বাৰ্তা ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰঃ ৰাজ্যখনৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ ন্যায্য প্ৰাপ্তিৰ হকে জন্মলগ্নৰে পৰা মাত মাতি অহা অসম বাৰ্তাজীৱী সংঘৰ ২০২৪-২৫ বৰ্ষৰ সাংগঠনিক নিৰ্বাচন কালি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। ৰাজ্যখনৰ সাংবাদিকসকলৰ অন্যতম শক্তিশালী তথা প্ৰধান সংগঠনটোৰ সাংগঠনিক নিৰ্বাচনত ৰাজ্যখনৰ ২১খন জিলাৰ সাংবাদিকসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। কালি পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত উক্ত নিৰ্বাচনৰ ফলাফল আজি পুৱা ৪.৩০ বজাত ঘোষণা কৰা হয়। এই নিৰ্বাচনত সংঘৰ সভাপতি পদৰ প্ৰাৰ্থী মধুসূদন মেধিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী টুটুমণি ফুকনক ৯৫টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিৰ্বাচিত হয়। মধুসূদন মেধিয়ে ৩৬৬ ভোট লাভ কৰাৰ বিপৰীতে টুটুমণি ফুকনে লাভ কৰে ২৭১টা ভোট। সেইদৰে উপ-সভাপতি পদৰ প্ৰাৰ্থী অঞ্জন কুমাৰ শৰ্মাই তেওঁৰ প্ৰতিদ্বন্দ্বী মণি মহন্তক ১৬২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। অঞ্জন কুমাৰ শৰ্মাই ৩৯৬টা ভোট লাভ কৰাৰ বিপৰীতে মণি মহন্তই লাভ কৰে ২৩৪টা ভোট। সংঘৰ সাধাৰণ সম্পাদক পদত বৰ্তমানৰ সম্পাদক মুকুট ৰাজ শৰ্মাই ৪০৬টা ভোট লাভ কৰি একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী জগদীশ পাটগিৰীয়ে লাভ কৰে ২৪০টা ভোট। নিৰ্বাচনত অসম বাৰ্তাজীৱী সংঘৰ ১৫জনীয়া সমিতিৰ কোষাধ্যক্ষ নৱনীতা কলিতা, সাংগঠনিক সম্পাদক বশিষ্ঠ দেৱ ফুকন, প্ৰচাৰ সম্পাদক অখিল কলিতা আৰু হেমন্ত বৰ্মন কাৰ্যালয় সম্পাদক নিৰ্বাচিত হয়। সংঘৰ ৮গৰাকী কাৰ্যনিৰ্বাহক সদস্যৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ১৫গৰাকী প্ৰাৰ্থীৰ ক্ৰমে প্ৰদীপ বৰ্মন, ভাস্কৰ শৰ্মা, যতীন ভাগৱতী, ভুৱন চেতিয়া, অশ্বিনী কুমাৰ দুৱৰা, প্ৰশান্ত কুমাৰ মোদক, সোনাধৰ ডেকা আৰু তৰণী চৰণ কলিতা নিৰ্বাচিত হয়। জ্যেষ্ঠ সম্পাদক অতুল্য মাধৱ গোস্বামীৰ নেতৃত্বত এই নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰে ক্ৰমে পংকজ কলিতা, সমীন্দ্ৰ ডেকা, হৰেকৃষ্ণ ডেকা, নৰেন্দ্ৰ কুমাৰ গোস্বামী, হেমন্ত তামুলী, ধৰ্মেন্দ্ৰ তামুলী, পংকজ বৈশ্য,অংকুৰ জ্যোতি শৰ্মা আৰু তপন শৰ্মাই।