নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ জুনত প্রধানমন্ত্রী ৰূপে শপত ল’ব এনডিএৰ নেতা মোদীয়ে

🔹 নতুন দিল্লীৰ ৭ লোককল্যাণ মার্গত এনডিএৰ গুৰুত্বপূর্ণ বৈঠক

🔹 প্রধানমন্ত্রী মোদীৰ পদত্যাগ–পত্র গ্রহণ ৰাষ্ট্রপতি মুর্মুৰ

বিশেষ বাৰ্তা, ৬ জুন : লোকসভা নির্বাচনৰ ফলাফল ঘোষণাৰ এদিন পিছতে নতুন দিল্লীত অনুষ্ঠিত হয় বিজেপি নেতৃত্বাধীন এনডিএৰ গুৰুত্বপূর্ণ বৈঠক৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নতুন দিল্লীস্থ ৭ লোককল্যাণ মার্গৰ চৰকাৰী বাসভৱনত এই গুৰুত্বপূর্ণ বৈঠকখনত এনডিএৰ সহযোগী দলৰ সৈতে পৰৱর্তী চৰকাৰ গঠনক লৈ বিতং আলোচনা কৰা হয়৷ এনডিএৰ এই বৈঠকখনত বিজেপিক এনডিএৰ নেতাসকলে পূর্ণ সমর্থন আগবঢ়াব বুলি প্রতিশ্রুতি দিয়ে৷ বিজেপিক পূর্ণ সমর্থন দিয়াৰ সমান্তৰালকৈ এনডিএয়ে এই বৈঠকত মিত্রজোঁটৰ নেতা হিচাপে সর্বসন্মতিক্রমে নৰেন্দ্র মোদীক নির্বাচিত কৰে৷ এনডিএৰ সহযোগী আটাইকেইটা দলৰ মুৰব্বীয়ে কালি এই বৈঠকত অংশগ্রহণ কৰি নির্বাচনী ফলাফলৰ লগতে পৰৱর্তী চৰকাৰ সন্দর্ভত আলোচনা কৰে৷ এনডিএৰ সহযোগী দল বিহাৰৰ মুখ্যমন্ত্রী তথা জেডি(ইউ)ৰ মুৰব্বী নীতিশ কুমাৰ, তেলুগু দেশম পার্টী (টিডিপি)ৰ মুৰব্বী এন চন্দ্রবাবু নাইডু, লোক জনশক্তি পার্টী (এলজেপি)ৰ মুৰব্বী চিৰাগ পাছোৱান, ৰাষ্ট্রীয় লোক দল (আৰএলডি)ৰ জয়ন্ত চৌধাৰী, জেডিএছৰ নেতা তথা কর্ণাটকৰ প্রাক্তন মুখ্যমন্ত্রী এইচ ডি কুমাৰাস্বামী, জিতনৰাম মাঝি, অনুসূয়া পেটেল, মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী সিন্দে গোটৰ মুৰব্বী একনাথ সিন্দেৰ লগতে বিজেপিৰ শীর্ষ নেতা অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডাকে ধৰি কেইবাজনো নেতাই এই বৈঠকত অংশগ্রহণ কৰে৷ প্রায় ঘণ্টাজোৰা বৈঠকত বিজেপিক এনডিএৰ নেতাই সমর্থন দিয়াৰ লগতে নৰেন্দ্র মোদীক সর্বসন্মতিক্রমে নেতা হিচাপে নির্বাচিত কৰে৷ বৈঠকৰ প্রাৰম্ভণিতে এনডিএৰ নেতাসকলে প্রধানমন্ত্রী মোদীক তেওঁৰ নেতৃত্বৰ বাবে অভিনন্দন জনোৱাৰ লগতে তেওঁৰ নেতৃত্বতে পৰৱর্তী চৰকাৰত দলকেইটাই কাম কৰি যাব বুলি প্রতিশ্রুতি দিয়ে৷ ৰাষ্ট্র নির্মাণৰ পদক্ষেপ আৰু প্রধানমন্ত্রী মোদীৰ কঠোৰ পৰিশ্রমৰ বাবেও দলৰ শীর্ষ নেতাকেইগৰাকীয়ে ভূয়সী প্রশংসা কৰে৷ এনডিএৰ সহযোগী দলসমূহে প্রকাশ কৰা মতে প্রধানমন্ত্রী মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীক তেওঁলোকে সহযোগী হিচাপে লক্ষ্যত উপনীত হোৱাত অংশীদাৰ হ’ব৷ বিশ্বত ভাৰতৰ সন্মান উজ্জীৱিত কৰি তোলাৰ বাবে প্রধানমন্ত্রী মোদীক অভিনন্দন জনায় নেতাসকলে৷ ইপিনে, এই বৈঠকতে অহা ৭ জুনত বিজেপি নেতৃত্বাধীন এনডিএৰ নৱনির্বাচিত সাংসদসকলৰ বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ এনডিএৰ সংসদীয় এই বৈঠকত প্রধানমন্ত্রীক নেতা হিচাপে আনুষ্ঠানিকভাৱে নির্বাচন কৰি উক্ত দিনাই এনডিএয়ে চৰকাৰ গঠন কৰাৰ বাবে ৰাষ্ট্রপতিক সাক্ষাৎ কৰিব৷ সূত্রই প্রকাশ কৰা মতে, অহা ৮ জুনত নৰেন্দ্র মোদীয়ে প্রধানমন্ত্রী হিচাপে শপতগ্রহণ কৰিব৷ প্রধানমন্ত্রী হিচাপে মোদীৰ এয়া হ’ব ক্রমাগত তৃতীয়বাৰৰ বাবে শপতগ্রহণ৷ উল্লেখ্য যে পৰহি ঘোষিত ফলাফলত বিজেপি নেতৃত্বাধীন এনডিএয়ে ২৯২খন আসন দখল কৰি চৰকাৰ গঠনৰ মেজিক সংখ্যা অর্জন কৰে৷ বিজেপিয়ে এইবাৰ চৰকাৰ গঠনৰ মেজিক সংখ্যা অতিক্রম কৰাত ব্যর্থ হয়৷ দলটো ২৪০খন আসনেৰে একক বৃহৎ দল হিচাপে পৰিগণিত হৈছে৷

প্রধানমন্ত্রী মোদীৰ পদত্যাগ পত্র গ্রহণ ৰাষ্ট্রপতি মুর্মুৰ

ৰাষ্ট্রপতি দ্রৌপদী মুর্মুক সাক্ষাৎ কৰি কালি পদত্যাগ–পত্র দাখিল কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ অষ্টাদশ লোকসভা নির্বাচনৰ ঘোষিত ফলাফলত বিজেপি নেতৃত্বাধীন এনডিএই চৰকাৰ গঠনৰ মেজিক সংখ্যা অর্জন কৰাৰ পিছত কালি প্রধানমন্ত্রীগৰাকীয়ে ৰাষ্ট্রপতিক পদত্যাগ–পত্র দাখিল কৰে৷ ৰাষ্ট্রপতিয়ে পদত্যাগ–পত্র গ্রহণ কৰি নতুন চৰকাৰে শপত নোলোৱালৈকে প্রধানমন্ত্রী মোদীক কার্য চলাই যাবলৈ আহ্বান জনায়৷ উল্লেখ্য যে পৰহি অষ্টাদশ লোকসভা নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত কালি পুৱা সপ্তদশ লোকসভা ভংগত অনুমোদন জনায় কেন্দ্রীয় কেবিনেটে৷ সপ্তদশ লোকসভাৰ কার্যকাল অহা ১৬ জুনত সমাপ্ত হ’ব৷ ইয়াৰ পূর্বে নতুন চৰকাৰে শপত গ্রহণ কৰিব লাগিব৷ ইপিনে, কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নতুন দিল্লীস্থ চৰকাৰী বাসভৱনত কেবিনেটৰ অন্তিমখন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত প্রধানমন্ত্রী মোদীয়ে মোদী ২.০ চৰকাৰৰ সময়ত মন্ত্রীসকলে যি দক্ষতা দেখুৱালে তাৰ বাবে ভূয়সী প্রশংসা কৰে৷ বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিবলৈ প্রয়োজনীয় সংখ্যা নাপালেও এনডিএৰ সৈতে মিলিত হৈ তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰ নিশ্চিত হোৱাৰ পিছতেই প্রধানমন্ত্রী মোদীয়ে কয় যে ৰাজনীতিত জয়–পৰাজয় এটা অংশ৷ আসনৰ খেল চলি থাকিব৷ বিগত ১০ বছৰত তেওঁলোকৰ চৰকাৰে ভাল কাম কৰিছে৷ এই ভাল কামৰ ধাৰা অব্যাহত ৰাখিব৷ এই বৈঠকৰ পিছতে প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় মন্ত্রীসহ ৰাষ্ট্রপতি ভৱনলৈ গৈ পদত্যাগ–পত্র দাখিল কৰে৷

You might also like