নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীপকোৱে মোকলালে পানী : লখিমপুৰত ফেনেফোটোকাৰে বাঢ়িছে ৰঙানদী

উত্তৰ পূৱ শক্তি নিগম চমুকৈ নীপকোৰ কাণ্ড কাৰখানাই বছৰি কন্দুৱাই আহিছে লখিমপুৰক। বিশেষ কৈ অৰুণাচলৰ য়াজালিত স্হাপন কৰা ৪০৫ মেগাৱাটৰ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৰঙা নদীত বহু বেছি পৰিমাণৰ পানী মোকলাই দিয়াৰ ফলত নদীখনে বলিয়া ৰূপ ধাৰণ কৰি লখিমপুৰৰ ধন জন সা সম্পদৰ বিস্তৰ ক্ষতি কৰি আহিছে।

ৰঙানদীক প্ৰকাৰান্তৰে লখিমপুৰৰ চকুলোত পৰিণত কৰি তুলিছে নীপকোৱে। বছৰি একে কাণ্ডৰ পুনৰাবৃত্তি ঘটাইছে নীপকোৱে। আজি পূৱাৰ পৰাও নীপকোৱে প্ৰকল্পৰ জলাধাৰৰ অতিৰিক্ত জলৰাশি ৰঙানদীত মোকোলাই দিয়ে। কালি সন্ধ্যা নীপকোৰ তৰফৰ পৰা লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্কবাৰ্তা প্ৰেৰণ কৰা হয়।

প্ৰকল্পৰ জলাধাৰৰ অংশত পানীৰ চাপ বৃদ্ধি পোৱাৰ বাবে অতিৰিক্ত জলৰাশি মোকোলাই দিয়া হব পাৰে বুলি সতৰ্কবাৰ্তা প্ৰেৰণ কৰে নীপকোৱে। মঙলবাৰে সন্ধ্যা সতৰ্কবাৰ্তা দি বুধবাৰে পূৱাই নীপকোৱে পানী মোকলাই দিয়ে। পূৱা প্ৰায় পাচ বজাত নীপকোৱে প্ৰকল্পৰ এক নং গেটখন প্রথম ২শ মিলিমিটাৰ খুলি দিয়ে। লগে লগে নৈপৰীয়া অঞ্চলত থকা বিপদ সংকেত ধ্বনি অৰ্থাৎ চাইৰেণসমুহ বিকট শব্দৰে বাজিবলৈ ধৰে।

পূৱাতেই এনেদৰে বিপদ সংকেত শুনি নৈ পৰীয়া ৰাইজ বিতত হৈ পৰে। তাৰ পিছত নীপকোৱে ক্ৰমে ৫শ, ৮শ, ১৩শ, ১৫শ লৈ বঢাই নি ৭,৩০ মান বজালৈ ১৮শ মিলিমিটাৰ পৰ্যন্ত গেট খন খুলি দিয়ে। বিয়লি পৰ্যন্ত নীপকোৱে এক নং গেট খন ১৮ শ মিলিমিটাৰ খুলি ৰাখে। ফলত ৰঙা নদীত প্ৰকল্পৰ জলাধাৰৰ অতিৰিক্ত জলৰাশি যোগ হৈ নদী খন ফেনেফোটোকাৰে বাঢি আহে।

এই লৈ নৈ পৰীয়া ৰাইজ শংকিত হৈ পৰিছে। কোনো কোনো নৈ পৰীয়া অঞ্চলৰ ৰাইজৰ বাৰী ঘৰ ইতিমধ্যে নৈ খনৰ বাঢনি পানিত ডুব যোৱাৰ খবৰ আহিছে। উল্লেখ্য নীপকোৱে প্ৰকল্পৰ গেট যদি আৰু অধিক খুলিবলৈ হয় তেন্তে লখিমপুৰত পুনৰ এক প্ৰবল বানৰ আশংকাই দেখা দিছে।

উল্লেখ্য চলিত বৰ্ষা কালৰ আৰম্ভণিতেও নীপকোৱে বহু বেছি পৰিমাণে প্ৰকল্পৰ পানী ৰঙানদীত মোকোলাই দিছিল। মানুহৰ লগতে জীৱ জন্তৰ মৃত্যু ঘটিছিল প্ৰলয়ংকৰী বানত। বাট পথ, ঘৰ বাৰী শস্য ক্ষেত্রৰ বিস্তৰ ক্ষতি সাধন হৈছিল। জিলা খনৰ এনে বিপদৰ সময়ত বিধায়ক সকলৰ উপৰি বান বিধ্বস্ত অঞ্চললৈ গৈছিল কেইবাজনো মন্ত্রী।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাইয়ো জিলা খনৰ বিভিন্ন স্থানত বানৰ ক্ষয়ক্ষতি পৰিদৰ্শন কৰিছিল। নীপকোৰ হঠকাৰী কাৰ্য্য ৰ ফলতেই যে জিলা খন এনেদৰে দুৰ্যোগৰ কবলত পৰিব লগীয়া হল সেই কথা অনুধাৱন কৰি মূখ্য মন্ত্রী গৰাকীয়ে লীলাবাৰী বিমান বন্দৰত নীপকোৰ বিষয়া বৰ্গক একপ্ৰকাৰ ধমক দিয়ে। প্ৰকল্পৰ পৰা এবাৰতে বহু বেছি পৰিমাণে পানী এৰি দিয়াৰ পৰিৱৰ্তে অলপ অলপ কৈ পানী মোকোলাই ৰাখিবলৈ তেওঁ নীপকোৰ বিষয়া বৰ্গক নিৰ্দেশ দি যায়।

পিছে মাজত মাথো কেইটামান দিন পাৰ হোৱাৰ পিছত নীপকোৱে মুখ্যমন্ত্রীৰ সেই নিৰ্দেশ উলাই কৰি আজি নীপকোৱে বহু বেছি পৰিমাণে পানী মোকোলাই দিয়ে।

উল্লেখ্য যোৱা কেইবা দিন ধৰি নেৰানেপেৰাকৈ বৰষুণ হৈ আছে। যাৰ বাবে প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হয় আৰু নীপকোৱে প্ৰকল্পৰ গেট খুলিবলৈ বাধ্য হয়। বতৰৰ অৱস্থা অপৰিবৰ্তিত হৈ থাকিলে নীপকোৱে প্ৰকল্পৰ সুৰক্ষাৰ স্বাৰ্থতে প্ৰকল্পৰ পৰা অধিক পানী এৰিব লাগিব আৰু ইয়াৰ ফলত লখিমপুৰৰ অৱস্থা হব বৰ্ণনাতীত।

বিশেষ বাৰ্তা, লখিমপুৰ, ১৩ আগষ্ট, ২০২৫

You might also like