নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বজালীতো চকুৰ সংক্ৰমণ কনজাংটিভাইটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ বিশেষকৈ শিশুসকলৰ মাজত দ্ৰূতভাৱে সংক্ৰমণ হোৱা এই ৰোগৰ পৰিপ্ৰেক্ষিতত বজালী সদৰ পাঠশালাৰ এখন শিক্ষানুষ্ঠানৰ পাঠদান সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে৷ উল্লেখ্য যে কনজাংটিভাইটিছৰ প্ৰাদুৰ্ভাৱৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পাঠশালাৰ ব্যক্তিগতখণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীৰ কৰ্তৃপক্ষই বিদ্যালয়খনৰ নিম্ন শ্ৰেণীসমূহৰ পাঠদান সাময়িতভাৱে বন্ধ কৰি দিছে৷ শিক্ষানুষ্ঠানখনৰ প্ৰাইমাৰী শাখাৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী সমগ্ৰ অসমতে সংক্ৰমণ হোৱা আই ফ্লু বা কনজাংটিভাইটিছৰ আক্ৰান্ত হোৱাৰ পিছত প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অহা চাৰিদিনৰ বাবে সাময়িকভাৱে পাঠ্যক্ৰম স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শিক্ষানুষ্ঠানখনৰ ছিনিয়ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মনে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগ কয় যে আনন্দৰাম বৰুৱা একাডেমিৰ শিক্ষককে ধৰি প্ৰাকপ্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীলৈকে প্ৰায় ৮০% ছাত্ৰ-ছাত্ৰী চকুৰ ফ্লুত আক্ৰান্ত হৈছে৷ এনে এক প্ৰেক্ষাপটতে একমাত্ৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ বাবে বিদ্যালয়খনৰ পাঠদান বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ শিক্ষানুষ্ঠান কৰ্তৃপক্ষই বিষয়টো সন্দৰ্ভত স্বাস্থ্য বিভাগকো চিকিৎসাৰ বাবে অৱগত কৰা বুলি অধ্যক্ষগৰাকীয়ে ব্যক্ত কৰি কয় যে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান বন্ধ ঘোষণা কৰাৰ সময়তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি এই সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ তথা আৰোগ্য লাভ কৰিবলৈ কেনেধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই বিষয়ে শিক্ষকসকলে বুজাই দিছে৷ আনহাতে একপ্ৰকাৰ মহামাৰী ৰূপ ধৰিবলৈ আৰম্ভ কৰা এই ৰোগ সন্দৰ্ভত পাঠশালাৰ জ্যেষ্ঠ চকু ৰেগ বিশেষজ্ঞ ডাঃ সুধীন্দ্ৰ নাথ পাটগিৰীয়ে কয় যে যোৱা পাঁচ দিনত বহু ৰোগী তেওঁৰ ওচৰলৈ এই ভাইৰাছজনিত ৰোগৰ পৰীক্ষাৰ বাবে আহিছে৷ তেওঁ আৰু কয় যে অতি দ্ৰূতভাৱে এজন আক্ৰান্তৰ পৰা আন এজনলৈ বিয়পি পৰা এই ৰোগ “কনজাংটিভাইটিছ” হৈছে বিভিন্ন ভাইৰাছৰ দ্বাৰা হোৱা চকুৰ এক অতি সংক্ৰামক ৰোগ৷ এই ৰেগৰ সাধাৰণ লক্ষণসমূহ হ’ল চকু ৰঙা পৰা, খজুৱতি হোৱা, অত্যধিক চকুপানী ওলোৱা আৰু চকুত চেঁচা অনুভৱ হোৱা। আক্ৰান্ত ব্যক্তিৰ চকুৰ নিঃসৰণ, দূষিত বস্তু বা শ্বাস-প্ৰশ্বাসৰ প্ৰত্যক্ষ বা পৰোক্ষ সংস্পৰ্শৰ দ্বাৰা ই সহজে বিয়পিব পাৰে। গতিকে এই ৰোগৰ পৰা হাত সাৰিবলৈ চকু স্পৰ্শ কৰাৰ আগতে হাত ধোৱা, এনে লক্ষণ দেখা দিলে গৰম পানীৰে চকু ধোৱা, চকুযুৰি অতি চাফ চিকুণকৈ ৰখাৰ লগতে বাহিৰলৈ ওলোৱা বন্ধ কৰি ঘৰতে থাকিবলৈ তেওঁ সকলোকে আহ্বান জনায়৷ জানিব পৰা অনুসৰি বজালীৰ কেইবাখনো শিক্ষানুষ্ঠানতে সন্দেহযুক্ত কনজাংটিভাইটিছ প্ৰাদুৰ্ভাৱৰ তথ্য পোৱা গৈছে যদিও এই ক্ষেত্ৰত বজালীত স্বাস্থ্য বিভাগে অদ্যপি কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ এনে এক প্ৰেক্ষাপটতে বজালীত বিশেষকৈ শিশুসকলৰ অভিভাৱকসকল উদ্বিগ্ন হৈ পৰিছে৷ তেওঁলোকে স্বাস্থ্য বিভাগক বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাইজক সজাগ কৰাৰ লগতে পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে৷
প্ৰেৰক কল্যাণ কলিতা