নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন শিক্ষানীতিৰ সন্দৰ্ভত কি ক’লে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

  নিয়মীয়া বাৰ্তা ১ আগষ্টঃ নতুন ৰাষ্ট্ৰীয় নীতিৰ ওপৰত শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ  সংবাদ মেল।

  • ঐতিহাসিক ঘোষণা আখ্যা শিক্ষা মন্ত্ৰীৰ।
  • দ্বাদশ শ্ৰেণীলৈ বাধ্যতা মূলক শিক্ষাক মান্যতা। চাৰিটা স্তৰত বিভক্ত হ’ব নতুন শিক্ষা নীতি। প্ৰাথমিকৰ পৰা মাধ্যমিকলৈ ৪ টা স্তৰত বিভক্ত।
  • ৩+৪+৫ শ্ৰেণীবদ্ধ শিক্ষাৰ নতুন নামাকৰণ।
  • পূৰ্বৰ ৩ য়, ৪ ৰ্থ, ৫ম এতিয়া ৬ষ্ঠ, ৭ম, ৮ম বুলি ধৰা হ’ব। পঞ্চম শ্ৰেণীলৈ মাতৃভাষা বাধ্যতামূলক।
  • স্নানতকৰ চাৰিটা বৰ্ষ বাধ্যতা মূলক নহয়।
  • স্নাতকৰ ১ম বৰ্ষত এৰিলে দিয়া হ’ব চাৰ্টিফিকেট। ২ য় বৰ্ষ এৰি গলে দিয়া হ’ব ডিপ্লমা।
  • ৩য় বৰ্ষ সম্পূৰ্ণ কৰিলে দিয়া হ’ব ডিগ্ৰী।
  • চতুৰ্থ বৰ্ষ সম্পূৰ্ণ কৰিলে পাব গৱেষণা ডিগ্ৰী।
  • অহা জানুৱাৰী মাহত ব্লু প্ৰিণ্ট তৈয়াৰ কৰা হ’ব।
  • ব্লু প্ৰিণ্ট মতে ৰূপায়ণ ৰাষ্ট্ৰীয় শিক্ষা নীতি।
  • নতুন যুৱক-যুৱতী জড়িত হব শিক্ষা বিভাগৰ সৈতে।
  • ৪০ জনীয়া কমিটীয়ে দিব অধিসূচনা।
You might also like