নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জন দৈমাৰীক টাডা গোচৰত দোষমুক্ত

নিয়মীয়া বাৰ্তা, ১জুলাইঃ  প্রায় ৩০ বছৰ পুৰণি এটা টাডা গোচৰত এনডিএফবিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীক আজি দোষমুক্ত ঘোষণা কৰা হৈছে৷ গুৱাহাটীস্থিত টাডাৰ বিশেষ আদালতে ওদালগুৰি আৰক্ষী থানাত ৰুজু হোৱা টাডা গোচৰত সাক্ষ্য–প্রমাণৰ অভাৱত দৈমাৰীক দোষমুক্ত কৰে৷ দৈমাৰীৰ উপৰি একেটা গোচৰত ধর্মকান্ত বড়ো নামৰ আন এজন লোককো অভিযোগমুক্ত কৰা হৈছে৷ উল্লেখ্য যে ১৯৯২ চনত এটা গুলীচালনাৰ ঘটনাক লৈ ১৭/১৯৯২ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল৷ ২০১১ চনত এই গোচৰত ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ ভিতৰতে গ্রেপ্তাৰ কৰা হৈছিল৷ পৰৱর্তী সময়ত দৈমাৰীৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰা হৈছিল৷ অৱশ্যে গোচৰটোত অভিযুক্ত কেইবাজনৰো ইতিমধ্যে মৃত্যু হৈছে যদিও দৈমাৰী আৰু ধর্মকান্ত বড়োৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া অব্যাহত আছে৷ গুলীচালনাৰ ঘটনাৰ সৈতে প্রত্যক্ষভাৱে জড়িত থকাৰ কোনোধৰণৰ তথ্য–প্রমাণ আৰক্ষীয়ে দাখিল কৰিব নোৱাৰাৰ বাবেই দৈমাৰীক আজি আদালতে দোষমুক্ত ঘোষণা কৰে৷ সেই সময়ত সংঘটিত গুলীচালনাৰ ঘটনাত ৫জন লোকৰ মৃত্যু হৈছিল৷

You might also like