নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লম্পট বিমান ৰয়ৰ নতুন ঠিকনা নলবাৰী জিলা কাৰাগাৰ

নিয়মীয়া বাৰ্তা, ১০ জুলাই : আৰক্ষীৰ বিভাগৰ ইতিহাস কলংকিত কৰি এগৰাকী অসহায় কিশোৰীক বিবস্ত্ৰ কৰি ফটো তোলা ঘগ্ৰাপাৰ থানাৰ পূৰ্বৰ অচি বিমান ৰয়ক আজি আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এনে পৰিস্থিতিত নলবাৰী জিলা কাৰাগাৰৰ আলহী হ’ল কুখ্যাত বিমান ৰয়। উল্লেখযোগ্য যে আজি চাৰি দিনৰ আৰক্ষী জিম্মাৰ ম্যাদ উকলি যোৱাত প্ৰথমতে তেওঁক শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱা হয়।পিছত তেওঁক দুপৰীয়াৰ ভাগত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰা হয় যদিও আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। জানিব পৰা মতে বিমান ৰয়ৰ অধিবক্তাই আজি আদালতত জামিন আবেদন কৰিছিল যদিও আদালতে জামিন আবেদন নাকচ কৰিছে । মন কৰিবলগীয়া যে ৬ জুলাইত নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পলাতক হৈ থকা ঘগ্ৰাপাৰ থানাৰ প্ৰাক্তন অচিগৰাকীক৷ গুৱাহাটীৰ পৰা পলাতক বিমান ৰয়ক উদ্ধাৰ কৰাৰ পিছত জিএমচিএইচত ভৰ্তি কৰা হৈছিল। আৰু তাৰ পৰা নলবাৰী আৰক্ষীয়ে আটক কৰি নলবাৰী সদৰ থানালৈ লৈ আহিছিল। ৭ জুলাইত নলবাৰীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ৪ দিনৰ জিম্মাত দিছিল বিমান ৰয়ক৷
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like