নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ নৱেম্বৰঃ ২০২৪–২৫ শিক্ষাবর্ষৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ মেট্রিকোত্তৰ ছাত্র–ছাত্রীৰ কাৰণে এনইচি মেধা বৃত্তি আঁচনিৰ অধীনত ৰাষ্ট্রীয় বৃত্তি প’র্টেলযোগে আবেদন গ্রহণ কৰি থকা হৈছে৷ উত্তৰ–পূব পৰিষদৰ বিত্তীয় উপদেষ্টা (ইএণ্ডএম) শ্বেৰী লালথাংজোৱে শুকুৰবাৰে শ্বিলঙত এনইচি মেধা বৃত্তি আঁচনিৰ বাবে যোগ্যতাৰ মাপকাঠীৰ বিষয়ে বিতংভাৱে সদৰী কৰে৷ তেওঁ প্রকাশ কৰা মতে, আবেদনকাৰীসকল উত্তৰ–পূবৰ যিকোনো ৰাজ্যৰ স্থায়ী বাসিন্দা হ’ব লাগিব আৰু ভাৰতৰ ভিতৰত পাঠ্যক্রম (ডিপ্ল’মা, স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডি/এমফিল)ৰ স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানত নামভর্তি কৰা হ’ব লাগিব৷ পূর্বৰ পৰীক্ষাত নূ্যনতম ৬০ শতাংশ নম্বৰ লাভ কৰিব লাগিব আৰু আবেদনকাৰীৰ পিতৃ–মাতৃ বা অভিভাৱকৰ বার্ষিক আঠ লাখ টকাতকৈ বেছি হ’ব নালাগে৷ আবেদন দাখিলৰ বাবে প্রয়োজনীয় গুৰুত্বপূর্ণ নথি–পত্রসমূহৰ ভিতৰত আছে বৈধ মোবাইল নম্বৰ, আধাৰ (ইউআইডি) নম্বৰ, আধাৰ সংযুক্ত বেংক একাউণ্ট, আয়ৰ প্রমাণ–পত্র আৰু সংশ্লিষ্ট শিক্ষানুষ্ঠানে দিয়া প্রমাণ–পত্র৷ যোগ্য ছাত্র–ছাত্রীয়ে এই লিংকৰ জৰিয়তে ৰাষ্ট্রীয় বৃত্তি প’র্টেলত অনলাইন আবেদন কৰিব পাৰিব : (https://scholarships.gov.in) (https://scholarships.gov.in))৷ অধিক বিৱৰণৰ বাবে এনইচি মেধা বৃত্তি গাইডলাইন অনলাইনত ডাউনলোড কৰিব পাৰিব : (এনইচি বৃত্তি গাইডলাইন) https://scholarships.gov.in/public/schemeGuidelines/NEC 1234 G.pdf)৷ যিকোনো প্রশ্ণৰ বাবে ইচ্ছুক ছাত্র–ছাত্রীয়ে উত্তৰ–পূর্বাঞ্চল পৰিষদৰ সচিবালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে৷