বিশেষ বাৰ্তা, ১১ জুনঃ গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগ কৰি নির্মাণৰত দলংখনৰ কাম–কাজৰ অগ্রগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দলংখনৰ নির্মাণস্থলী পৰিদর্শন কৰে৷ মুখ্যমন্ত্রীয়ে আজি গুৱাহাটীৰ লাচিতঘাটৰ পৰা জাহাজযোগে উত্তৰ–গুৱাহাটীৰ দিশত থকা প্রকল্পস্থলীলৈ যায় আৰু দলংখনৰ লগত জড়িত নির্মাণকাৰী সংস্থাৰ প্রতিনিধি আৰু লোকনির্মাণ বিভাগৰ বিষয়াসকলৰ লগত দলংখনৰ নির্মাণ প্রক্রিয়াৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে৷ উক্ত স্থানত লোকনির্মাণ বিভাগে এক পাৱাৰ পইণ্ট প্রেজেণ্টেশ্যনৰ জৰিয়তে দলংখনৰ বর্তমানলৈকে নির্মাণকার্যৰ অগ্রগতিকে ধৰি বিভিন্ন বিষয় সম্পর্কে মুখ্যমন্ত্রীক অৱগত কৰে৷ ইয়াৰ পিছত উপস্থিত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয় যে বর্তমানলৈকে দলংখনে বিত্তীয় দিশৰ ফালৰ পৰা ৭৩ শতাংশৰ কাম অগ্রগতি লাভ কৰিছে৷ তেওঁ কয় যে দলংখনৰ মুঠ প্রকল্প ব্যয়ৰ প্রায় ২৬০০ কোটি টকাৰ বর্তমানলৈকে ১৯০০ কোটি টকা খৰচ হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে দলংখনৰ নির্মাণকার্যত জড়িত হৈ থকা প্রতিষ্ঠানটোৰ দ্বাৰা নির্মাণ চলি থকা বিহাৰৰ এখন দলং নির্মীয়মান অৱস্থাত ভাঙি পৰা ঘটনাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলংখন নির্মাণৰ ক্ষেত্রত অধিক সতর্কতা অৱলম্বনত গুৰুত্ব প্রদান কৰিছে৷ দলংখনৰ নির্মাণকার্য যাতে উচ্চমান বিশিষ্ট হয় সেই সন্দর্ভত পৰীক্ষণৰ ব্যৱস্থা কৰাৰ লগতে যিকোনো সম্ভাব্য বিপদ–আশংকা দূৰ কৰাৰ দিশত দলংখনৰ নক্সাকে ধৰি বিভিন্ন দিশ সামৰি ভাৰতবর্ষৰ যি কোনো এখন আই আই টিৰ দ্বাৰা পুনৰ এবাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে লগতে সদৰি কৰে যে আগন্তুক বর্ষৰ ভিতৰত দলংখনৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠিব৷ পৰিদর্শনকালত মন্ত্রী পীযুষ হাজৰীকাও উপস্থিত থাকে৷