নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেতাজী সুভাষচন্দ্ৰ বসু জাহাজ বন্দৰ পৰিদৰ্শন অসমৰ সাংবাদিকৰ

সুভাষ চন্দ্ৰ বসু জাহাজ বন্দৰৰ (কলকাতা) পৰা বিভাস দুৱৰা, ১০ জানুৱাৰীঃ দেশৰ জলপথসমূহক পুনৰুজ্জীৱিত কৰাৰ বাবে আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।দেশৰ অৰ্থনৈতিক বিকাশ আৰু বাণিজ্যৰ পথ হিচাপে আভ্যন্তৰীণ জলপথ খণ্ডই ভাৰতবৰ্ষৰ ২০হেজাৰ দৈঘ্যৰ নদী ব্যৱস্থাক আধুনিকীকৰণ কৰি, বিগত সময়তচোৱাত ৬ দশমিক ১৮ মিলিয়ন ট’ন সামগ্ৰী জলপথৰে যাতায়ত কৰিছিল যদিও এতিয়া এই পৰিমাণ ১২৬ মিলিয়ন মেট্ৰিক ট’নলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।কলকাতাৰ হুগলী আৰু গংগা নদীৰ শ্যামা প্ৰসাদ মুখাৰ্জী জাহাজ বন্দৰ আৰু সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় জাহাজ বন্দৰ পৰিভ্ৰমণ কৰি ডিব্ৰুগড়ৰ এটা সাংবাদিকৰ সঁজাতি দলে শেহতীয়াকৈ আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে দেশৰ অৰ্থনৈতিক বিকাশ আৰু বাণিজ্যৰ পথ হিচাপে আভ্যন্তৰীণ জলপথ খণ্ডক পুনৰুজ্জীৱিত কৰাৰ বিভিন্ন দিশ সমূহ পৰিদৰ্শন কৰে। নদী ক্ৰুজ পৰ্যটনৰ বিকাশৰ লগতে পুৰণি কালৰ পৰাই মানৱ সভ্যতাৰ অৰ্থনৈতিক বিকাশ আৰু উত্তৰণ প্ৰশস্ত কৰাত ভুমিকা গ্ৰহণ কৰা জলপথ সমুহৰ ক্ষেত্ৰত উচিত ব্যৱহাৰ জৰিয়তে সমৃদ্ধ, জটিল আৰু গতিশীল জলপথক পুনৰুজ্জীৱিত কৰি দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা আগবঢ়াবলৈ সক্ষম হোৱা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মুৰব্বী সকলৰ সৈতে বুজ লয়। সাংবাদিকৰ দলটোৱে লগতে ছিংগাপুৰ,কলম‌্বো, মালয়েছিয়াৰ, ডুবাই আদি বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ পৰা জলপথেৰে অহা বৃহৎ বৃহৎ কাৰ্গো জাহাজ সমুহ আৰু জাহাজত আমদানি ৰপ্তানি কৰা তথা প্ৰায় ১৫০ বছৰ পুৰণি ইতিহাস প্ৰসিদ্ধ নেতাজী সুভাষচন্দ্ৰ বসু জাহাজ বন্দৰটো জাহাজেৰে পৰিভ্ৰমণ কৰি সকলো দিশ স্বচক্ষে প্ৰত্যক্ষ কৰে।উল্লেখ্য যে দেশৰ অৰ্থনৈতিক বিকাশ আৰু বাণিজ্যৰ পথ হিচাপে আভ্যন্তৰীণ জলপথ খণ্ডক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যৰে নদী ক্ৰুজ পৰ্যটনৰ বিকাশৰ বাবে ৪৫,০০০ কোটি টকা বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ (আইডব্লিউডিচি) প্ৰথম সংস্কৰণত দেশৰ আভ্যন্তৰীণ জলপথৰ ক্ষমতা আৰু সাৰ্থকতা বৃদ্ধিৰ লক্ষ্যৰে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ তথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কলকতাত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ বৈঠকত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীদ্বয় শান্তনু ঠাকুৰ আৰু শ্ৰীপদ নায়ক প্ৰমুখ্যে ৰাজ্যসমূহৰ মন্ত্ৰী, প্ৰতিনিধিবৰ্গৰ লগতে নীতি প্ৰস্তুতকৰ্তা আৰু ঔদ্যোগিক খণ্ডৰ নেতৃবৃন্দকে ধৰি বিশিষ্ট অংশীদাৰসকল উপস্থিত থাকি দেশৰ অৰ্থনৈতিক বিকাশ আৰু বাণিজ্যৰ পথ হিচাপে আভ্যন্তৰীণ জলপথ খণ্ডক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যৰে নদী ক্ৰুজ পৰ্যটনৰ বিকাশৰ বাবে ৪৫,০০০ কোটি টকাৰ বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়।এই পৰিমাণৰ ভিতৰত আনুমানিক ৩৫,০০০ কোটি টকা ক্ৰুজ জাহাজৰ বাবে আৰু আন ১০,০০০ কোটি টকা অমৃতকালৰ শেষত অৰ্থাৎ ২০৪৭ চনৰ ভিতৰত ক্ৰুজ টাৰ্মিনেল আন্তঃগাঁথনিৰ বিকাশৰ বাবে ধাৰ্য কৰা হৈছে।পূৰ্বতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ ডিব্ৰুগড়ৰ জাহাজঘাটৰ পৰা কলিকতালৈকে জলপথৰে বিভিন্ন গধুৰ সা সামগ্ৰীৰ লগতে অনান্য সামগ্ৰী আমদানি-ৰপ্তানি কৰা বিষয় উল্লেখ কৰি অৱহেলিত হৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ জলপথক পুণৰজ্জীৱিত কৰা সন্দৰ্ভত তথা অসমৰ সামাজিক,অৰ্থনৈতিক বিকাশ সাধনত সহায়ক হব বুলি আশা ব্যক্ত কৰে সাংবাদিকৰ দলটোৱে।

You might also like