর্হিত গঢ়ি তোলা হ’ব
ঐতিহাসিক সম্পদসমূহ সংৰক্ষণৰ বাবে চৰকাৰে সময়ে সময়ে যথেষ্ট পুঁজি মোকলাই দিছে যদিও বিজ্ঞানসন্মত সংৰক্ষণ ব্যৱস্থা হৈ নুঠাৰ বাবে ঐতিহাসিক সম্পদসমূহৰ যথোপযুক্ত সংৰক্ষণ অসমত আজিপর্যন্ত হৈ উঠা নাই৷ পূর্বৰ চৰকাৰে বিজ্ঞানসন্মত ৰূপত চৰাইদেউ মৈদাম ক্ষেত্রক সংৰক্ষণৰ ব্যৱস্থা কৰা নাছিল৷ শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যত পুৰাতত্ত্ব বিভাগটোৰ বাবে এগৰাকী মন্ত্রীকদায়িত্ব ন্যস্ত কৰাৰ পাছত সংশ্লিষ্ট বিভাগটোৱে বিজ্ঞানসন্মত ৰূপত ঐতিহাসিক স্থানসমূহৰ সংৰক্ষণ আৰু সংবর্ধনৰ প্রচেষ্টা চলাইছে৷ এই প্রচেষ্টা সঠিক ৰূপত আগবাঢ়িলে চৰাইদেউ মৈদাম ক্ষেত্র আগন্তুক তিনিটা বছৰৰ ভিতৰত বিশ্ব ঐতিহ্য ক্ষেত্রৰ তালিকাত অন্তর্ভুক্ত হ’ব বুলি আজি ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্রত অনুষ্ঠিত সভাত মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য, বিত্ত তথা লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ অন্তর্গত অসম প্রত্নতত্ত্ব সঞ্চালকালয়ে আজি চৰাইদেউ জিলা প্রশাসনৰ সহযোগত ২৫ কোটি টকা ব্যয় সাপেক্ষে চৰাইদেউ প্রত্নতাত্ত্বিক স্থানৰ আন্তঃগাঁথনি আৰু উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ শুভাৰম্ভ কৰি এই উপলক্ষত অনুষ্ঠিত এখন সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই কয় যে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্রৰ উন্নয়নৰ বাবে চৰকাৰৰ কৰিবলগীয়া বহু আছে৷ ইয়াৰ আধাৰতে ২০২০ চনৰ বাজেটত চৰাইদেউ মৈদাম ক্ষেত্রৰ সংৰক্ষণ আৰু সংবর্ধনৰবাবে চৰকাৰে ২৫ কোটি টকাৰ এখন আঁচনিত অনুমোদন জনায়৷ এই আঁচনিয়ে মৈদাম ক্ষেত্রৰ চাৰিসীমাৰ বেৰ, পদপথ, মৈদামসমূহৰ সংৰক্ষণৰ কাম সামৰি ল’ব৷ কেৱল এয়াই নহয়, অসমৰ ঐতিহাসিক ক্ষেত্রসমূহক বিজ্ঞানসন্মত সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু ইয়ালৈ দেশী–বিদেশী পর্যটকক আকর্ষণ কৰিবলৈ অসম চৰকাৰে এলানি অভিলাষী আঁচনি হাতত লোৱা বুলি জানিব দি মন্ত্রীগৰাকীয়ে কয় যে গুজৰাটৰ কেইবাটাও ঐতিহাসিক স্থানৰ সংৰক্ষণত অগ্রণী ভূমিকা পালন কৰা ড০ কিষাণ চান্দ নৰিয়ালক অসম চৰকাৰে তিনি বছৰৰ বাবে ৰাজ্যখনলৈ আমন্ত্রণ কৰি আনিছে৷ এইগৰাকী প্রত্নতত্ত্ববিদৰ নেতৃত্বত ৰাজ্যৰ প্রত্নতত্ত্ব বিভাগে এইবাৰ বিজ্ঞানসন্মত ৰূপত চৰাইদেউ মৈদাম ক্ষেত্রকে ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা ঐতিহাসিক স্থানসমূহৰ সংৰক্ষণ আৰু সংবর্ধনৰ প্রচেষ্টা চলাব৷ এই অভিলাষী প্রচেষ্টাৰে অতি কম সময়ৰ ভিতৰত চৰাইদেউ মৈদাম ক্ষেত্রক আন্তঃৰাষ্ট্রীয় মানৰ আর্হিত গঢ়ি তোলা হ’ব৷ প্রত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড০ দিপ্তীৰেখা কুলিয়ে আদৰণী ভাষণ দি মুকলি কৰা সভাখনত সাংস্কৃতিক পৰিক্রমা, জলসম্পদ আৰু বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ মন্ত্রী কেশৱ মহন্তই তেওঁৰ বক্তব্যত বিশ্ব ঐতিহ্য ক্ষেত্রৰ আওতাত সোমাবলৈ যিসমূহ চর্ত ইউনেস্ক’ইবান্ধি দিছে, সেই চর্ত পূৰণ কৰি অনাগত দুই বা তিনিবছৰৰ ভিতৰত অসম চৰকাৰে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্রক বিশ্ব ঐতিহ্যথলীৰ শাৰীত অন্তর্ভুক্ত কৰিবলৈ সর্বতোপ্রকাৰে চেষ্টা চলাববুলি কয়৷ সভাখনত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা, মন্ত্রী যোগেন মহন, প্রাক্তন মন্ত্রী হিৰণ্য কোঁৱৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে সভাত অংশগ্রহণ কৰাৰ পূর্বে মন্ত্রী ড০ শর্মাই মৈদামথলীত অনুষ্ঠিত এক ধর্মীয় অনুষ্ঠানত অংশগ্রহণ কৰাৰ লগতে আধাৰশিলা মুকলি অনুষ্ঠান আৰু মৈদাম ক্ষেত্রৰ চাৰিসীমাত নির্মাণ হ’ব লগা পকী বেৰৰ শিলান্যাস কৰে৷