নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰাশি বেৱাফা হ্যে’…

‘ৰাশি বেৱাফা হ্যে’। ২০ টকীয়া নোটৰ ওপৰত ইংৰাজীত লিখা এই হিন্দী শব্দকেইটাক লৈ ছচিয়েল মিডিয়াত তোলপাৰ লাগিছে। দুদিন আগেয়ে ভেলেন্টাইনছ ডে’ গৈছিলহে। তাৰ পাছতে ২০ টকাৰ নোটত এই লেখাক লৈ কৌতূহলৰ অন্ত নাই। টুইটাৰত এই লৈ নানা ধৰণৰ মিম চলিছে। ট্রেণ্ডো হৈছে। এই লেখাই মনত পেলাই দিছে ২০১৬ত এনেকুৱাই ভাইৰেল হোৱা লেখা এটা। তেতিয়াও নোটৰ ওপৰত লেখা আছিল ‘সোনম গুপ্তা বেৱাফা হ্যে’। সেই সময়ত সোনম কোন বুলি খুব চৰ্চা হৈছিল ছচিয়েল মিডিয়াত। সোনমৰ পাছত এইবাৰ নতুন চৰিত্র ৰাশি। ৰসিকতা কৰি কোনোৱে কৈছে, এই ৰাশি সোনমৰ ভনী নেকি?

You might also like