বামুণীমৈদামত NEHHDCৰ অলংকাৰ প্রদর্শনী কেন্দ্র মুকলি ৰিণিকি ভূঞা শর্মাৰ
📌 পৰম্পৰাগত গহনাক বিশ্বমুখী কৰাৰ পদক্ষেপ গ্রহণত গুৰুত্ব প্রাইড ইষ্টৰ চিএমডিৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ গুৱাহাটীৰ বামুণীমৈদামস্থিত উত্তৰ–পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম (এনএইচএইচডিচি)ৰ থলুৱা গহনা লাইভলিহুড জুৱেলাৰী ইনকিউবেটৰ চেণ্টাৰৰ অলংকাৰ প্রদর্শনী কেন্দ্র মুকলি কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্রালয়ৰ অধীনৰ এছপায়াৰ আঁচনিৰ অধীনত এই কেন্দ্রটো মুকলি কৰা হৈছে৷ এই কেন্দ্রটো মুকলি কৰি ৰিণিকি ভূঞা শর্মাই পৰম্পৰাগত গহনাক বিশ্বমুখী কৰাৰ বাবে পদক্ষেপ গ্রহণত গুৰুত্ব প্রদানৰ আহ্বান জনায়৷ তেওঁ কয় যে কেন্দ্রটো মুকলি কৰাৰ এই পদক্ষেপ এক সুন্দৰ প্রচেষ্টা৷ এনে দূৰদর্শিতাই অসমৰ থলুৱা গহনা তথা সংস্কৃতি ৰাষ্ট্রীয় পর্যয়তে নহয়, আন্তঃৰাষ্ট্রীয় পর্যায়লৈ লৈ যাব৷ বহু যুৱ প্রতিভাই তেওঁলোকৰ প্রতিভাৰ বিকাশ কৰিব পৰা নাছিল৷ এনে এখন মঞ্চৰ জৰিয়তে তেওঁলোক সফল হ’ব পাৰিব৷ অনুষ্ঠানত অংশগ্রহণ কৰি এনএইচএইচডিচিৰ পৰিচালন সঞ্চালক ব্রিগেডিয়াৰ আৰ কে সিং আৰু পৰামর্শদাতা ড০ শ্রীপর্ণা বি বৰুৱাই নিগমৰ অধীনত গ্রহণ কৰা বিভিন্ন পদক্ষেপ সন্দর্ভত অৱগত কৰে৷ ভাৰতীয় উদ্যমিতা প্রতিষ্ঠানৰ সঞ্চালক ড০ ললিত শর্মাই ইয়াৰ জেমষ্ট’ন কেন্দ্রটো উদ্বোধন কৰে৷ অনুষ্ঠানত প্রাক্তন সাংসদ কুইন ওজা, এনআইজিৰ সঞ্চালক ড০ জে পি সম্পট, নেডফিৰ অসীম দাস, নাবার্ডৰ চিজিএম লোকেশ দাস, জুৱেলাৰী ডিজাইনাৰ ৱাহিদা ৰহমানকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷