নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনকৈ ক’ভিডত আক্রান্ত ৪,৩০৯জনঃ মৃত ৪৬

ৰাজ্যত আক্রান্তৰ হাৰ ৪.০২ শতাংশ

নিয়মীয়া বাৰ্তা ৪ জুনঃ ৰাজ্যত অব্যাহত আছে ক’ৰোনাৰ সংক্রমণ৷ বৃহস্পতিবাৰে ৰাজ্যত ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ৪,৩০৯জন৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১,০৭,০৭৫ট নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ ক’ভিডৰ আক্রান্তৰ হাৰ হৈছে ৪.০২ শতাংশ৷ নতুনকৈ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৩৮৬জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি তিনিচুকীয়াৰ ৩৪৭জন, কাছাৰৰ ৩১৮জন আৰু শোণিতপুৰৰ ২৭৫জন লোক ক’ভিডত আক্রান্ত হৈছে৷ সমান্তৰালভাৱে ক’ভিডত  মৃত্যু ঘটিছে ৪৬জন লোকৰ৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি মৃত্যু হোৱা লোকসকলৰ সর্বাধিক ৮জন তিনিচুকীয়া জিলাৰ৷ একেদৰে ডিব্রুগড়ৰ ৬জন, কামৰূপ মহানগৰৰ ৫জন, মৰিগাঁও–নগাঁও–শোণি ৪জনকৈ, যোৰহাটৰ ৩জন, কাছাৰ–নলবাৰীৰ দুজনকৈ, চৰাইদেউ–দৰং–ধুবুৰ্ ১জনকৈ লোকৰ মৃত্যু ঘটিছে৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৫২৩জনলৈ বৃদ্ধি পালে৷ বৃহস্পতিবাৰে সুস্থ হোৱা ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৪,৭৯০জন৷ সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা লোকৰ সংখ্যা হৈছে ৫০,৩৫৪জন৷
দেশত ৩৫ দিনৰ মূৰত এদিনৰ মৃতকৰ সংখ্যা ৩ হাজাৰৰ তললৈ নামিল
কালিৰ তুলনাত দেশজুৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা সামান্য বৃদ্ধি হ’লেও মৃতকৰ সংখ্যা হ্রাস পাইছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ১,৩৪,১৫৪জন হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা হৈছে ২,৮৮৭জন৷ তাৎপর্যপূর্ণ যে বিগত ৩৫ দিনৰ মূৰকত মৃতকৰ সংখ্যা এদিনত তিনি হাজাৰৰ তললৈ নামিল৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য মতে যোৱা ২৪ ঘণ্টাত ১.৩৪ লাখ লোক আক্রান্ত হৈছে৷ ইয়াকে লৈ আক্রান্তৰ সংখ্যা ২,৮৪,৪১,৯৮৬জনলৈ বৃদ্ধি পাইছে৷ তেনেদৰে যোৱা ২৪ ঘণ্টাত ২,৮৮৭জন লোকে প্রাণ হেৰুওৱাত মৃতকৰ সংখ্যা ৩,৩৭,৯৮৯জনলৈ বৃদ্ধি পাইছে৷ ইপিনে, বিগত পষেক ধৰি আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে৷ যোৱা ২৪ ঘণ্টাত ২,১১,৪৯৯জন লোক সুস্থ হৈ উঠিছে৷ ইয়াকে লৈ দেশজুৰি সুস্থ হোৱা লোকৰ সংখ্যা ২,৬৩,৯০,৫৮৪জনলৈ বৃদ্ধি পাইছে৷ দেশত সুস্থতাৰ হাৰ ৯২.৭ শতাংশ৷

আনপিনে, যোৱা ২৪ ঘণ্টাত ২১,৫৯,৮৭৩জন লোকৰ ক’ভিড–১৯ পৰীক্ষণ সম্পন্ন কৰাত দেশজুৰি মুঠ ক’ভিড পৰীক্ষণৰ সংখ্যা ৩৫,৩৭,৮২,৬৪৮জনলৈ বৃদ্ধি পালে৷ ঠিক তেনেদৰে যোৱা ২৪ ঘণ্টাত ২৪,২৬,২৬৫ ভেকচিন ড’জ প্রদান কৰাত ভেকচিন প্রদানৰ সংখ্যা ২২,১০,৪৩,৬৯৩লৈ বৃদ্ধি পাইছে৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি মহাৰাষ্ট্র, দিল্লী, ছত্তিশগড়, পঞ্জাব, ঝাৰখণ্ড, উত্তৰ প্রদেশকে ধৰি ১৩খন ৰাজ্যত ক্রমাগতভাৱে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা হ্রাস পোৱাৰ লগতে মৃতকৰ সংখ্যাও হ্রাস পাই আহিছে৷ আনপিনে বিহাৰ, ৰাজস্থান, হাৰিয়ানা, তামিলনাডু, অন্ধ্রপ্রদেশ, কর্ণাটক, পশ্চিমবংগ আদি ৰাজ্যত দৈনিক আক্রান্তৰ সংখ্যা বর্ধিত হৈ আছে৷ মন কৰিবলগীয়া যে যোৱা ২৪ এপ্রিলত ২৫ সহস্রাধিক লোক আক্রান্ত হোৱা দেশৰ ৰাজধানী দিল্লীত যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে চাৰি শতাধিক লোক৷ ৰাজধানী চহৰখনত পজিটিভিটীৰ হাৰ ০.৭২লৈ নিম্নগামী হৈছে৷ মহাৰাষ্ট্রতো যোৱা ২৪ এপ্রিলত ৬৫ সহস্রাধিক লোক আক্রান্ত হৈছিল৷ উত্তৰাখণ্ডত ক’ভিড–১৯ত আক্রান্ত হোৱা ২,৩৮২জন আৰক্ষীৰ লোকৰ ভিতৰত ৯৩ শতাংশই ভেকচিনৰ দুয়োটা ড’জ লৈছিল৷

ইয়াকে লৈ ভেকচিনৰ ফলপ্রসূতাক লৈও সন্দেহৰ সৃষ্টি হৈছে৷ তথ্য মতে, ৰাজ্যখনত ক’ভিড–১৯ ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পাছতো দুই সহস্রাধিক আৰক্ষীৰ লোক মহামাৰী ভাইৰাছটোত আক্রান্ত হৈছে৷ তদুপৰি আৰক্ষীৰ পৰিয়ালৰ ৭৫১জন লোকো ক’ভিড–১৯ত আক্রান্ত হৈছে৷ পাঁচজন আৰক্ষীৰ জোৱানে প্রাণ হেৰুওৱাৰ বিপৰীতে ৬৪ পৰিয়ালৰ সদস্যই ইতিমধ্যে মহামাৰী ভাইৰাছটোত প্রাণ হেৰুৱাইছে৷ সম্প্রতি ৰাজ্যখনত আক্রান্তৰ সংখ্যা ১৫ হাজাৰৰ তললৈ নিম্নগামী হৈছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংহাৰ চলি থকাৰ সময়তে ভেকচিনৰ নাটনিও অব্যাহত আছে৷ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ভেকচিন ক’ভিশ্বিল্ড দেশজুৰি প্রদান কৰি থকা হৈছে৷

কোম্পানীটোৱে এতিয়া ভাৰতত ৰাছিয়াৰ ক’ভিড–১৯ ভেকচিন স্পুটনিক ভি উৎপাদনৰ পৰিকল্পনা কৰিছে৷ সেই লৈ ইতিমধ্যে কোম্পানীটোৱে ডি চি জি আইক আবেদন জনাইছে৷ মন কৰিবলগীয়া যে স্পুটনিক ভি ভেকচিন বিশ্বজুৰি উৎপাদনৰ বাবে ৰাছিয়াৰ আৰ ডি আই এফে ১০টাতকৈ অধিক কোম্পানী ইয়াৰে ভিতৰত ৬টা ঔষধ প্রস্তুত কোম্পানীও আছে৷ ভাৰতৰ এই ঔষধ প্রস্তুত কোম্পানীকেইটা হৈছে ডাঃ ৰেড্ডিজ লেবৰেটেৰিজ, গ্লেণ্ড ফার্মা, হিটেৰ’ বায়’ফার্মা, পেনাচিয়া বায়’টেক, ষ্টেলিছ বায়’ফার্মা আৰু ভিৰচৌ বায়’টেক৷ এই কোম্পানীকেইটাৰ পাছত ছিৰাম ইনষ্টিটিউটে স্পুটনিক ভি ভাৰতত উৎপাদনৰ বাবে আবেদন জনাইছে৷ আনপিনে, শীঘ্রেই দেশত বায়’লজিকেল ই ক’ভিড ভেকচিন উপলব্ধ হ’ব বুলি কেন্দ্রীয় চৰকাৰে ঘোষণা কৰিছে৷ চৰকাৰী শীর্ষ সূত্রই প্রকাশ কৰা মতে ঔষধ প্রস্তুত কোম্পানী বায়’লজিকেল ইৰ সৈতে কেন্দ্রীয় চৰকাৰে ৩০০ নিযুত ভেকচিন ড’জৰ বাবে চুক্তিবদ্ধ হৈছে৷ এই ভেকচিনটোৰ ইতিমধ্যে তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণ চলি আছে৷ পৰৱর্তী দুই–এমাহৰ ভিতৰতে বায়’লজিকেল ই ক’ভিড ভেকচিন দেশত উপলব্ধ হ’ব বুলি স্বাস্থ্য মন্ত্রালয়ে বিবৃতিত প্রকাশ কৰিছে৷

You might also like