নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰাৰোগ্যত আক্ৰান্ত কণমানি ৰাহুল দাস

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান

নিয়মীয়া বাৰ্তা, ভেৰগাঁও,১৬ ফেব্ৰুৱাৰীঃ ওদালগুৰি জিলাৰ ৬৫ নং কলাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা খৈৰাবাৰী থানা অন্তৰ্গত ঝাৰগাঁ‌ৱৰ নিবাসী বিপুল দাস আৰু ৰুণু দাসৰ কণমানি পুত্ৰ ৰাহুল দাস (৮) বিগত এবছৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ থাকিবলগীয়া হৈছে ৷ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত পখিলা খেদা বয়সত শিশুটি বৰ্তমান শয্যাগত অৱস্থাত পৰি থাকিব লগীয়া হোৱা ঘটনাই সকলোৰে চকুলো বোৱাইছে। ৰাহুল দাসৰ হাত-ভৰি টানি ধৰি সম্পূৰ্ন অকামিলা হৈ পৰিছে ৷ মাতৃ ৰুনু দাস শিশুটিৰ যতন লৈ মানসিকভাৱে ভাগৰি পৰিছে ৷ হাত-ভৰি লৰচৰ কৰিব নোৱৰা বাবে আনে খুৱাই দিলেহে অলপ খাব পৰা অৱস্থাত আছে ৷ এনে দশা দেখি
বিগত এটা বছৰে দুৰ্ভগীয়া পিতৃ -মাতৃয়ে শিশুটিক আৰোগ্য কৰিবৰ বাবে কষ্টোপাৰ্জিত সাচতীয়া ধনেৰে আপ্ৰাণ প্ৰচেষ্টা চলাই বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি আহিছে যদিও কোনো সুফল পোৱা নাই।
ফলত পিতৃ বিপুল দাস সাধাৰণ ৰাজমিস্ত্ৰীৰ কাম কৰি পৰিয়াল পোহ-পাল দিয়া পৰিয়ালটোৱে চিকিৎসাৰ নামত ধন খৰছ কৰি দেওলীয়া হৈ পৰিছে ৷সেয়েহে উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিবৰ বাবে বৰ্তমান পিতৃ- মাতৃ  অসমৰ্থ আৰু অসহায় ৷ স্থানীয় জনপ্ৰতিনিধি কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দূৰ্গা দাস বড়ো আৰু বিটিচি খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ চন্দ্ৰ বড়োৰ ওচৰত সহায়ৰ হাত বিচাৰি কাকূতি-মিনতি কৰিছিল যদিও আজিলৈ কোনো কাণসাৰ নিদিয়াত অসহায় পিতৃ মাতৃ উপায়ন্তৰ হৈ  পৰিছে। সেয়েহে শেষ আশ্বাস লৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োলৈ কাতৰ অনুৰোধ জনাইছে যে আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াই শিশুটিক বহিঃৰাজ্যলৈ নি উন্নত চিকিৎসাৰে সুস্থ কৰি তুলি পৰিয়ালটোলৈ হাঁহি বিৰিঙাই যেন। লগতে আৰু কোনোবা সদাশয় ব্যক্তিয়ে যদি শিশুটিক সুস্থ কৰি তোলাত অৰিহণা যোগাব বিছাৰে তেন্তে এই নম্বৰত যোগা-যোগ কৰিবলৈ কাতৰে আহ্বান জনাইছে পৰিয়ালটোৱে। ফোন নংঃ- ৬০০৩৮৯০২৭৫
 একাউণ্ট নংঃ- 39402207536
ifsc :- sbin7118
You might also like