নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত বান দুৰ্যোগৰ পুনৰাবৃত্তি, নীপকোৱে মোকলালে পানী

বিশেষ বাৰ্তা, ১৬ মে’ : প্ৰতিবছৰে বাৰিষাৰ ছমাহ বানে গৰকি যায় লখিমপুৰ জিলাক। দোপালপিটা বৰষুণৰ ফলত জিলা খনৰ নৈ উপ নৈ সমুহৰ পানী ওফন্দি বানৰ সংকট সৃষ্টি কৰাৰ সময়তে নীপকোৱে মোকোলাই দিয়ে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানী।

যাৰ বাবে ৰঙা নৈয়ে  জিলা খনত বিস্তৰ ক্ষতি সাধন কৰে। বান ৰ সময়তে ভূতৰ ওপৰতে দানহ পৰাদি নীপকোৱে অৰুণাচলৰ য়াজালিত থকা ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানী মোকোলাই দিয়াৰ ফলত জিলা খনত প্ৰতিবছৰে ধন জন, সা সম্পদ, ৰাষ্টা পদুলিৰ বিস্তৰ ক্ষতি হৈ আহিছে। এইয়া বাৰিষাৰ ছমাহ ত লখিমপুৰ জিলাৰ চিৰ পৰিচিত দৃশ্য পট।

বছৰি জিলা খনত বান দুৰ্যোগক অধিক ভয়াবহ কৰি তোলা নীপকোক কিন্তু ৰজাঘৰে আজিও নিয়ন্ত্রণ কৰিব নোৱাৰিলে। প্ৰকল্পৰ জলাধাৰৰ অতিৰিক্ত জলৰাশি কম কৈ এৰি দিবলৈ নীপকোক বাধ্য কৰিবলৈ ৰাইজে দীর্ঘদিনে দাবী জনাই আহিছে যদিও চৰকাৰে কোনো ব্যবস্থা লোৱা নাই। যাৰ বান সংকটৰ সময়ত নীপকোৱে প্ৰকল্পৰ পৰা বহু বেছি পৰিমাণৰ পানী এৰি দিয়াৰ ফলত জিলা খনৰ অপুৰণীয় ক্ষতি হয়। পাৰ হৈ যোৱা বছৰ বোৰৰ দৰে এই বাৰ বাৰিষাৰ প্ৰাক মুহুৰ্তত  আজি নীপকোৱে প্ৰকল্পৰ পানী মোকোলাই দিয়ে।

পূৱা প্ৰায় সাতমান বজাত নীপকোৰ তৰফৰ পৰা লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্কবাৰ্তা প্ৰেৰণ কৰা হয়। কেইদিনমান ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হোৱাৰ বাবে জলাধাৰৰ অতিৰিক্ত জলৰাশি মোকোলাই দিয়া হব পাৰে বুলি উল্লেখ কৰি নীপকোৱে বাৰ্তা টোত এই সময় খিনিত ৰাইজক নদীৰ পাৰলৈ নাযাবলৈ  সতৰ্ক কৰি দিয়ে। এই সতৰ্কবাৰ্তাৰ পাছতে পূৱাবেলা এঘাৰমান বজাত নীপকোৱে প্ৰকল্পৰ এক নং গেট খন এশ মিলিমিটাৰ খুলি দিয়ে।

সন্ধ্যা পৰ্যন্ত নীপকোৱে গেট খুলিয়েই ৰাখিছে। যাৰ বাবে নদীখনত জলস্তৰ ক্ৰমে বৃদ্ধি পাইছে। বিপদজনক ৰূপ ধাৰণ নকৰিলেও নদীখনৰ জলস্তৰ ক্ৰমে বৃদ্ধি পাইছে। উল্লেখ্য বিগত সময়ত নীপকোৱে এনেদৰে প্ৰকল্পৰ গেট খুলি ক্ৰমে ইয়াৰ পৰিমাণ বৃদ্ধি কৰি নি থাকে।সেয়ে এই বাৰো তেনেদৰে নিশাৰ ভাগলৈ  বা কাইলৈ পূৱাবেলা মোকোলাই দিয়া পানীৰ পৰিমাণ বৃদ্ধি হব বুলি ৰাইজে আশংকা কৰিছে।

উল্লেখ্য কেইদিনমান ৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত জিলা খনৰ প্ৰায়বোৰ নদীৰ জলস্তৰ বৃদ্ধি হৈছে। দুই এখন নৈয়ে ইতিমধ্যে জিলা খনৰ বিভিন্ন স্থানত বানৰ সংকট সৃষ্টি কৰিছে। অঞ্চলভেদে কৃত্রিম বানেও ৰাইজক জ্ৰলাকলা কৰিছে। এনে সময়তে নীপকোৱে প্ৰকল্পৰ পানী মোকোলাই দিয়া কাৰ্য্যই বিশেষ কৈ নৈ পৰীয়া ৰাইজক শংকিত কৰি তুলিছে।

প্ৰেৰক জীৱন গোস্বামী

You might also like