পলাশবাৰী–শুৱালকুছীৰ মাজত ব্রহ্মপুত্রৰ ওপৰত নতুন দলং, দিল্লীত সাংস্কৃতিক প্রকল্প
নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ বিত্তমন্ত্রী অজন্তা নেওগে শুকুৰবাৰে সদনত দখিল কৰা ২০২১–২২ বিত্তীয় বর্ষৰ বাজেটত বহু নতুন আঁচনি তথা প্রকল্পৰ বিষয়ে ঘোষণা কৰাৰ লগতে পূর্বৰ বহু আঁচনি নতুন ৰূপত সম্প্রসাৰণ কৰিছে৷ সেই অনুসৰি তামুলপুৰত নতুন জিলা এখন গঠন কৰিব৷ প্রবাসী অসমীয়াসকলৰ প্রয়োজনীয়তা পূৰণ কৰাৰ লগতে অসমৰ বাৰেৰহণীয়া সংস্কৃতি প্রদর্শন কৰিবলৈ নতুন দিল্লীত এটা অসম সাংস্কৃতিক প্রকল্প স্থাপন কৰিব৷ গুৱাহাটীৰ পাহাৰসমূহত হোৱা বেদখলৰ বিষয়টো নিষ্পত্তি কৰিবলৈ আৰু পাহাৰসমূহ বেদখলৰ পৰা মুক্ত কৰিবলৈ চৰকাৰে উপযুক্ত ভূমি চিনাক্ত কৰি যোগ্য বিবেচিত ভূমিহীন বেদখলকাৰীক অগ্রাধিকাৰ ভিত্তিত তেনে ভূমিলৈ স্থানান্তৰিত কৰিব৷ ভৱিষ্যতলৈ যাতে আৰু অধিক বেদখল হ’ব নোৱাৰে, তাক ৰুধিবলৈ চৰকাৰী অভিকৰণৰ জৰিয়তে ড্র’ন আৰু আন প্রযুক্তি ব্যৱহাৰ কৰিব৷
গোলাঘাট, ধেমাজি, মৰিগাঁও, বঙাইগাঁও, তামুলপুৰত একোখনকৈ মেডিকেল কলেজ স্থাপন কৰা হ’ব আৰু প্রতিখন মেডিকেল কলেজৰ বাবে বাজেটত ১৬ কোটি টকাকৈ ধার্য কৰিছে৷ সেইদৰে ৰাজ্যখনৰ ১০টা স্থানত পর্যায়ক্রমে ১০টা কমাণ্ডো বেটেলিয়ন গঠন কৰিব৷ এই বেটেলিয়নত কনিষ্টবল তথা উপ পৰিদর্শকসকলক এছ পি জি, এন এছ জি, চি আৰ পি এফ কোব্রা ইত্যাদিৰ দৰে কঠোৰ প্রশিক্ষণ দিয়া হ’ব৷ কমাণ্ডো বেটেলিয়নকেইটা প্রয়োজন অনুসৰি আইন–শৃংখলাজনিত পৰিস্থিতি আৰু প্রতিবিদ্রোহী কার্যকলাপতো নিয়োজিত কৰিব৷ গোৱালপাৰা জিলাত আজগৰ বন্যপ্রাণী অভয়াৰণ্য নামৰ এখন অভয়াৰণ্য ঘোষণা কৰাৰ লগতে ওৰাং ৰাষ্ট্রীয় উদ্যানৰ ভৌগোলিক পৰিসীমা সম্প্রসাৰণ কৰা হ’ব৷ ৮,০৮৬গৰাকী জীৱিকাসখী–বেংকসখী দুচকীয়া বাহন আগবঢ়োৱাৰ লগতে বাহনৰ তেল আৰু চোৱাচিতাৰ বাবদ মাহে ৫০০ টকা ভাট্টা দিয়া হ’ব৷ কার্বি আংলঙত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিব৷ বর্তমানৰ ডিফু চৰকাৰী মহাবিদ্যালয়ক ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সম্ভাৱনাৰ বিষয়টো এইক্ষেত্রত পৰীক্ষা কৰা হ’ব৷ ডিব্রুগড় আৰু শিলচৰত নতুন চিৰিয়াখানা স্থাপন কৰা হ’ব৷
দুর্যোগৰ সন্মুখীন হোৱা বন্যপ্রাণীৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ লগতে অসমত প্রাকৃতিক ঐতিহ্য সংৰক্ষণ কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে৷ চি এছ আৰ ব্যৱস্থাৰ জৰিয়তে এই কেন্দ্রসমূহে জীৱ–জন্তুৰ বিনিময় আৰু প্রতিপালন কার্যসূচী ৰূপায়ণ কৰিব৷ অসম পলিয়েষ্টাৰ সমবায় সমিতি লিমিটেড চমুকৈ এপ’লৰ কর্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়া হ’ব৷ গোৱালপাৰা সৈনিক স্কুলৰ কার্যক্ষম ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব৷ মূলসুঁতিলৈ উভতি অহা এন ডি এফ বিৰ সদস্যসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব৷ শিৱসাগৰৰ ঐতিহ্যৰ সংৰক্ষণৰ বাবে বাজেটত ব্যৱস্থা ৰখা হৈছে৷ সেইদৰে কৰিমগঞ্জ আৰু ধুবুৰী জিলাত বাংলাদেশ সীমান্তত এখনকৈ সীমান্ত হাট খোলা হ’ব৷ ধেমাজিত এটা গাখীৰ সংসাধন প্রকল্প কার্যক্ষম কৰি তোলা হ’ব৷
অসম আন্দোলনৰ শ্বহীদসকলৰ প্রতিটো পৰিয়ালক ৫ লাখ টকাৰ এককালীন অনুদান প্রদান কৰাৰ লগতে গুলীত আহত হোৱা প্রতিজন লোকক ২ লাখ টকাৰ এককালীন অনুদান প্রদান কৰিব৷ সেইদৰে অসম আন্দোলনৰ ভুক্তভোগীসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ পুনৰ সংস্থাপন অথবা অন্যান্য লাভালাভসমূহ প্রদান কৰিবৰ বাবে পৰিকল্পনা আৰু আঁচনি প্রস্তুত তথা নির্ধাৰণ কৰিবলৈ এটা ন্যাস স্থাপন বিবেচনা কৰা হৈছে৷ আন্তঃৰাজ্যিক সীমান্তত ৫০টা নতুন সীমান্ত আৰক্ষী চকী স্থাপন কৰা হ’ব৷ সীমান্ত অঞ্চলত আগশাৰীত নিয়োজিত সুৰক্ষা কর্মীসকললৈ সন্মানসূচক হিচাপে এমাহৰ দৰমহা প্রদান কৰা হ’ব৷ সমবায় বিভাগে নাবার্ডৰ পৃষ্ঠপোষকতাত আৰ আই ডি এফৰ আঁচনিৰ অধীনত গ্রাম্য ভঁৰাল নির্মাণ কৰিব৷ তদুপৰি শিলঘাটস্থিত অসম মৰাপাট কলক পুনৰুজ্জীৱিত কৰাৰ বাবে বাজেটত ৮ কোটি টকাৰ প্রস্তাৱ ৰাখিছে৷ সাংস্কৃতিক পৰিক্রমা বিভাগে ১০খন জিলাত সাংস্কৃতিক বিকাশ আৰু গৱেষণা কেন্দ্র, তেজপুৰত অসমৰ সাংস্কৃতিক জগতৰ চাৰিগৰাকী পুৰোধা ব্যক্তিৰ নামত উৎসর্গিত সংগ্রহালয় প্রকল্প, শদিয়াত ভীমবৰ দেউৰী সমন্ব ক্ষেত্র নির্মাণ, শিৱসাগৰত তাই সংগ্রহালয়ৰ নৱীকৰণ তথা আধুনিকীকৰণ আৰু তেজপুৰত জ্যোতি ভাৰতী স্থাপন কৰা হ’ব৷ আলাবৈ, দদৰা আৰু চৰাইদেউ প্রত্নতাত্ত্বিক ক্ষেত্রৰ উন্নয়নৰ পদক্ষেপ গ্রহণ কৰিছে৷ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যৰ চূড়ান্ত তালিকাত চৰাইদেউ প্রত্নতাত্ত্বিক ক্ষেত্রক অন্তর্ভুক্ত কৰাৰ উদ্যোগ গ্রহণৰ লগতে শিৱসাগৰত এটা বৈশিষ্ট্যপূর্ণ ঐতিহ্যৰ সংগ্রহালয় স্থাপন কৰা হ’ব৷ সেইদৰে শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে বাজেটত তিনি কোটি টকাৰ প্রস্তাৱ ৰখা হৈছে৷ ডিব্রুগড়ত এখন কলাক্ষেত্র স্থাপন হ’ব৷
শিক্ষা খণ্ডত ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ সকলো ছাত্রীলৈ ছেনিটেৰী নেপকিন প্রদান কৰা হ’ব৷ অনলাইন প’র্টেলৰ মাধ্যমত শিক্ষকৰ বদলি আৰু নিয়োগ যুক্তিসংগতভাৱে কৰিবলৈ এটা ছফ্টৱেৰ প্রস্তুত কৰা হ’ব৷ নতুনকৈ স্থাপন কৰা ৭খন জিলাত এক একক প্রশাসনিক ব্লক হিচাপে সংহত বিদ্যালয় পৰিদর্শনকাৰী আৰু জিলা প্রাথমিক শিক্ষা বিষয়াৰ কার্যালয় নির্মাণ কৰা হ’ব৷ ভিতৰুৱা অঞ্চলত কর্মৰত শিক্ষক–শিক্ষয়িত্রীৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰিবলৈ শিক্ষকসকলক কোৱার্টাৰ আৰু হোষ্টেল প্রদান কৰা হ’ব৷ পাৰদর্শী কাৰিকৰী কর্মী পাবলৈ চলিত বছৰতে অভিযান্ত্রিক সেৱা নিযুক্তি প্রাধিকীকৰণ গঠন কৰা হ’ব৷ ইপিনে সংৰক্ষিত বনাঞ্চলত নিয়োজিত প্রথম শাৰীৰ বন কর্মচাৰীসকলক মাহিলি দুহাজাৰ টকাৰ ৰেচন ভাট্টা দিয়া হ’ব৷ পুডুচেৰীত এটা অসম ভৱন নির্মাণ কৰা হ’ব৷ জনতা ভৱনৰ তৃতীয় আৰু চতুর্থবর্গৰ কর্মচাৰীসকলৰ বাবে ৰুক্মিণী গাঁৱৰ ওচৰত দুটা আৱাসিক ভৱন নির্মাণ কৰা হ’ব৷ জনতা ভৱনত কর্মচাৰীসকলৰ বাবে এটা সমবায় ডিপার্টমেণ্টেল ষ্ট’ৰ স্থাপন কৰা হ’ব৷ হস্ততাঁত–বস্ত্রশিল্প বিভাগে চেন্নাই, কলকাতা, শ্বিলং আৰু মুম্বাইত থকা অসম ভৱনত নতুন এম্প’ৰিয়াম স্থাপন কৰিব৷
উদ্যোগ বিভাগে শিলচৰ–বঙাইগাঁও–ত্ আৰু ডিব্রুগড়ত ‘নেন’ ইনকুবেচন চেণ্টাৰ’ স্থাপন কৰিব৷ তথ্য আৰু জনসংযোগ বিভাগে অসমৰ এক্রিডিয়েটেড আৰু স্বীকৃতিপ্রাপ্ত সাংবাদিকসকলৰ মেধাৱী সন্তানসকলৰ বাবে এককালীন বিত্তীয় অনুদান প্রদান কৰিব৷ মাধ্যমিক শিক্ষা পৰিষদ বা কেন্দ্রীয় ব’ডৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্র–ছাত্রীসকললৈ ৩০ হাজাৰ টকাকৈ প্রদান কৰিব৷ একেদৰে মাধ্যমিক শিক্ষা সংসদ আৰু কেন্দ্রীয় ব’ডৰ অধীনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্র–ছাত্রীসকলক ৫০ হাজাৰ টকাকৈ প্রদান কৰিব৷ সংবাদ প্রতিষ্ঠানক বিজ্ঞাপনৰ বিলবোৰ চিলিংমুক্ত কৰা হ’ব৷ সেইদৰে নামৰূপত এটা ১০০ মেগাৱাট ক্ষমতাসম্পন্ন শক্তি প্রকল্প স্থাপন কৰা হ’ব৷ লোকনির্মাণ (পথ) বিভাগে পলাশবাৰী আৰু শুৱালকুছি সংযোগী ব্রহ্মপুত্রৰ ওপৰত দলং নির্মাণ কৰিব৷ গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী ব্রহ্মপুত্রৰ দলংখন ২০২৩ৰ আগষ্ট মাহৰ ভিতৰত সম্পূর্ণ উঠিব৷ ক্রীড়া বিভাগে সকলো জিলা আৰু মহকুমা সদৰত এটাকৈ ছুইমিং পুল আৰু একোটাকৈ মিনি জিম স্থাপন কৰিব৷ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ আর্হিত চাহ জনজাতি সমাজখন গঠিত কৰা ১০০টাতকৈও অধিক গোটৰ সাংস্কৃতিক পৰম্পৰা, কলা আৰু ঐতিহ্যৰ সংৰক্ষণ আৰু প্রদর্শনৰ বাবে আদিবাসী আৰু চাহ জনগোষ্ঠী সমন্বয় কলাক্ষেত্র স্থাপন কৰা হ’ব৷
জল পৰিবহণৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম জাহাজ পৰিবহণ কোম্পানী অসম বন্দৰ কোম্পানী নামৰ দুটা কোম্পানী স্থাপন কৰা হ’ব৷ সেইদৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক মাহে আগবঢ়োৱা সাহায্যৰ পৰিমাণ ৮৩০ টকাৰ পৰা এহাজাৰ টকালৈ বৃদ্ধি কৰাৰ লগতে নতুনকৈ ৬.৩৬ লাখ হিতাধিকাৰীক অন্তর্ভুক্ত কৰিব৷ ভিক্ষা মাগি জীৱন নির্বাহ কৰা নিঃস্ব তথা গৃহহীন বা মানসিক বিকাৰগ্রস্ত, পথৰ দাঁতিৰ বস্তি এলেকাত বাস কৰা লোকসকল খাদ্য সুৰক্ষা আইনে সামৰি নোলোৱাৰ পৰিপ্রেক্ষিতত সেইসকল নিপীড়িত অসহায় লোকক আইনখনৰ আওতালৈ অনাৰ লগতে ক্ষুধা নিবাৰণৰ লগতে দৰিদ্র নিশ্চিত আঁচনি নামেৰে এখন আঁচনি আৰম্ভ কৰিব৷ প্রতিষ্ঠিত স্বেচ্ছাসেৱী সমাজৰ সৈতে অংশীদাৰিত্বত সেই সকলো শ্রেণীৰ লোকক বিনামূলীয়া ৰন্ধন আহাৰ যোগান ধৰা হ’ব৷ খেতিয়কসকলক আত্মনির্ভৰশীল কৰি তোলাৰ বাবে কৃষি আয়োগ গঠন কৰিব৷ সেইদৰে ডিজিটেল ব্যৱস্থাৰ বৈষম্য আঁতৰ কৰাৰ বাবে চৰকাৰে নৱম–দশম শ্রেণীৰ ছাত্র–ছাত্রীসকলক ম’বাইল ফোন যোগান ধৰিব৷ এই আঁচনিখনে এক লাখ ছাত্র–ছাত্রীক উপকৃত কৰিব৷ একেদৰে এহাজাৰটা স্বাস্থ্য উপকেন্দ্রক হাস্পতাললৈ ৰূপান্তৰ কৰিব৷