নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ পাচমোৰৰ নেতাজী বাগিচাৰ সৌন্দৰ্যবর্ধনৰ কামত বিসংগতিৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১১ জুন : ধুবুৰী চহৰৰ ৬নং ৱার্ডৰ নেতাজী বাগিচাৰ সৌন্দৰ্যবর্ধনৰ কামত বিসংগতিৰ অভিযোগ উত্থাাপিত হৈছে। এই মৰ্মে ৱাৰ্ডটোৰ একাংশ লোকে ধুবুৰী পৌৰসভাক কালি লিখিতভাৱে অভিযোগ দাখিল কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্যে যে ধুবুৰী চহৰৰ ৬নং ৱাৰ্ডৰ পাচমোৰ অঞ্চলৰ এখন সৰু উদ্যানত নেতাজী সুভাষ চন্দ্র বসুৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি আছে। ধুবুৰী পৌৰসভাৰ তত্ত্বাৱধানত সেই প্ৰতিমূৰ্তি থকা উদ্যানখন আৰু ইয়াৰ সংলগ্ন কিছু অঞ্চলত সৌন্দর্যবৰ্ধনৰ বাবে কেইবা লাখটকীয়া এটা প্ৰকল্পৰ কাম চলি আছে। কিন্তু স্বাধীনতা সেনানী নেতাজীৰ সৈতে জড়িত হৈ থকা সেই সৰু উদ্যানখনত চলি থকা নিৰ্মাণ কাৰ্য্যত ব্যাপক বিসংগতি চলি থকাৰ অভিযোগ উঠিছে। এই মৰ্মে ধুবুৰী পৌৰসভাক প্ৰদান কৰা লিখিত অভিযোগ পত্ৰখনত নিৰ্মাণকাৰ্যত চলি থকা বিসংগতিৰ বিষয়ে নিৰ্মাণৰ দায়িত্ব লভা ঠিকাদাৰ, পৌৰসভাৰ অভিযন্তাকে ধৰি স্থানীয় ৱাৰ্ড আয়ুক্তক কেইবাবাৰো মৌখিকভাৱে জনোৱা সত্ত্বেও পূৰ্বৰ দৰেই অনুৰূপ অৱস্থাত কাম চলি থকা বুলি উল্লেখ আছে। অভিযোগ পত্ৰখনত দুদিনমান পূৰ্বে বেয়া বতৰৰ বাবে উদ্যান সংলগ্ন নিৰ্মীয়মাণ নৰ্দমাটোৰ ঢালাইৰ কাম দিন ভাল হ’লে কৰিবলৈ অঞ্চলটোৰ স্থানীয় ৰাইজে কৰা অনুৰোধলৈ কৰ্ণপাত নকৰি ঠিকাদাৰগৰাকীয়ে ৰাতিৰ ভিতৰতে সেয়া সম্পন্ন কৰে যদিও লগে লগে বৰষুণ আহি ঢালাইৰ ক্ষতিসাধন কৰে বুলিও অভিযোগ কৰা হৈছে। । উল্লেখ্য যে ধুবুৰী পৌৰসভাৰ তত্ত্বাৱধানত চহৰখনৰ ১নং ৱাৰ্ডত নিৰ্মিত কেইবা লাখটকীয়া আন এটা সৌন্দৰ্যবৰ্ধনৰ কাম তথা ক্ল’ক টাৱাৰ আৰু শ্বহীদ বেদীৰ নিৰ্মাণৰ কামতো বিসংগতি থকা বুলি স্থানীয় একাংশৰ মাজত বু বু-বা বা আছে। ইয়াতে উল্লেখনীয় এয়াও যে ধুবুৰী পৌৰসভাৰ একাংশ কৰ্মচাৰীৰ সহযোগতেই পৌৰসভাখনৰ এচাম ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰিও অনায়াসে নিজৰ নিজৰ বিলৰ ধন লাভ কৰে বুলি দীৰ্ঘদিনীয়া এক চৰ্চা আছে। তাৰেই পৰিপ্ৰেক্ষিতত পৌৰসভা কৰ্তৃপক্ষই অতি নিম্নমানৰ কাম কৰা সেই বিশেষ ঠিকাদাৰকেইগৰাকীক আজিলৈ নিষিদ্ধ ঘোষণা নকৰি অহেতুক দৰদ দেখুওৱাৰ কাৰণ কি বুলিও উত্থাপিত হৈছে এক প্ৰশ্ন।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like